ছন্দপতন (চুটিগল্প)

©Admin
0
কবিতা এটা লিখোঁ বুলিও দুশাৰীমান লিখিয়ে ৰৈ দিলে অনিৰ্বাণে ৷ ভবামতে সজাই আনিব পৰা নাই শব্দবোৰ ৷ হ’বৰে কথা, আজি কিমানদিন যে কবিতা লিখা নাই অনিৰ্বাণে ৷ অথচ সেইজন অনিৰ্বাণেই কলেজৰ দিনত সকলোৰে মাজত কবি বুলিয়ে জনাজাত আছিল ৷ দীঘল চুলিৰ বেপেৰোৱা ল’ৰাজনক জোৰকৈ মেগাজিন চেক্ৰেটাৰী পাতিছিল লগৰবোৰে ৷ দিনবোৰ ক্ষিপ্ৰতাৰে গৈ আছিল ৷ ভাত কাপোৰৰ চিন্তাই কবিতাবোৰ মচি পেলাইছিল, আচলতে অনিৰ্বাণে সময়ক নিজেই এই সুযোগ দিছিল ৷ এতিয়া কোনোবাই কবিতাৰ কথা উলিয়ালে সি অপ্ৰস্তুত হয়, কিয় হয় তাৰ উত্তৰ অনিৰ্বাণৰ হাতত নাই ৷

কি খবৰ কবি ? আগৰদৰেই কবিতা লিখি আছানে ? ৱাটচএপৰ মেছেজ এটাই তাক কবিতা লিখিবলৈ বাধ্য কৰা যেনেই হ’ল ৷ মেছেজটো আহিছিল অনিৰ্বাণৰ এসময়ৰ সহপাঠী সাগৰিকাৰ পৰা ৷ আচলতে বহুবছৰৰ মূৰত কলেজৰ সিহঁতৰ বেটছৰ কেইজনমানে ৱাটচএপ গ্ৰুপ এটা খুলি সকলোকে এড কৰি আছে ৷ প্ৰায়বোৰেই এতিয়া নিজৰ জীৱনক লৈ ব্যস্ত ৷ যোগাযোগ নোহোৱাৰ নিচিনাই  ৷ গ্ৰুপটো খোলাৰ পাছত সিহঁত কলেজৰ দিনবোৰলৈ উভতি যোৱাযেন হ’ল ৷ মাজে মাজে ৰাতি এপৰলৈকে আড্ডা চলে ৷ সেই কলেজৰ দৰেই ইটোৱে সিটোক জোকাই, খঙ উঠিলে অবাইচ মাতো মাতে ৷ সাগৰিকাই তেতিয়া অনিৰ্বাণ নামৰ কবিজনৰ প্ৰেমত পৰিছিল ৷ লগৰবোৰে জোকাইছিল সিহঁতক । কলেজ উইকত ৰাতিলৈ সিহঁতে একেলগে নাটক চাইছিল। কবি সন্মিলন বোৰত অকল অনিৰ্বাণৰ বাবেই তাই উপস্থিত আছিল ৷ সময়বোৰ সিহঁতে ভবাতকৈ জটিল আছিল ৷ দেউতাক ঢুকুৱাৰ পাছত ঘৰৰ দায়িত্ব লব লগা হোৱা অনিৰ্বাণে কাম বিচাৰি ঘুৰি ফুৰিব লগা হৈছিল । সময়ত কাম বিচাৰি পালে যদিও কামৰ হেঁচা, দায়িত্ববোধৰ তাড়না আৰু নিজৰ ভৱিষ্যতৰ প্ৰতি থকা অনিশ্চয়তাই অনিৰ্বাণক সাগৰিকাৰ পৰা আঁতৰাই আনিলে ৷ অন্তত তাক ভালপোৱা ছোৱালীজনীৰ ভৱিষ্যতটো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰে ৷ সাগৰিকাইও তাক জোৰ নকৰা দেখি সি সিহঁতৰ প্ৰেম নে কলেজীয়া আৱেগৰ আকৰ্ষণ সঠিককৈ নিৰ্ধাৰণ কৰিব নোৱাৰিলে। দিনবোৰ গৈ থাকিল, সংযোগ নোহোৱা হ’ল। ৱাটছএপ গ্ৰুপটোত সোমাইয়ে তাৰ প্ৰথম কাম আছিল আটাইৰে প্ৰফাইলৰ ফটোবোৰ চোৱা ৷ প্ৰায়বোৰৰ চেহেৰা সলনি হ’ল , পৰিয়ালৰ ফটো দিছে কেইজনমানে  ৷ তাৰ নিজৰো চুলি চুটি হ’ল, অলপ শকতো হৈছে ৷ সাগৰিকাৰ প্ৰফাইলটোত গৈ ৰৈ গল সি ৷ ইমানবছৰ পিছতো কিবা বুকুখন কঁপিছে দেখোন ৷ ভাবি ভাল লাগিল তাৰ ৷ নাই প্ৰফাইলত ফটো দিয়া নাই ৷ সংসাৰ বা কৰিলে নে নাই! চিন্তাবোৰ মূৰৰ ওপৰেৰে পাৰ হৈ গ’ল অনিৰ্বাণৰ ৷ মেছেজ এটা দিওঁ বুলিও দিব নোৱাৰিলে ৷ স্বাভিমান, অভিমান নে লাজ ধৰিব নোৱাৰিলে সি ৷ 

