অনাকাংক্ষিত অধ্যায়-১৫

Rinku Rajowar
0
প্ৰায় ১বছৰৰ পিছত......

'ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্নেলিজিম এণ্ড নিউমেডিয়া' চমুকৈ 'IIJNM' বাংগালোৰত অৱস্থিত এখন সুপ্ৰতিষ্ঠিত শিক্ষানুষ্ঠান।এই শিক্ষানুষ্ঠানতে এটা পি জি কৰ্চত অধ্যয়ন কৰি আছে পখী হাজৰিকাই।আজি তাই ক'ৰ্ছৰ কেইজনমান সহপাঠীৰ লগত গোৱাত অনুষ্ঠিত হোৱা 'International film festival of India'লৈ আহিছে।তাৰপৰা এটা প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব পখীহঁতে। সেইকাৰণে তাই ফিল্ম ফেষ্টিভেললৈ যাবলৈ ঘৰৰ পৰা আহোঁতে লৈ অহা ক'লা-ৰঙা সংমিশ্ৰণৰ মেখেলা চাদৰযোৰ পিন্ধি ল'লে। তাৰপিছত সম্পূৰ্ণ তৈয়াৰ হৈ আইনাৰ সন্মুখত ৰৈ পখীয়ে আকৌ এবাৰ নিজকে চাই ল'লে।'perfect,just perfect'নিজকে কোৱাদি কৈ তাই অজানিতে হাঁহি উঠিল।পুৰণি এৰি অহা দিনবোৰ পাহৰি নতুনক আদৰাৰ এয়া প্ৰয়াস তাইৰ।ঘৰৰ পৰা আহিবৰ সময়ত গৌৰীয়ে কোৱা কথাষাৰ তাইৰ মনলৈ আহিল "পখী বা, জীৱনত নতুন দিশেৰে আগবাঢ়ি যাওঁতে দুখৰ পুৰণি কথাবোৰ পাহৰিবলৈ যত্ন কৰিবা। মাথোঁ সদায় অতীতৰ ভাল স্মৃতিবোৰক সাবটি আগুৱাই যাবলৈ চেষ্টা কৰা।"
    জীৱনাদিত্য,তাইৰ প্ৰেম,ভালপোৱা এই সকলোবোৰ আজি তাইৰ বাবে অতীত।এইবোৰ বাদ দি জীৱনটো নতুনকৈ সজাবলৈ যত্ন কৰিছে তাই।এনেতে তাইৰ লগৰ,কলকাতাৰ জীয়ৰি জিয়াই মাত লগালেহি," পখী,আপ ৰেডী হে য়া নহী?"
"হা জিয়া।মে ৰেডি হুঁ।"
"দেন লেটছ গ'"
তাৰপিছত দুইজনী যাবলৈ সাজু হ'ল।পখীয়ে লৰালৰি কৰি তাইৰ পানী বটল ,নোটবুক আৰু  কলম ডাল তাইৰ সৰু বেগটোত ভৰাই ল'লে।সিহঁতৰ বাকীকেইজন সতীৰ্থ হোটেলৰ বাহিৰত ৰৈ জিয়া আৰু পখীৰ বাবে অপেক্ষা কৰি আছিল।IIJNMৰ বাকী শিক্ষাৰ্থীসকলেও সাতজনকৈ ভাগ হৈ বেলেগ বেলেগ কামৰ প্ৰতিবেদন প্ৰস্তুত কৰিবৰ বাবে গৈছে।পখীহঁতৰ গ্ৰুপটোৰ ভাগত পৰিল"International film festival of india"ৰ প্ৰতিবেদন প্ৰস্তুত কৰা।পখী,জিয়া,অংকিত,ৰাহুল,নাজনিন,মেৰিন,বৈভৱ একেলগে  ৰাওনা  হ'ল ফিল্ম ফেষ্টিভেললৈ।
