অনাকাংক্ষিত অধ্যায়-১২

Rinku Rajowar
0
ৰবীনৰ পৰিয়ালে নিৰাপত্তা দিব বিচাৰিছিল মোৰ বৈধৱ্য জীৱনটোক।সেই সুৰুঙা লৈয়েই মই পোৱা সকলো সাহায্য তেওঁলোকে কাঢ়ি লৈ গৈছিল।দেউতাকৰ মৃত শৰীৰ দেখাৰ পিছৰে পৰা গৌৰী আৰু পৰ্ণাৰ জীৱনৰ পৰা হাঁহিবোৰ হেৰাই গৈছিল।তাৰপিছতো তেওঁৰ পৰিয়ালৰ মানুহবোৰ শান্ত হোৱা নাছিল।ৰবীনৰ জীৱন মই আৰু মোৰ ছোৱালী দুজনীয়ে ধ্বংস কৰি পেলালো বুলি আমাক প্ৰায়ে গালি গালাজ কৰিছিল।কেৱল এয়াই নহয়।ছোৱালী দুজনী ডাঙৰ হৈ অহাৰে পৰা আমাক তিনিওকে আমাৰ চৰিত্ৰৰ ওপৰতো মাত মাতিবলৈ তেওঁলোকে অলপো কুণ্ঠাবোধ কৰা নাছিল।মোৰ বেয়া চৰিত্ৰৰ বাবেই ৰবীনে মোক এৰি থাকিবলৈ বেয়া সংগ লৈছিল আৰু কাজিয়া পেচাল কৰিবলৈ আৰম্ভ কৰিছিল বুলি বিভিন্ন অজুহাত দেখুৱাই মোক থকা- সৰকা কৰিছিল।সেই কাজিয়া পেচালৰ বাবেই ৰবীনক মাৰি পেলোৱা হ'ল বুলি সকলো দোষ তেওঁলোকে মোৰ ওপৰত জাপি দিছিল।কিন্তু ইয়াতে ক্ষান্ত নাথাকি তেওঁলোকে এদিন সৰু ভূল এটাৰ বাবেই পৰ্ণাৰ ওপৰতো হাত উঠাইছিল।এটাৰ ওপৰত আন এটা অত্যাচাৰ সহিব নোৱাৰি পৰ্ণা মানসিকভাৱে ভাগি  পৰিছিল।সেয়েহে মই গৌৰী আৰু পৰ্ণাৰ ভৱিষ্যত জীৱনৰ কথা ভাবি এদিন দুয়োজনীকে লগত লৈ তাৰ পৰা আকৌ ওলাই আহিছিলো। তাৰপিছত আকৌ আগৰ দৰেই মই চিলাই দোকানত কাম কৰিবলৈ আৰম্ভ কৰিছিলো।চিলাই দোকান আৰু মই থকা ঘৰৰ ওচৰে-পাজৰে থকা ঘৰসমূহত পাৰ্ট টাইমকৈ কাম কৰি কোনোমতেহে ঘৰ চলাইছিলো। তাৰোপৰি পৰ্ণাক সুস্থ কৰিবলৈ গৌৰী আৰু মই যিমান পাৰো  চেষ্টা চলাইছিলো আৰু তাই সুস্থ হৈও উঠিছিল।বায়েকৰ জীৱনৰ সকলো দুখ বুজিব পাৰিয়েই গৌৰী সাহসী হৈ উঠিছিল।পৰ্ণাই আমাৰ সকলো কষ্টৰ মূল কাৰণ এতিয়াও দেউতাকৰ মৃত্যু বুলিয়েই ভাবে।দেউতাকৰ মৃত্যুৰ পিছত আমাৰ জীৱনত যিদৰে দুখৰ বন্যাৰ সৃষ্টি হ'ল সেই কাহিনী আকৌ আৰম্ভ হোৱাৰ ভয়তে হয়তো পৰ্ণা আজি আকৌ আগৰ পৰ্ণা হৈ পৰিছিল।পৰ্ণাৰ জীৱনৰ পৰা তাইৰ দুখৰ স্মৃতি মচিবলৈ তুমি তাইৰ সাহস হ'ব লাগিব।পাৰিবানে তুমি প্ৰানজিত?"
     প্ৰানজিতৰ মনটো তেতিয়াও বৰখপুৰৰ সেই কালান্তক অধ্যায়তে আছিল।গৌৰী,পৰ্ণা,মাধৱী বৰুৱাহঁতৰ সেই বিষময় জীৱন;যিটো জীৱনক যুঁজি যুঁজি আজি জীৱনাদিত্য টিভি চেনেলত গৌৰী প্ৰিয়ম বৰুৱাই বাতৰি পঢ়ে,যি বাতৰি এদিন তাইৰ জীৱনৰো অংশ আছিল।সকলোৱে কয় গৌৰী সাহসী।সঁচাকৈ তাই কিমান সাহসী মনৰ ছোৱালী সি বুজি পাইছে।পৰ্ণাৰ জীৱনক ৰঙীণ কৰি তুলিব বিচৰা এজনী সাহসী ভনীয়েক গৌৰী।মাধৱী বৰুৱা আৰু ৰবীন বৰুৱাৰ মৰমলগা দুই কণমানি যমজ সন্তান গৌৰী আৰু পৰ্ণাৰ এখন এখন ছবি প্ৰানজিতৰ মনলৈ ভাঁহি আহিল।


    পুৱাৰ বাতৰি পৰিৱেশন শেষ কৰি গৌৰী নিজৰ টেবুললৈ আহিল।এইখিনি সময় তাইৰ বাবে ফ্ৰি।অন্তত কিছু সময়ৰ বাবে তাই নিজে কৰিবলগীয়া কাম একো নাই।এনেতে পখী হাজৰিকা গৌৰীৰ ওচৰলৈ আহিল।
"গৌৰী,ব্যস্ত আছ' নেকি?"
