উন্নয়ন, জনগন আৰু গণতন্ত্ৰ প্ৰসংগত একলম

গ্রীক দার্শনিক প্লেটোয়ে সাধাৰণ জনগণৰ মতামতৰ কোনো মূল্য আছে বুলি তেখেতে নাভাৱে। তেখেতৰ মতে, এইবোৰ মতামত পৰিৱর্তনশীল। ৰোমান লেখক সকলেও জনমতৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া নাছিল। প্রাচীনকালত জনমতৰ কিছুমান ভূমিকা হয়তো আছিল, কিন্তু মতামত দিয়াৰ অধিকাৰী হিচাপে মানুহ আছিল তেনেই নগণ্য। মতামত প্রকাশৰ সুষ্ঠু তথা নিয়মতান্ত্রিক কোনো পদ্ধতিও নাছিল। ৰোমান সকলৰ ব্যাপক ৰাজ্য বিজয়ৰ কাৰণে সংবাদ আৰু তথ্যৰ মূল্য বৃদ্ধি পায়। ফলত ৰোমান সকলে vox populi অথবা ‘জনগণৰ কথা’ জনসমুদ্ৰত উপস্হাপন কৰিবলৈ আৰম্ভ কৰে।
    ১৮ শতিকাৰ মধ্যভাগ পর্যন্ত তথাকথিত ৰাজনৈতিজ্ঞ সকলে vox populi, vox dei তথা ‘জনগণৰ কথাকেই ঈশ্বৰৰ কথা’ বুলি ভাৱি লৈছিল। ইয়াৰ পিছৰে পৰাই দ্রুত অৱস্থাৰ পৰিৱর্তন হ'বলৈ দৰে। ফ্রান্ছত ৰুচো অথবা ইয়াৰ পিছত নেকাৰ জনমতৰ গুৰুত্বক লৈ কথা ক'বলৈ আৰম্ভ কৰে। ইংলেণ্ডৰ জেৰেমি বেনথামে অত্যন্ত প্ৰকট হয় কয়, দেশত কু-শাসন সামাজিকভাৱে ৰোধ কৰাৰ নিমিত্তে জনমত এটি বিশেষ শক্তি আৰু গণতন্ত্রৰ এক গুৰুত্বপূর্ণ ভিত্তি। তাৰ পৰাই জনমতৰ গুৰুত্ব তথা গণতন্ত্রৰ যাত্রা সূচনা হয় বর্তমান লৈকে।
    ‘দ্যা স্পিৰিট অৱ লজ’ গ্রন্থত মন্টেস্কুয়ে কৈছে, দেশত কেনে ধৰনৰ চৰকাৰ থাকিব অথবা কোনে শাসনকার্য পৰিচালনা কৰিব সেয়া বাচনি কৰাৰ ‘মাষ্টাৰ’ হিচাপে কাম কৰে একান্ত ভোটাৰ সকলেই।’ ভাৰতৰ সংবিধানতো এই কথাকেই স্বীকৃতি দিছে। কোৱা হৈছে, ‘প্রজাতন্ত্রৰ সমগ্ৰ ক্ষমতাৰ মালিক একমাত্ৰ জনগণ’।
   আধুনিক গণতান্ত্রিক ৰাষ্ট্রত সার্বভৌম ক্ষমতাৰ মালিক হৈছে, জনগণ। ভোটাৰ সকলে তেওঁলোকৰ সু-বিবেচনাপ্রসূত মতামত দিয়াৰ মাধ্যমত এটি নির্দিষ্ট সময়ৰ বাবে প্রতিনিধি নির্বাচন কৰে। এই প্রক্রিয়া যাতে নির্বিঘ্ন তথা স্বচ্ছ হয় সেয়া নিশ্চিত কৰাৰ দায়িত্ব কেৱল ৰাষ্ট্রৰ। সপ্তদশ শতিকাৰ পৰাই গণতন্ত্রত নির্বাচন এটি অলঙ্ঘনীয় বাস্তৱতা। নির্বাচনৰ মাধ্যমত আইন সভা, আঞ্চলিক অথবা স্থানীয় চৰকাৰে জনপ্রতিনিধি বাঁচনি কৰে। আধুনিক গণতন্ত্রত জনপ্রতিনিধি বাচনি কৰাৰ একমাত্ৰ পন্থা হৈছে নির্বাচন।
   গ্রীছ দেশৰ এথেন্ছত গণতন্ত্রৰ আদি চেহেৰাত নির্বাচনক যেনেদৰে ব্যৱহাৰ কৰা হৈছিল সেয়া কিছু পৰিৱর্তন হৈছে। অতীতত নির্বাচনক শাসকগোষ্ঠীৰ এটি প্রতিষ্ঠান হিচাপে গণ্য কৰা হৈছিল আৰু ৰাজনৈতিক ক্ষমতাৰ বেছি ভাগেই পূৰণ কৰা হৈছিল জনমত ভিত্তিক বাঁচনি কৰাৰ মাধ্যমত। সঙ্কীর্ণতা আৰু আত্মকেন্দ্রিকতা সেই অৱস্থাতেই বিচ্যুতি ঘটাইছে। ফলত স্থান, কাল আৰু পাত্রভেদে জনমতৰ গুৰুত্ব তথা গণতন্ত্রৰ স্বৰূপও ভিন্ন ৰূপ লৈছে।
