গন্ধেশ্বৰ শইকীয়াছাৰৰ গল্প পুথি -'সময় - দুঃসময়'

Rinku Rajowar
0
গন্ধেশ্বৰ শইকীয়া অসমীয়া সাহিত্য জগতৰ এটি 
পৰিচিত নাম। বৃত্তিত ৩৮ বছৰ কাল শিক্ষক হিচাপে সেৱা আগবঢ়াই বৰ্তমান অৱসৰপ্ৰান্ত । ১৯৫০ চনৰ ১লা ছেপ্তেম্বৰ তাৰিখে ৰহমৰীয়াত জন্ম গ্ৰহণ কৰা শইকীয়াছাৰে অনেক বাধা - বিঘিনি পৰিহাৰ কৰি ১৯৫৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১৯৭৪ চনত কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 
১৯৫৯ চনৰ পৰা শিক্ষকতাৰ দৰে কৰ্মত প্ৰবৃত্ত হৈ প্ৰথমতে পল্টন বজাৰস্থিত এম আহমেদ এম ই স্কুল  তাৰ পিছত বৰবাৰী হাইস্কুলত আৰু শেষত ১৯৯৩ চনৰ পৰা ২০১০ চনলৈকে সুখ্যাতিৰে বকপৰা মধ্য ইংৰাজী বিদ্যালয়ত সেৱা আগবঢ়ায়।কেৱল সেয়াই নহয় শিক্ষকতাৰ দৰে মহান বৃত্তিত কৰ্মনিষ্ঠতাৰে আৰু নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে ১৯৯৮ চনত জিলা কৃতি শিক্ষক,২০০২ চনত ৰাজ্যিক কৃতি শিক্ষক আৰু ২০০৩ চনত  তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড৹ এ. পি.জে. আব্দুল কালামৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। গন্ধেশ্বৰ শইকীয়া ছাৰ কেৱল এজন শিক্ষকেই নহয় তেখেত এগৰাকী সু-সাহিত্যিকো।সাহিত্যৰ প্ৰতিটো দিশতে হাতৰ পৰশ পেলোৱা শইকীয়া ছাৰে প্ৰায় ৪৫ খনকৈ গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।তেখেত কৰ্ম,জ্ঞান আৰু মানৱৰ উন্নয়নৰ হকে কৰা মহান কৰ্মৰ প্ৰতিদান আৰু জীৱনত লাভ কৰা সফলতা আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০ খনকৈ অধিক পুৰস্কাৰ, প্ৰায় ৫০খন মান সম্বৰ্ধনা-অভিনন্দন আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰি সমগ্ৰ অসমত এক  উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছে।

           গন্ধেশ্বৰ শইকীয়া ছাৰৰ শেহতীয়াভাৱে প্ৰকাশিত গল্প পুথি "সময়-দুঃসময়" পঢ়িলো। মোৰ নাতিদীৰ্ঘ ছাত্ৰী জীৱনত আহৰণ কৰা সীমিত জ্ঞানেৰে শইকীয়া ছাৰৰ ৰচনাৰাজিক সমালোচনা কৰিবলৈ অপাৰগ। কিন্তু "সময়-দুঃসময়" পঢ়িলোঁ পঢ়ি মোৰ মনত হোৱা অনুভুতিক গোপনে ৰাখিব নোৱাৰি একলম লিখিবলৈ বাধ্য হ'লোঁ। মানৱীয় মূল্যবোধ আৰু প্ৰমূল্যবোধৰ ওপৰত গুৰুত্ব দিয়া গন্ধেশ্বৰ শইকীয়া ছাৰৰ ৰচনাৰাজিৰ মাজেৰেও তাৰেই প্ৰতিফলন ঘটিছে। বৰ্তমান বস্তুবাদী সমাজ ব্যৱস্হাৰ মানুহৰ চিন্তাধাৰা ,শ্ৰেণী -বৈষম্য, মানুহৰ সুখ দুখ, হাঁহি- কান্দোন, আশা-নিৰাশা, আধুনিকতা আৰু গোলকীকৰণৰ ফলত সমাজলৈ অহা দ্ৰুতগতিৰ পৰিৱৰ্তন, দৰিদ্ৰ শ্ৰেণীৰ সমাজৰ বাস্তৱ প্ৰতিছৱি আদি সকলোবোৰ দিশৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হোৱা শইকীয়াছাৰৰ গল্প পুথি 'সময় -দুঃসময়' নিশ্চয়কৈ সমকালীন সমাজ ব্যৱস্থাৰ এক জীৱন্ত দলিল। গল্পকাৰ গন্ধেশ্বৰ শইকীয়াদেৱৰ দৃষ্টিত সকলো মানুহ সমান আৰু সেইবাবেই তেখেতৰ গল্পসমূহত সকলো শ্ৰেণীৰ লোকে সমানেই প্ৰধান্য পাইছে। 'অৰ্ণিবাণ আহিছিল' গল্পটিৰ জৰিয়তে বৰ্তমান প্ৰচলিত সমাজ ব্যৱস্হাটিক সুন্দৰকৈ দেখুৱাবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰ অৰ্ণিবাণে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ নিযুক্তিৰ বাবেই সমাজৰ কলংক ৰূপে অস্ত্ৰ হাতত তুলি ল'ব লগা হৈছে। শিক্ষকতাৰ দৰে মহান কৰ্মত প্ৰবৃত্ত হৈয়ো চলিত ব্যৱস্হাৰ প্ৰতি শিক্ষকসকলে মৌনতা অৱলম্বন কৰিব লগা হৈছে। 'সৰা শেৱালিৰ মৰহা সুৱাস' শীৰ্ষক গল্পটোত মঞ্জুমালা নামৰ এগৰাকী গাভৰুৰ বিয়াৰ ক্ষেত্রত পিতৃয়ে কিদৰে অন্তৰায় হৈ থিয় দিছিল আৰু বিয়াৰ বয়স পাৰ হৈ যোৱাৰ পিছত সমাজৰ পৰা শুনিবলগীয়া হোৱা ককৰ্থনা আৰু প্ৰেমিকসকলে কিদৰে তাইক প্ৰতাৰণা কৰি শেষত জীৱনৰ অনিশ্চয়তাত এৰি থৈ গ'ল তাৰ এক সুন্দৰ ছবি প্ৰতিফলিত কৰিছে।'বিজ্ঞাপন' শীৰ্ষক গল্পটোত সমশ্ৰেণীৰ কৰ্মচাৰীয়ে সমানেই দৰমহা পায়ো এজনে কিন্তু নামী - দামী কিনি বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব পাৰিছে আৰু আনজনে যোগ্যতা অধিক  হৈয়ো দৰমহাৰ টকাৰে সংসাৰখন চলাওঁতে নানা সমস্যাৰ সন্মুখীন হয়। তদুপৰি বিভিন্ন ধৰণৰ নতুন আচবাব, লেটেষ্ট মডেলৰ বস্তুৰে ঘৰ সজোৱা দেখিলে সহকৰ্মীৰ মাজত ঈৰ্ষাভাৱ নিশ্চয় উপজিব। গল্পকাৰে এইক্ষেত্ৰতো সুন্দৰ প্ৰতিচ্ছৱি দাঙি ধৰিছে। কাৰণ বৰ্তমান সমাজখনত এনে বহুলোক আছে যিয়ে কলাধনত লিপ্ত হৈ অজস্ৰ টকা -পইচা অৰ্জন কৰিছে।'