  অডিটৰীয়ামৰ বাহিৰত IIJNMৰ গ্ৰুপটোৱে নিজৰ নিজৰ identity card দেখুৱাৰ পিছত ভিতৰলৈ যোৱাৰ অনুমতি পালে।সকলো অডিটৰীয়ামৰ ভিতৰলৈ সোমাই গ'ল।বহু গণ্য মান্য ব্যক্তিৰ সমাহাৰ ঘটিছে অনুষ্ঠানটোত।এই ফিল্ম ফেষ্টিভেলত চুটি ছবি,ডকুমেণ্টৰী,আঞ্চলিক ভাষাৰ বিভিন্ন ছবি প্ৰদৰ্শিত কৰা হয়।পখীৰ হঠাত প্ৰানজিতৰ ডকুমেণ্টৰী খনৰ কথা মনত পৰিল।তাৰো ডকুমেণ্টৰী খন যদি ইয়াত প্ৰদৰ্শিত কৰিব পৰা হ'লে!!....এইবোৰ ভাবি থাকোতেই হঠাত তাইক কোনোবাই মতা নিচিনা পালে।কোনে মাতিছে বুলি পিছলৈ ঘূৰি চাওঁতে দেখা পালে এজন  ওখ পাখ ল'ৰা।তাই পিছলৈ ঘূৰি চোৱাৰ পিছত ল'ৰা জনে আকৌ তাইক মাতিলে
"Excuse me, are you from Assam??"
"Yes.But why are you asking me? "
"Actually i am also from Assam.By the way can we talk in assamese??"
"yeah, sure. "
"আপুনি ইয়াত কেনেকৈ??"
"মোক তুমি বুলি ক'লেও হ'ব।মই বাংগালোৰৰ IIJNMৰ শিক্ষাৰ্থী হয়।ইয়াত আমি IIJNM তৰফৰ পৰা এটি গ্ৰুপ আহিছো film festivalৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ।পিছে আপুনি?"
"মোকো তুমি বুলি ক'লেই হ'ব দিয়াছোন।মই এজন গ্ৰাফিক্স ডিজাইনাৰ হয়।"
"আচ্ছা...পিছে তুমি কেনেকৈ গম পালা যে মই অসমৰ হয়?"
"তুমি পিন্ধা এই সাজযোৰৰ পৰা।মেখেলা চাদৰযোৰে আজি তোমাৰ লগত কথা নপতাৰ আগতেই তোমাৰ পৰিচয় দিয়ালে।"
"হা হা হা...পিছে তোমাৰ নামটো?"
"আশুতোষ জৈন।আৰু তোমাৰ?"
"মই পখী হাজৰিকা।পিছে অডিটৰীয়ামত বেছি ভিৰ নলগাৰ আগতেই নিজ নিজ আসন গ্ৰহণ কৰাটো ভাল হ'ব নেকি বাৰু।"
"yes..you are right.Then see you later.bye"
"বাই"
  হাঁহিমুখীয়া ল'ৰাজনে হেণ্ডচেক কৰি পখীৰ পৰা বিদায় ল'লে।পখীও আহি লগৰ কিজনৰ লগত নিজৰ স্থানত বহিলহি।তাৰপিছত সেইদিনা প্ৰদৰ্শিত হোৱা কেইবাখনো আঞ্চলিক ভাষাৰ চুটি ছবি,ডকুমেণ্টৰী ছবি চাই গৈ থাকিল।প্ৰত্যেকখন ছবিত নিজ নিজ ঠাইৰ ভিন্ন কাহিনী,ভিন্ন তথ্য প্ৰদৰ্শিত হৈছিল।প্ৰানজিতৰ ডকুমেণ্টৰী খনৰ কথা তাইৰ আকৌ মনলৈ আহিল।সেই ডকুমেণ্টৰী খন ইয়াত দেখুৱাব পৰা হ'লে কিমান ভাল হ'লহেঁতেন!অসমৰ আপুৰুগীয়া প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য সমূহক শতাধিক মানুহে একেলগতে উপভোগ কৰিব পাৰিলহেঁতেন।এইক্ষেত্ৰত তাই যদি প্ৰানজিতক সহায় কৰিব পাৰিল হয়!!ইতিমধ্যে film festivalৰ প্ৰথম দিনৰ কাৰ্যসূচীসমূহ লাহে লাহে অন্তিম পৰ্যায়লৈ আগবাঢ়িছে।অনুষ্ঠানটি শেষ হোৱাৰ পিছত অডিটৰীয়ামৰ পৰা ওলাই আহোঁতে তাই পুনৰ আশুতোষক লগ পালে।
"কেনে পালে হাজৰিকা প্ৰথম দিনৰ অনুষ্ঠান?"