  সিদিনা সাগৰিকাই নিজেই দিলে মেছেজ ৷ কাৰো প্ৰেমত নপৰোঁ বুলি প্ৰতিজ্ঞা কৰি থোৱা ল’ৰাজন আকৌ দুৰ্বল হৈ পৰিল ৷ এদিন দুদিনকৈ মেছেজ চলি থাকিল ৷ দুয়ো যে সংসাৰ কৰা নাই আওপকীয়াকৈ দুয়ো নিশ্চিত হৈ ল’লে ৷ কবিতাৰ কথা সাগৰিকাই উলিয়াওতে সি অৱশ্যে অপ্ৰস্তুত হৈছিল ৷ তাইয়ে জোৰ দিছিল নতুনকৈ কবিতা লিখিবলৈ ৷ কলেজীয়া দিনৰ আব্দাৰ কমা নাই যেনেই ভাৱ হ’ল অনিৰ্বাণৰ ৷

বন্ধ লৈ এদিন আহিবাচোন আমাৰ ঘৰলৈ- ক’লে সাগৰিকাই
যাম দিয়া এদিন- অনিৰ্বানৰ উত্তৰ
  অনিৰ্বাণে ঠিক কৰিলে এদিন যাব তাৰ ভাল লগা নাৰীৰ কাষলৈ ৷ সোনকালেই ঠিক কৰিলে দিনটো ৷ পিছৰটো ৰবিবাৰেই সি যাব সাগৰিকাৰ ঘৰলৈ। ইমানবছৰৰ মূৰত দেখা হ’ব সিহঁতৰ ৷ অলপযেন উত্তেজিত হৈ পৰিছে তাৰ মনটো ৷ হাঁহি উঠিল তাৰ ৷ প্ৰেম চাগে এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰায় হীৰুদাৰ কবিতাফাঁকিলৈ মনত পৰি গ’ল ৷ লাহে লাহে কবিতাৰ পৃথিৱীখনলৈ ওভোতাৰ ইচ্ছা এটা জাগিল তাৰ । 

ৰবিবাৰে সাগৰিকাৰ ঘৰলৈ ওলাল অনিৰ্বাণ ৷ সেই ঘৰখন তাৰ চিনাকি ৷ সিহঁত দুয়োৰে ক’তো আত্মিক মূহূৰ্তৰ সাক্ষী এই ঘৰখন ! একেই আছে ঘৰখন ৷ তেতিয়াৰ দৰেই সন্মুখৰ বাৰাণ্ডাৰ বেতৰ চকীদুখনো আছে ৷ সন্মুখত নামফলক এখন ৷ এডভোকেট সাগৰিকা হাজৰিকা ৷ এইজনী এডভোকেট হোৱা খবৰ গমেই নাপাওঁ দেখোন- মনতে ভাবিলে অনিৰ্বাণে ৷ তাৰ পচন্দৰ নাৰীগৰাকীক লগ পোৱাৰ সুখকনক সযতনে আকোঁৱালি অনিৰ্বাণে সাগৰিকাৰ ঘৰৰ কলিংবেলটো বজালে ৷ দৰজা খোলাৰ শব্দ হ’ল ৷ সন্মুখত তাৰ আকাংক্ষিত নাৰী সাগৰিকা ৷ ঠিক কেনেকৈ কি ক’লে ভাল হ’ব ভাবি থাকোঁতেই সাগৰিকাই মাত দিলে অনিৰ্বাণ, আহা ভিতৰলৈ ৷ কোঠাৰ ভিতৰখনো প্ৰায় একেই আছে ৷ সি আগৰ দৰেই তাৰ পচন্দৰ একুৰিয়ামটোৰ সন্মুখৰ চকীখনত বহিল ৷ সন্মুখত সাগৰিকা ৷ সি শব্দ বিচাৰি হাহাঁকাৰ কৰি থাকিল ৷ নীৰৱ মুহূৰ্তবোৰ পাৰ হ’ল ৷

মোৰ এইটো ৰূপ দেখি আচৰিত হৈছা ন অনিৰ্বাণ - সাগৰিকাৰ মাতত উচপ খাই উঠিল সি ৷
কি ক’লে আচলতে সঠিক হ’ব অনুমান কৰিব নোৱাৰি চিধাকৈ হয় বুলিয়ে ক’লে সি ৷ তাৰ সপোনৰ নাৰীগৰাকীৰ এইটো ৰূপ আচলতে সহ্য কৰিব পৰা নাই সি ৷ কলেজৰ সেই তজবজীয়া ৰাংঢালী ছোৱালীজনীৰ গাতত যোৱা চকু, হাড়ে চালে লগা শৰীৰ তাৰ বাবে আচৰিত হোৱাৰ কথাই ৷ 
সেইবোৰ বহুত কথা, কৈ আছোঁ যদি তুমি বিৰক্ত নহোৱা ৷ এতিয়া কোৱা কি খাবা ৷ মাঁহত ঘৰত নাই, মই অকলে আছোঁ নাৰ্ছ গৰাকীৰ লগত ৷ চাহ বনাওনে? সাগৰিকাই কৈ গ’ল ৷ কণ্ঠ স্পষ্ট ৷
নাই, পানী এগিলাচ দিয়া ৷ আজি কথা পাতিম বুলিয়ে আহিছোঁ ৷ মিলাকৈ কৈ থ’লে অনিৰ্বাণে ৷ তাৰ কথাবোৰ জানিবলৈ উচপিচ লাগিছিল ৷ 
চৰৱত বনাই আনো ৰবা বুলি কৈ সাগৰিকা উঠি গ’ল ৷ 
অনিৰ্বাণে ৰূমটো ঘূৰিপকি চালে ৷ বেৰত সাগৰিকাৰ পুৰণি ফটোকেইখনমান আঁৰি থোৱা আছে  ৷ 
চৰৱত গিলাচ কোটকোটকৈ গিলি অনিৰ্বাণে আৰাম্ভ কৰিলে, সাগৰিকা কি অসুখ হৈছে তোমাৰ ?
আমি কলেজ এৰাৰ সময়তে বেমাৰটো আৰাম্ভ হৈছিল ৷ প্ৰথমে ডাক্তৰে ধৰিব পৰা নাছিল, এবছৰমান চিকিৎসা কৰিও সুফল নোপোৱাত মুম্বাইলৈ গলোঁ ৷ তাত নিশ্চিত হ’লোঁ মোৰ ব্ৰেষ্ট কেঞ্চাৰ ৷ চিকিৎসকে আৰোগ্য হম বুলি সাহস দিলে ৷ ৰেডিয়েছন, কেমো ৰ পিছত ছাৰ্জাৰী কৰি দিলে ৷ উভতি আহি চিকিৎসাৰ লগতে ব্যস্ত হবলৈ এলএলবি ত এডমিচন ল’লোঁ ৷ জীৱনক লৈ পজিটিভ হবলৈ চেষ্টা কৰি গ’লোঁ ৷ সফলো হলোঁ ৷ বেমাৰী বেমাৰী ভাৱটো নহোৱা হ’ল ৷ মানুহৰ বুবুবাবা বোৰক কেৰেপ নকৰা হ’লোঁ ৷ মা দেউতাহঁতেও অলপ সকাহ পালে ৷ তোমাক মিছ কৰিছিলোঁ যদিও তোমাক দিগদাৰি দিব মন নগল ৷ সাগৰিকাই কৈ গ’ল, বুকুত বিন্ধি ধৰিলে অনিৰ্বাণৰ ৷ তাৰ মনৰ মানুহজনীৰ জীৱনৰ ধুমুহাজাকৰ বিষয়ে গমকে নাপাই সি ৷ আৱেগে খুন্দা মাৰি ধৰিলে ৷ 
