বন্ধুত্ব

©Admin
0
মনৰ চিনাকি মোৰ তুমি
ৰঙিণ আৱেলি পাওঁ তোমাৰ সৈতে থাকি ।

মধুৰ জোনাকত তোমাৰ লগত হয় মোৰ কথা
ধেমালিৰ সুৱাসত দুয়ো উটি ভাহি থকা ।

বন্ধুত্বৰ এনাজৰীক যুগমীয়া কৰিব খোজা
আমাৰ বন্ধুত্ব সুখৰ নাম সচা । 

লগত খেলি ধুলি ডাঙৰ হোৱা  
নিজৰ দৰে বন্ধুক বিশ্বাস কৰা ।

একেখন কাঢ়িত ভাত খাই ভাল পোৱা
অকলে গ'লে লগৰী কি হ'ল আনে সুধা ।

পোৱা ওঠি খবৰ লব খোজা
এদিন নহ'লে হয় দীন দীঘলীয়া ।

নিজে হাজাৰ কথা কয় আনক কব নিদিয়া
বন্ধুত্ব এইয়া সচা হয় যুগমীয়া ।

এপাচি সাকত এটা জালুক হয় কাম নাইকীয়া
বন্ধুৰ অবিহনে জীৱনটো হয় আধৰুৱা ।

শ্ৰীমতী ৰিমকি চুতীয়া (ধেমাজি, চিচিবৰগাওঁ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)