"নাই পখী বা।কিবা কাম আছিল নেকি?"
"নাই নাই।আজি মোৰো কাম নাই এতিয়া।ব'ল কফি খাওঁগৈ কেণ্টিনত আৰু কথাও পাতিম আজি তোৰ লগত।"
"হ'ব বাৰু।ব'লক তেন্তে।"
কফি খাই খাই দুইজনীয়ে পাতি গ'ল বহুতো কথা।মাজতে গৌৰীয়ে পখীক সুধো নুসোধোকৈ সুধিলে,"পখী বা,আপোনাক কথা এটা সুধো বেয়া নাপাব হা।"
"বেয়া পাবলগীয়া কথা যে তই নোসোধ সেইটো মইও জানো আৰু তইও জান'।গতিকে বেছি ফৰমেলিটি নেদেখাই সুধি যা।"
"হি হি.... বাৰু পখী বা,কওকচোন।আপুনি বাৰু প্ৰেমত পৰিছেনে কেতিয়াবা?"
"প্ৰেমত!!উমম....পৰিছোতো।কিন্তু সেয়া কেৱল একপক্ষীয়।যাৰ প্ৰেমত পৰিছো তেওঁটো একো গমেই নাপায়।"
"কোন বাৰু তেওঁ??"
"তেওঁ...কওঁ জানো।তই আকৌ জোকাই নিদিবি।পাৰিলে পিছত তেওঁক গৈ সুধি আহিবিচোন তেওঁৰ হৃদয়ত পখীয়ে স্থান ল'ব পাৰিছেনে নাই বুলি।"
"আপুনি কাৰ কথা কৈছে?"
"প্ৰানজিত"
"প্ৰানজিত দা!!!!তেওঁ গম পাইনে কিবা?আপোনালোকৰ মাজত ইমান ভাল বন্ধুত্ব আছে।তেওঁ কেতিয়াবা এইবোৰ বিষয়ত কিবা কয়নে?"
"নাই অ' গৌৰী।সি কেতিয়াও একো কোৱা নাই।সি আমাৰ সম্পৰ্কটোক সদায় বন্ধুত্বৰ নামতে সামৰি ৰাখিব খোজে।তাৰ হৃদয়ত কোন আছে আজিলৈকে মই গম নাপালো।মইও কোনোদিন এই বিষয়ত তাক একো কোৱা নাই।আমাৰ নিঃস্বাৰ্থ বন্ধুত্বক হেৰুৱাব নোখোজো কেতিয়াও।"
"পখী বা..কিন্তু এই কথাবোৰ আপুনিও যদি নকয়,প্ৰানজিত দাও যদি ভবা নাই তেন্তে প্ৰানজিত দা যদি বেলেগৰ লগত সম্পৰ্কত আহে আপুনি আঘাত নাপাব'নে?"
"আঘাত....পাম বহুত পাম।তাক লৈ যদিও মই স্বাৰ্থপৰ হৈ পৰিছো কিন্তু তাৰ সুখক লৈ স্বাৰ্থপৰ হ'ব নোৱাৰো।সি যাক লৈ সুখী হ'ব সেইদিনা মইয়ে তাক পাৰ্টী দি দিম।"কথাটো কওঁতে মনত দুখ লাগিছিল যদিও সেই দুখ সামৰি পখীয়ে কৈ গ'ল।
"পখী বা..যদি প্ৰানজিত দাই আপুনি ভবাৰ দৰে আপোনাক লৈ কথাবোৰ তেনেকৈ নাভাবে তেতিয়াহ'লে আপোনালোকৰ বন্ধুত্ব ভাঙি যাব নেকি?প্লিজ..নাভাঙিব।আপোনালোকে ইজনে সিজনক কৰা সমৰ্থন,সহায়বোৰ ইমান ভাল লাগে দেখি।এনেকুৱা বন্ধুত্ব হয়তো আজিকালি যুগত পাবলৈ সহজ নহয়।"
"ধেইত এইজনী।কিয় ভাঙিম,নাভাঙো সোণজনী।ভাল মইহে তাক পাওঁ,সিটো একো কোৱাই নাই।তাৰ গাটো একো ভূল নাই।অ' যদি সি বেলেগ কাৰোবাক ভালপোৱা বুলি শুনো তেতিয়াহ'লে মই ইয়াৰ পৰা গুচি যাম।তাক মই আনৰ লগত থকাটো চাবলৈ সাহস কৰিব নোৱাৰিম।"
"এইয়া আপুনি কি কৈছে!!ক'ত যাব আপুনি??"