সাগৰিকাই পুনৰ আৰাম্ভ কৰিলে - তাৰ পিছত ডেৰবছৰলৈ সকলো ঠিকেই আছিল, লাহে লাহে পিঠিৰ মাজত প্ৰচণ্ড বিষ এটা আৰাম্ভ হ’ল, টোপনি নাহা হ’ল ৷ নিজকে কিবা আৱৰ্জনা যেন ভাব হ’ল। দেউতাৰ টকা পইচাও শেষ হ’ল মোৰ চিকিৎসাৰ নামত ৷ চিনিয়ৰ এডভোকেট এজনে ট্ৰাষ্ট এটাৰ লগত যোগাযোগ কৰি দিলে, তেওঁলোকে মোৰ চিকিৎসাৰ দায়িত্ব ল’লে ৷ মানুহে যে কয় ভগৱান আছে, মই তেওঁলোকক লগ পোৱাৰ পৰা বেছিকৈ অনুভৱ কৰিব লৈছোঁ ৷ মোৰ দৰে যিজনী ছোৱালীক বন্ধু বান্ধৱ আত্মীয়ইও সংগ নিদিয়া হ’ল, সেইজনী ছোৱালীৰ বাবে তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰিছে, পইচা খৰচ কৰিছে, লগত থকা নাৰ্ছ গৰাকীকো তেওঁলোকেই পঠিয়াইছে ৷ বিৰক্ত হৈছা নেকি অনিৰ্বাণ, হঠাৎ শুধিলে সাগৰিকাই ৷
নাই, নাই , কি যে কোৱা ৷ আচলতে মোৰ কৰৱাত নিজকে দোষী দোষী লাগিছে ৷ তোমাৰ ইমান বিপদতো অলপো সহায় কৰিব নোৱাৰিলোঁ ৷ পাছৰবাৰ ডাক্তৰে কি ক’লে ? অনিৰ্বাণৰ প্ৰশ্ন ৷
- তোমাৰ দোষ নাই দিয়া ৷ আচলতে সময়খিনি আমাৰ পক্ষত নাছিল ৷ কেঞ্চাৰ মোৰ শৰীৰটোৰ প্ৰেমত পৰিলে জানা ! আকৌ উভতি আহিল ৷ এইবাৰ ৰাজহাড় পালেগৈ ৷ হৰমণ থেৰাপি য়ে কামত দিয়া নাই ৷ চিকিৎকে কৈছে লাষ্ট ষ্টেজ,হাতত সময় বেছি নাই মোৰ ৷ সংকোচ নহোৱাকৈ সাগৰিকাই কোৱা কথাখিনিয়ে বৰকৈ কষ্ট দিলে ৷সেমেকি উঠিল দুচকু ৷ 

বেমাৰৰ বাদেও বহু কথাই মন খুলি পাতিলে দুয়ো ৷ কলেজৰ দিনবোৰ আহি অজানিতে হাজিৰ হ’ল ৷ অনিচ্ছাসত্ত্বেও সাগৰিকাৰ পৰা বিদায় ল’লে অনিৰ্বাণে ৷ ফোন কৰাৰ প্ৰতিশ্ৰুতি দিলে ৷ তাইৰ কথা ৰাখি আকৌ কবিতা লিখাৰ কথা ভাবিলে ৷

অনিৰ্বাণ ৰাস্তা পোৱালৈ বাৰাণ্ডাৰ পৰা চাই আছিল সাগৰিকাই ৷ কবতো নোৱাৰি এয়াই হয়তো হব পাৰে শেষ দেখা ৷ বিদায় প্ৰিয় নাৰী... মনতে আওৰালে অনিৰ্বাণ কাকতিয়ে ৷

📝প্ৰণৱ চক্ৰৱৰ্তী
   নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)