মৰমৰ.....
মৰম ল’বা...আশা কৰোঁ কুশলে আছা..বহুদিন হ’ল তোমালৈ চিঠি নিলিখা৷ কিনো লিখিম..লিখিব লৈয়ো কলম থমকি ৰয়..শব্দ বোৰেও আজিকালি লগ এৰা দিয়ে.. বহুদিনৰ মুৰত আজি হাতত কলমটো তুলি লৈছোঁ তোমালৈ একলম লিখোঁ বুলি..৷
কিমান দিন যে হ’ল তোমালৈ নিলিখা ৷ মোক একো নোকোৱাকৈ চাকৰিৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা অভিমান কৰিয়ে একো নাই লিখা ৷ তুমিও বাৰু একো খবৰ দিব নাপাইনে ? পাহৰি গ’লা নেকি সচাকৈয়ে বাৰু ? ই সম্ভৱ জানো ? মাজৰাতি জোনৰ পোহৰত বহি কবিতা লিখানে আজিকালি..? বহুত দিন হ’ল তোমাৰ একো খবৰ নোপোৱা..ভালে আছানে ? নিজক সফলৰূপে গঢ় দিয়াৰ পণলৈ যি আতৰি গ’লা..আজিলৈকে এবাৰো নাজানিলোঁ তোমাৰ কথা..
আজিও তুমি আহিবা বুলি ৰৈ আছোঁ... উভতি আহা সোনকালে..তুমিবিহীন জীৱন বৰ কষ্টকৰ হৈ উঠিছে..ঘৰত বিয়াৰ কথাও চলিছে.. কেনেকৈ বুজাও সকলোকে..ভাগৰি পৰিছোঁ বুজায় বুজায় ৷ সকলোৱে কয় তুমি আৰু উভতি নাহা বুলি..মোক পাহৰি গ’লা বুলিও কয় ৷ হয় জানো; তুমি মোক পাহৰিব পাৰিবা জানো..? তুমি নিজক গঢ় দিয়াত ব্যস্ত সেয়ে আহিব পৰা নাই নহ ? আৰু সফলতাৰ পিছত দৌৰিব নালাগে..উভতি আহা সোনকালে তোমাৰ আপোন মানুহবোৰৰ কাষলৈ ৷
তুমি যেনেকৈ আছিলা তেনেকৈয়ে সুখী আছিলোঁ তোমাৰ লগত ৷ নালাগে তুমি নিজক সলনি কৰিব..টকা ঘটিবলৈ তুমি আৱেগহীন যন্ত্ৰ হৈ পৰিবও নালাগে ৷ তোমাৰ সেই জপৰা চুলিখিনিৰে মুখৰ মিঠা হাঁহিটোতে মোৰ সুখবোৰ লুকাই আছে ৷ সুখবোৰ বুটলি লম দুয়ো মিলি.. তুমি উভতি আহা মাথোঁ ৷
তোমালৈ থকা অভিমানবোৰো গোট মাৰিছে...একো নজনোৱাকৈ গুচি যোৱাৰ দুখটো প্ৰায়ে উজাই আহে...মৰমেৰে আপোন কৰি লৈ এনেকৈ যে পলকতে পৰ কৰি তুলিবা ভবাই নাছিলোঁ৷ তোমাৰ লগত জীৱন কটোৱাৰ সপোন ৰচি থাকোতেই তুমি আতৰি গ’লা..এবাৰলৈও যদি খবৰ পালোহেঁতেন ক’ত আছা কেনেকৈ আছা.. বৰ অকলশৰীয়া অনুভৱ হয় অ’ ৷ তোমাৰ লগত কটোৱা সময়বোৰৰ স্মৃতিবোৰ সামৰিয়ে জীয়াই আছোঁ.. ব’হাগৰ বিহুলৈ বৰ আগ্ৰহেৰে ৰৈ থাকোঁ..কিযানি তুমি আহাই মই বোৱা বিহুৱান খন ল’বলৈ ৷ কিমান যে ভাল পাইছিলা মই বৈ দিয়া গামোছাখন লৈ ৷ এতিয়াও বও প্ৰতি বছৰে তোমালৈ বুলি..তুমিহে নাহা৷ এই বাৰো লগাইছো তাঁত ৷ তুমি মৰমত দিয়া বকুলৰ পুলিটোও যথেষ্ট ডাঙৰ হৈছে ৷ আহাছোন এইবোৰ চাবলৈকে এদিন ৷ এবাৰো মনত নপৰেনে তোমাৰ এই কথাবোৰ..কেনেকৈ পাৰিছা আতৰি থাকিব ?
তোমাৰ স্মৃতিবোৰে বাৰুকৈয়ে জুৰুলা কৰে মোক ৷ বহুত কথাই লিখা হ’ল..আৰু নিলিখো দিয়া.. সোনকালে উভতি আহা.. মৰমৰ বকুলজোপাৰ তলত বহি লৈ সুখ দুখৰ কথা পাতিম তোমাৰ লগত.. বাহিৰত পোহৰো হৈ আহিছে..আজিলৈ সামৰিছোঁ.. য’তেই আছা কুশলে থাকা..এইবাৰ বিহুতে আহিবা বুলি অধীৰ আগ্ৰহেৰে বাট চালোঁ ৷
ইতি
তোমাৰ মৰমৰ
. . . . . .
✍️ দশমী শইকীয়া
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