"মোৰ সাংবাদিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বহুত মন আছিল।গতিকে দুই বা তিনি বছৰৰ ভিতৰতে বাংগালোৰ যাম বুলি ঠিক কৰি থৈছো।"
"তাৰমানে আপুনি আমাক এৰি থৈ যোৱাটো খাতাং?"
"ৰ'ছোন।যাওঁ নে নাযাওঁ নিৰ্ভৰ কৰিব এতিয়া প্ৰানজিতৰ উত্তৰতহে।গতিকে,মিছ গৌৰী...hope for the best আৰু বুজিছ'।"
"বুজিছো বুজিছো।তেতিয়াহ'লে দুই এদিনতে মই আপোনাক প্ৰানজিত দাৰ মনৰ বতৰা লৈ আনি দি আছো।হ'বনে পখী বা??"
"হ'ব দে।এতিয়া ব'ল যাওঁ।বহুত দেৰি আড্ডা দিলো ন'।"
"উমম ব'লক ব'লক,পখী বা।"
      পখী বাই প্ৰানজিত দাক ভাল পায়।প্ৰানজিত দাইও বাৰু ভাল পাইনে?কি উত্তৰ দিব বাৰু সি!এইবোৰ ভাবি ভাবি গৌৰীয়ে আহি থাকোতে শশাংকক লগ পালে।
"শশাংক,তুমি প্ৰানজিত দাক দেখিছিলা নেকি?"
"অ' অথনি ছেটত অনুৰাগ দাৰ লগত দেখিছিলো।কিয় কিবা কাম আছিল নেকি?"
"নাই তেনেকুৱা একো।এনেইহে বিচাৰিছিলো।"
  গৌৰীয়ে মনতে ভাবিলে।এই ভাল লগা খবৰটো তাই প্ৰানজিত দাৰ উত্তৰ শুনা পিছতেই অফিচত সকলোকে কৈ হুলস্থূল লগাই দিব। অৱশ্যে যেতিয়ালৈকে সঠিককৈ একো গম নাপায় তেতিয়ালৈকে কাকো এই বিষয়ে জানিবলৈ নিদিয়ে।সেইবোৰ ভাবি আহি থাকোতেই তাই প্ৰানজিতৰ মুখামুখি হ'ল।
"গৌৰী,পৰ্ণা ঠিকে আছেনে?ৰাতিপুৱাৰ পৰা তাইলৈ ফোন লগাই আছো এবাৰো ৰিচিভ কৰা নাই।অফিচৰ পৰা ওলায়েই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবি আছিলো।"
"বা এতিয়া ঠিকেই আছে প্ৰানজিত দা।আপুনি চিন্তা কৰিব নালাগে।"
"কালি ৰাতিৰে পৰা তাইৰ চিন্তাত মই শুব পৰা নাই।পৰ্ণাৰ মনৰ ভয়বোৰৰ কথাই বাৰে বাৰে মনলৈ আহি আছিল।"
"মই থকা লৈকে বাৰ একো হ'ব নোৱাৰে।এতিয়া এইবিলাক চিন্তা মোৰ ওপৰত এৰি দিয়ক আৰু মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক।"
"কি প্ৰশ্ন?"
"এইকেইদিনটো আপুনি আপোনাৰ ডকুমেণ্টৰী খনৰ কামত বহুত ব্যস্ত আছিল।ব্যস্ততাৰ মাজত আপুনি পখী বাৰো খবৰ ৰাখিছিল নে?"
"খবৰ মানে?তাই মোৰ ভাল বান্ধৱী আৰু তাইৰ কিবা সমস্যা থাকিলে চোন মোক কয়েই।প্ৰতি মুহুৰ্তে মুহুৰ্তে তাইৰ খবৰ ৰাখিব লাগে বুলি নাভাবো কাৰণ তাই নিজেই এজনী strong independent ছোৱালী। "
"আচলতে তেনেকুৱা কথা নহয়।প্ৰানজিত দা...আচলতে....মানে...কথাটো হ'ল.."
"এনেকৈ কিয় কৈ আছা?আচল কথাটো কোৱা?"
"মানে প্ৰানজিত দা...আপোনাক পখী বাইদেৱে ভাল পায়।"
"কি!!!!!কি কৈছা!পখীয়ে মোক!"
"অ' প্ৰানজিত দা,মই সঁচাকৈ কৈছো।পখী বাইদেৱে বন্ধুত্ব ভঙাৰ ভয়তহে কথাবোৰ খুলাখুলিকৈ ক'বলৈ সাহস কৰা নাই "
"কিন্তু তাইৰ প্ৰতি ভাল বান্ধৱীৰ বাহিৰে মোৰ মনত বেলেগ অনুভূতি একো নাই।যদি আছে সেই বিশেষ অনুভূতি বেলেগ এজনৰ বাবেহে আছে "
"কাৰ!!! ...কাৰ প্ৰতি আছে??"
(আগলৈ...)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)