গ্ৰহণ (চানেকিৰ শিশুচ’ৰালৈ)

স্কুলৰ প্ৰাৰ্থনা আৰাম্ভ হ’বলৈ এতিয়াও পোন্ধৰ মিনিটমান বাকী ৷ অংকুৱে কিতাপবহীৰ টোপোলাটো ডেক্সত দলিয়াই থৈ কোবাকোবিকৈ বুঢ়াদিয়াৰ মথাউৰিটোৱেদি খোজ ল’লে ৷ ছন্দা সেইফালেদি আহিব হৈছে ৷ একেলগে পঢ়া চাৰিবছৰেই হ’ল যদিও সিহঁতৰ মাত বোল নাই ৷ কিবা এক অজান লাজ শংকাই মাত বোল হ’ব দিয়া নাই ৷ মাত্ৰ লুকাইচুৰকৈ ইটোৱে সিটোলৈ চাই হেপাঁহ পলুৱায় ৷ চকুৱে চকুৱে পৰিলে লাজ এটাই হেঁচা মাৰি ধৰে ৷ চিনেমাৰ কাহিনীৰ দৰে দুয়োৱে ভৱিষ্যতৰ পতী পত্নী হোৱাৰ সপোন দেখে ৷ বয়সটোৱেই তেনেকুৱা ৷ ছন্দাই জানি বুজিয়ে স্কুললৈ অকলে আহে ৷ চকুদুটাই অহৰহ অংকুক চলাথ কৰে ৷ বুঢ়াদিয়াৰ এই নিৰ্জন মথাউৰিটো সাক্ষী বহু প্ৰেমৰ, অনেক বিচ্ছেদৰ ৷ অংকুৱে লগৰ কেইটাৰ পৰা নিজক বচাই সদায় মথাউৰিটোৱেদি খোজ লয় ৷ তাক  দেখিলেই ছন্দাৰ লেডী বাৰ্ডৰ চকা নুঘুৰা হয় ৷ চাইকেলৰ পৰা নামি লাহে লাহে খোজ লয় ৷ অংকুৱে সদায় এনে এটা ভাৱ দেখুৱাই যেন কিবা জৰুৰী কামতহে সিফালে গৈ আছিল ৷ দুয়ো পাৰ হয়, চকুৱে চকুৱে পৰে ৷ সেইখিনিয়ে সুখ ৷ ছন্দাৰ লেডী বাৰ্ডৰ চকা ঘূৰে, পিচে পিচে অংকুৰ খোজ বাঢ়ে ৷ অংকুৱে স্কুলৰ তৰ্ক, বক্তৃতা, আবৃত্তিত সদায়ে ভাগ লয় ৷ ছন্দাই ভাল ছবি আঁকে ৷ আবৃত্তিত তাইৰ সমান দখল কাৰো নাই যদিও তাই আবৃত্তি প্ৰতিযোগিতাত ভাগ নলয় ৷ তাইৰ হাতত অংকুৰ পৰাজয় হব দিব নোৱাৰে তাই ৷ হাজাৰ হওঁক সি মনৰ মানুহজন তাইৰ ৷

সেইসোপা গিলি আহি তুমি এনেকৈ বহি থাকিবা নে মোক লৈ যাবা ? ছন্দাৰ চিঞৰত টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে স্মৃতিৰ বোকোচাৰ পৰা নামি আহিল অংকু ৷
- কি দৰকাৰ এই ৰাতিখন বেলেগৰ ঘৰৰ পাৰ্টি ত যাবলৈ ? এনে বন্ধু ওলাইছে ৷ এগালমান ডেকা লৰাৰ লগত মদ খাই কি ব্যভিচাৰ কৰা মই নাজানো বুলি ভাবিছা, জকজকাই উঠিল অংকুৱে ৷