সময় -দুঃসময়' গল্পটিৰ জৰিয়তে এখনি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিচ্ছবি দাঙি ধৰিছে য'ত নানকাৰ ঘৈণীয়েক বুধনীক হেৰুৱাই সন্তানকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দিশহাৰা হৈছে। গল্পটিৰ জৰিয়তে গল্পকাৰে জনতাৰ প্ৰতি ৰাজনৈতিক নেতা -পালিনেতাৰ প্ৰভাৱো সফলভাৱে দেখুৱাইছে।ধনী আৰু দুখীয়াৰ পাৰ্থক্যও গল্পটিত ফুটি উঠিছে এনেদৰে-"দুখীয়া -নিছলা মানুহৰ বাবে দিন হাজিৰা কৰি কোনোমতে পেট প্ৰৱতোৱা মানুহৰ বাবে সামান্য জ্বৰ -কাঁহো মৃত্যুৰ বাহক হ'ব পাৰে ।ইয়াৰ পৰা নিস্তাৰ পোৱাৰ উপায় বোধহয় নাই। কোৰোণাৰ চপোৱাদি টকা-পইচা গোটোৱাসকলৰ কথা সুকীয়া। টকাৰ বলতেই ডাঙৰ ডাঙৰ বেমাৰতো তেওঁলোক বাছি থাকিব পাৰে। কিন্তু নানকাহঁতৰ দৰে মানুহৰ বাবে এইবোৰ সুদূৰ পৰাহত-কল্পনাৰো অগোচৰ। এইবোৰ তেওঁলোকৰ বাবে মাথোন সাধুকথাৰ সেই 'যাদুদণ্ড' ডালৰ নিচিনা কথাহে"।'উদগিৰণ' নামৰ গল্পটিৰ জৰিয়তে সামান্য কথা এটাৰ পৰা কিদৰে ভয়ংকৰ বিপদ চাপিব পাৰে তাকে দেখুৱাবলৈ প্ৰয়াস কৰিছে।গল্পটোত এখনি চিলাই ফিৰিঙতিৰ পৰা খাণ্ডৱদাহৰ দৰে ঘটনা সৃষ্টি কৰিছে।পুথিখনত সন্নিৱিষ্ট অইন গল্পবোৰো মনোগ্ৰাহী। গল্পবোৰ পঢ়িলে পাঠকৰ কথাকে যেন গল্পকাৰে কৈ আছে তেনে অনুভৱ হয়। তদুপৰি গল্পবোৰৰ মাজে মাজে উল্লেখ কৰা ফকৰা - যোজনাবোৰে পাঠকক বিষয়টোৰ প্ৰতি আৰু অধিক সচেষ্ট কৰিছে।সমাজখনৰ প্ৰতিটো দিশ স্পৰ্শ কৰি যোৱা গন্ধেশ্বৰ শইকীয়া ছাৰৰ গল্পবোৰ মোৰ দৰে সকলো পাঠকক সহজে আকৰ্ষণ কৰিব।

            শেষত, গন্ধেশ্বৰ শইকীয়াছাৰৰ গল্প সম্পৰ্কে প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মন্তব্য এষাৰ উল্লেখ কৰা হ'ল-
"গন্ধেশ্বৰ শইকীয়াৰ গল্পৰ বিষয়বস্তু সমকালীন সমাজখনৰ পৰাই বুটলি লোৱা হৈছে আৰু অতিবাস্তৱ দৃষ্টিভংগীৰে সমকালৰ সমাজৰ একো একোটা দিশ আৰু কিছুমান বিশেষ শ্ৰেণী চৰিত্ৰক গল্পত স্পষ্ট কৰি দাঙি ধৰা হৈছে৷ শইকীয়াৰ প্ৰায়বোৰ গল্পত সমকালীন কঠিন বাস্তৱ আৰু এটি কঠিন বাস্তৱৰ সন্মুখত মানুহৰ মন আৰু মানসিক অৱস্থাক বাস্তৱ ৰূপত দাঙি ধৰা হৈছে৷ গন্ধেশ্বৰ শইকীয়াৰ গল্পত মানুহৰ জীৱনৰ জটিলতাৰ ছবিখন দাঙি ধৰা হৈছে; কিন্তু এই জটিলতাৰ মাজতো লেখকৰ প্ৰবল আশাবাদী মনে জীৱনৰ স্বপ্ন হেৰাই যাবলৈ দিয়া নাই। "

🖋️দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)