"ভাল লাগিল।এইটো মোৰ বাবে এটা প্ৰথম আৰু নতুন অভিজ্ঞতা।"
"হয় নেকি।পিছে তুমি ইয়াত ক'ৰবাত থাকি লৈছা?"
"ওমম..আমি ইয়াত হোটেলতে থাকি লৈছো গোটেইকেইজন।তুমি পিছে?"
"মইও film festival কেইদিন ইয়াতে থাকি লৈছো।এনেই মই মুম্বাইৰ ফ্লেটত থাকি কাম-কাজবোৰ কৰোঁ।আচলতে কি জানা পখী,অসমৰ বাহিৰত অসমৰ মানুহবোৰ লগ পালে অসমীয়াত কথা পাতিবলৈ পালে বৰ ভাল লাগে।পিছে,বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিবা নেকি?চিনি পালো যেতিয়া এইকেইদিন লগ পাম আৰু নে কি কোৱা?"
"অ' নিশ্চয়। ফোন নম্বৰটো কৈ দিছো চেভ কৰি ল'ব।৯৭০.....।পিছত আকৌ লগ পাম তেনেহ'লে।আমাৰো হোটেললৈ যোৱাৰ সময় হ'ল মানে।"
"ঠিক আছে।যাবা তেন্তে।"
    পখী হঁত যোৱাৰ পিছত আশুতোষো নিজৰ হোটেলৰ ফালে আগবাঢ়িল।বহুদিনৰ মূৰত সি কাৰোবাৰ লগত বহুদেৰী অসমীয়াত কথা পাতিলে।মাক-দেউতাকৰ লগত অসমীয়াত পাতে যদিও সেয়া খুব কমকৈহে পাতে,বেছিভাগ হিন্দীতেই পতা হয়।যদিও সি এটা অনা অসমীয়া ল'ৰা;সৰুৰপৰা অসমতে ডাঙৰ দীঘল হোৱা বাবে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি তাৰ আকুলতা বেছি।সহজ সৰল,থলুৱা মানুহখিনিৰ সৈতে তাৰ পৰিয়ালৰ আপোন সম্পৰ্ক আছে।সকলোৰে বেলেগ বেলেগ নিজস্ব ভাষা সংস্কৃতি আছে যদিও ইজনে আনজনৰ সংস্কৃতিক সন্মান কৰে।
   পখী আৰু আশুতোষৰ চিনাকী পৰ্বও অনাকাংক্ষিতভাৱেই ঘটিল।এই অনাকাংক্ষিত চিনাকীয়ে কিবা নতুন এক কাহিনীৰ উত্তৰণ ঘটাব নেকি বাৰু!!পখীয়ে আশুতোষৰ লগত প্ৰানজিতৰ ডকুমেণ্টৰী খনৰ কথা পাতিব পাৰিব নে?আশুতোষৰ পৰা সহায় ল'ব পাৰিবনে তাই?অনাকাংক্ষিত অধ্যায়বোৰ জীৱনত একোটি নতুন অভিজ্ঞতা হৈয়ে সংঘটিত হয়।
(আগলৈ...)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)