   গণৰায়ৰ ভিত্তিত জনপ্রতিনিধি নির্বাচনৰ ঐতিহ্য প্রাচীন বুলি কলেওঁ ভুল ন'হব। প্রাচীন গ্রীছ আৰু ৰোমত নির্বাচনপদ্ধতিৰ প্রয়োগ আছিল সীমিত আকাৰত। মধ্যযুগতো ৰোমান সম্রাট আৰু পোপৰ দৰে শাসক বাঁচনি কৰিবলৈ নির্বাচনপদ্ধতি অনুসৰণ কৰা হৈছিল। মধ্যযুগত পাল ৰজা সকলৰ মাজত ‘গোপাল’ বাঁচনি কৰা হৈছিল একমাত্ৰ মতামতৰ মাধ্যমত।
   সেয়েহে আধুনিক ‘নির্বাচন’ হ'ল জনগণৰ প্রত্যক্ষ ভোটত চৰকাৰ নির্ধাৰণ। সপ্তদশ শতাব্দীৰ সূচনা কালৰ পৰা উত্তৰ আমেৰিকা আৰু ইউৰোপত যেতিয়া প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ ধাৰণা তাৰ পূৰ্বে জনসাধাৰণেৰে চৰকাৰী পদাধিকাৰী বাচঁনিৰ এই আধুনিক ‘নির্বাচন’ বিষয়টিৰ আবির্ভাৱ হোৱা নাছিল।
     ভাৰতীয় উপমহাদেশত গণতন্ত্রৰ ইতিহাঁস খুবেই প্ৰাচীন নহয়। ঔপনিবেশিক শাসনৰ পূৰ্বে উপমহাদেশত ৰাজতন্ত্র অব্যাহত আছিল; কিন্তু ১৯৪৭ চনত ব্রিটিছ শাসনৰ অৱসান তথা ভাৰত বিভাজনৰ পিছত এই উপমহাদেশত আধুনিক গণতন্ত্রৰ সূচনা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰী ভাৰত এটি প্রজাতন্ত্রত পৰিণত হ'ল আৰু নতুন সংবিধান অনুযায়ী ভাৰতবৰ্ষত এটি ‘ধর্মনিৰপেক্ষ তথা গণতান্ত্রিক’ ৰাষ্ট্রৰ প্রতিষ্ঠিত কৰিলে।
   গণতান্ত্রিক মূল্যবোধৰ চর্চাৰ কাৰণেই স্বাধীনতাৰ পিছত ভাৰতৰ ব্যাপক অগ্রগতি ঘটে আৰু অনেক সমস্যাৰ সমাধান সম্ভৱ হয়। কৃষি আৰু শিল্প ব্যৱস্থায়ো প্রভূত উন্নতি লাভ কৰে। ফলত ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্র হিচাপে পৰিচিত লাভ কৰিছে। একেই সময়ত স্বাধীনতা লাভ কৰিলেও গণতন্ত্র চর্চাত পাকিস্তানে তেনে কোনো সাফল্য দেখাব পৰা নাই। যাৰ বাবে পাকিস্হানত ৰাজনৈতিক স্থিতিশীলতা আজিও গঢ়ি উঠা নাই।
   পাকিস্তান ভাৰততকৈ অনেক ক্ষেত্রত এতিয়াও পিছুৱাই আছে। ১৯৫৪ চনত পাকিস্তানত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হয়; কিন্তু সেয়া প্ৰত্যক্ষ ভোট নাছিল। ১৯৬২ চনৰ শাসনতন্ত্রত প্রত্যক্ষ ভোটৰ প্রথা ৰহিত কৰি ‘ইলেকট্রোৰাল কলেজ’ সৃষ্টি কৰা হয়। ইয়াৰ ৮০ হাজাৰ সদস্যৰ ভিতৰত ভোটদানৰ অধিকাৰ সীমিত আছিল। তেওঁলোকে প্রেচিডেন্ট আৰু জাতীয় প্রাদেশিক পৰিষদৰ সদস্য সকলৰ নির্বাচিত কৰে। ১৯৭০ চনত পাকিস্তানত প্রথমবাৰৰ দৰে জনগণৰ প্রত্যক্ষ ভোটত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়।
