মোৰ এজন ককা আছে
বগা ধুটি,মুখত তামোল ,
হাতত ককাই লাখুটি ধৰে।
জোনাক ৰাতি চোতালত বহি
ককাই লয় কোলাত দাঙি
মৰম কৰি সাধু শুনাই,
মোৰ চকুত টোপনি অনাই।
ককাৰ চুলিৰ ৰং বগা
সেইবুলিয়ে ককা হব নে বুঢ়া?
পুৱাই গোহালিৰ গৰু লৈ
ককা মোৰ হাললৈ যায়,
গধূলি মোক কান্ধত ডাঙি
ককাই গাঁৱৰ আলি ফুৰাই।
ককাই মাতে মোক পোনা বুলি
মই যে ককাৰ মৰমৰ নাতি,
সদায় দিও গালত চুমা আঁকি।।
কবিতাৰ শিৰোনাম:প্ৰকৃতি
প্ৰকৃতি
সেউজীয়া পৃথিৱী
আমাৰ ধুনীয়া ধৰিত্ৰী
ৰূপে গুনে মোহনীয়া ,
ধুনীয়া প্ৰকৃতি।
ৰঙা,নীলা,হালধীয়া
ৰঙীন পখিলা,
পখিলাই পাখি মেলি
কৰে পৰিবেশ ধুনীয়া।
গছ,বন,নদী,পাহাৰ
প্ৰকৃতিৰ পৰিয়াল
হালি জালি ৰহণ সানে ,
কৰে প্ৰকৃতি জাতিষ্কাৰ।
চৰাই চিৰিকটি,জীৱ জগত
প্ৰকৃতিৰ মিত্ৰ,
অন্যায় নকৰিবা কদাপি প্ৰকৃতিৰ
নহলে হব সকলো নষ্ট।
কবিতাৰ শিৰোনাম: আদৰ্শ শিশুৰ পৃথিৱী
সোনকালে শুই উঠি পঢ়া শুনা কৰা
এদিন তুমি দেখিবা বৰ মানুহ হʼলা।
মা দেউতাক দেখিলে প্ৰণাম জনাবা
আশীৰ্বাদেৰে জয়ী হৈ জগত জিনিবা।
নিতৌ তুমি নাপাহৰিবা গা,মূৰ ধুব
নʼহলে দেহত তোমাৰ ৰোগ ব্যাধিয়ে চুব।
কৰিবা নিত্য কাম তুমি সময়মতে
নকৰিবা সময়ক অপব্যয় দুনাই যে নাহে।
সঁচা হৈ ৰবা তুমি কদাপি নকবা মিছা কথা
নহলে ঠেং চুটি হʼব তোমাৰ আৰু বেয়া দশা।
নʼকৰিবা হাই কাজিয়া নানিবা বিভেদ
বৃদ্ধি হব শত্ৰু তোমাৰ মিত্ৰ হʼব শেষ।
চাফ চিকুন হৈ থাকিবা তেতিয়া পাবা নাম
মন পৰিষ্কাৰ ৰাখিবা বৃদ্ধি হʼব জয়গান।
আদৰ্শ শিশু তুমি সদায় শুদ্ধ হৈ থাকিবা
ভাল শিক্ষা গুণ লৈ এদিন জগত জিনিবা।
✍️ জ্যোতিৰ্ময় শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