চৰিত্ৰৰ চাৰ্টিফিকেট তুমি দিব নালাগে অংকু ৷ তুমি যে অফিচৰ পৰা আহোঁতেই মাতাল হৈ আহিছা মই কোনোবাদিনা কিবা কৈছোঁ নেকি ? মোৰ জীৱনটো মই উপভোগ কৰিব খোজো ৷
- তোমাকনো কেতিয়া মই জীৱন উপভোগ কৰিব মানা কৰিছোঁ ৷ শুনা ছন্দা, এটা কাম কৰোঁ, কালিৰ পৰা মই বাহিৰত পাৰ্টি নকৰোঁ, আমি দুয়ো ঘৰত পাৰ্টি কৰিম ৷ এইবাৰ ভেকেচন্‌ত ট্যুৰ এটাও কৰিম দিয়া ৷ আৰু কি জানা আজি বাইদেউয়ে ফোন কৰিছিল, আমাৰ বিয়াৰ পাঁচবছৰেই হ’ল এতিয়া সংসাৰ বঢ়োৱাৰ কথাত মন দিব কৈছে ৷ নিচাৰ কোবত নকওঁ বুলি ভবা কথাখিনি তাৰ মুখেৰে ওলাই গ’ল ৷

প্লিজ অংকু, তোমাৰ গাঁৱলীয়া বায়েৰাই ক’লে বুলিয়ে মই এতিয়াই এই বাট্‌চা জন্ম দিয়াৰ ঝামেলাত সোমোৱাত নাই ৷ আৰু শুনা, তোমাৰ লগত পাৰ্টিত বহা, ট্যুৰ কৰাৰ কোনো ইচ্ছা মোৰ নাই ৷ পইচা দিবা, মই অকলে যাম ফুৰিব ৷ 
- ছন্দা, মানুহ ইমান সলনি হ’ব নাপায় ৷ তুমি আমাৰ সংসাৰ খনক লৈ ইমান নিগেটিভ হ’লে নহব !

তুমি যাবানে মই লগৰ কাৰোবাক মাতিব লাগিব ৷ এইবোৰ লেকচাৰ শুনি থকাৰ ধৈৰ্য্য মোৰ নাই ৷ জকজকাই উঠিল ছন্দাই ৷
অনিচ্ছাসত্বেও অংকুৱে যাবলৈ সাজু হ’ল ৷ পাৰ্টিত তাইক নমাই দি পাৰ্কিংত গাড়ীৰ ভিতৰতেই বহি থাকিল সি ৷ নিচা কমি আহিছে, এচিটো অন কৰি মোবাইল পিটিকাত লাগিল সি ৷ কেইঘণ্টা ৰ’ব লাগে ঠিক নাই ৷ সমাজৰ আগত সুখী দম্পতীৰ অভিনয় কৰি থকাটো কিমান জটিল সি ভালকৈয়ে বুজি উঠিছে ৷ ধনেৰে সুখ কিনিব পাৰি বুলি নিম্নমধ্যবিত্ত পৰিয়ালৰ পৰা অহা অংকুৱে এসময়ত ভাবিছিল ৷ ভুল হৈছিল তাৰ ৷ কবিতা লিখা লৰাজনে জীৱনৰ অংক মিলাই থাকোঁতেই কবিতা লিখিব পাহৰিলে ৷ আজি জানো কিয় তাৰ সেই স্কুলীয়া দিনবোৰলৈ উভতিব মন গৈছি ৷ বুঢ়াদিয়াৰ মথাউৰিত যেন আকৌ দুয়ো দুয়োকে নতুনকৈ আৱিষ্কাৰ কৰিব ! ছন্দাই পাৰ্টিত যোৱা ফ্লেটটোৰ খোলা খিৰিকীখনেৰে কাৰোবাৰ অট্টহাস্য বতাহত উৰি আহিছে ৷ অংকুৱে আকাশলৈ চালে, আন্ধাৰৰ মাজতো দেখিলে মেঘ এচপৰা জোনটোৰ ফালে আগুৱাই আহি আছে ৷ অলপতে মেঘে ঢাকি ধৰিব জোনক ৷ আন্ধাৰ বাঢ়িব ৷ তাৰ নিজকে জোনটো যেন লাগিল ৷ মনতে বিৰবিৰালে গ্ৰহণ লাগিছে আমাৰ জীৱনত..

📝 প্ৰণৱ চক্ৰৱৰ্তী
       নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send