   কিন্তু সেই নির্বাচনৰ গণৰায়ৰ প্রতি শাসকচক্র শ্রদ্ধা তথা সম্মান দেখাব পৰা নাই। গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবোধৰ অনুপস্থিতিত এক অনিবার্য বাস্তৱতাৰ প্রেক্ষাপটত পাকিস্তান ৰাষ্ট্র আৰু অখণ্ড হিচাপে থাকিব পৰা নাই। ফলত ১৯৭১ চনত বিশ্বমানচিত্রত বাংলাদেশ নামক নতুন এক জাতিসত্তাৰ উন্মেষ ঘটে। ইয়াৰ বাবে দায়ী পাকিস্তানী শাসকচক্রৰ অগণতান্ত্রিক মানসিকতা তথা জনমতৰ প্রতি সীমাহীন অশ্রদ্ধা।
   অধ্যাপক গেটেলৰ মতে, ‘গণতান্ত্রিক ব্যৱস্থা কেনে পর্যায়ত আছে সেয়া বুজা যায় নির্বাচকমণ্ডলী চৰকাৰৰ ওপৰত কিমানখিনি প্রভাৱ বিস্তাৰ কৰিছে আৰু চৰকাৰৰ অন্যান্য বিভাগৰ সৈতে তাৰ সম্পর্ক কেনেধৰনৰ তাৰ পৰা। এই ক্ষেত্রত আমাৰ দুর্বলতা অস্বীকাৰ কৰাৰ কোনো উপায় নাই।
   দেশত গণতন্ত্রৰ যে কক্ষচ্যুতি হয় সেয়া দেশীয় আৰু আন্তর্জাতিক মহলৰ সাম্প্রতিক নির্বাচন-পৰৱর্তী ক্রিয়া প্রতিক্রিয়াৰ পৰা স্পষ্ট হৈ পৰে। এই দেশৰ নির্বাচনৰ মান নিৰ্ণয়নক লৈ নির্বাচনী আয়োগে আত্মতুষ্টিত ভুগিলেও প্রধান নির্বাচনী কমিচনাৰে স্বীকাৰ কৰিছে যে, অনেক ক্ষেত্রত কাংক্ষিত মানৰ নির্বাচন সম্ভৱ হৈ নুঠে। ইয়াৰ আত্মস্বীকৃতি দিছে চৰকাৰী দলৰ পক্ষৰ পৰাও। 
   বেহাল গণতন্ত্র চর্চাৰ কাৰণেই সাধাৰণ মানুহ নির্বাচন বিমুখ। সাম্প্রতিক নির্বাচনবোৰত জনমতৰ প্রতিফলনক লৈ যিবোৰ প্রশ্নৰ সৃষ্টি হৈছে, ৰাষ্ট্র অথবা চৰকাৰে কোনো সঠীক উত্তৰ দিব পৰা নাই। সদ্য সমাপ্ত লোকসভা নির্বাচনৰ বিষয়টি ভোটাৰ সকলৰ অনাগ্রহ সেই দিশতেই আঙুলি দিয়ে। নির্বাচনত ভোটাৰ সকলৰ উপস্থিতি যে খুবেই নগণ্য সেয়া মন্ত্রী তথা নির্বাচনী আয়োগেও স্বীকাৰ কৰে। 
   মানুহৰ মূল্যায়ন হ'ল, এই নির্বাচনত ক্ষমতাসীন দলৰ কিছুসংখ্যক নেতাকর্মী বাদে আন কোনো মানুহে ভোট দিবলৈ নাযায়। অনেকেই আকৌ কৈছে, জন্মৰ পিছত ভোটৰ এই বেহাল অৱস্থা আৰু কেতিয়াও দেখা নাই। ভোটাৰ সকলে এই নির্বাচনক জনমতৰ প্রতিফলনৰ অনুকূল বুলি ভাৱি নলয়।
   আটাইবোৰ জাতীয় ৰাষ্ট্রবোৰে যেতিয়া গণতন্ত্রক অৱলম্বন কৰি সন্মুখফালে অগ্ৰসৰ হৈছে, তেতিয়া আমাৰ পশ্চাৎপদতা অত্যন্ত লজ্জাজনক। ‘আগত উন্নয়ন, তাৰ পিছত গণতন্ত্র’ কথাটি শ্রুতিমধুৰ হ'লেও মুঠেই বাস্তৱসম্মত নহয়। গণতন্ত্র অবিহনে উন্নয়ন কল্পনাবিলাস মাত্র। কোনো ৰাজনৈতিক শক্তিৰ একক কর্তৃত্বক গণতন্ত্র বুলি কোৱাৰ সুযোগ নাই। শেষত গণতন্ত্রৰ মর্মবাণীয়েই হৈছে সমতা।

🖋️হাফিজ বায়েজীদ বোস্তামী
সম্পাদকঃ সাংবাদিক পৰিষদ অসম, মৰিগাওঁ জিলা সমিতি।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send