অ মা অ মা
তুমি মোৰ মা।
তুমি অবিহনে এই পৃথিৱীত,
নাই মোৰ একো ।
অ মোৰ মা ,
জীৱনৰ প্ৰথম মাত মাতিছিলোঁ
তোমাক অ মোৰ মা ,
দেখিছো পৃথিৱীখন তোমাৰ কাৰনে ।
অ মোৰ মা ,
দুখ কষ্ট সহ্য কৰি ।
দিছিলা জন্ম তুমি মোক মা,
নোৱাৰো কৰিব শুধ মই।
তোমাৰ এই ঋন ,
অ মোৰ মা ।
জীৱনৰ সাত জনম লব খোজোঁ,
তোমাৰ কোলাতে জন্ম ।
অ মোৰ মা ,
চিৰদিন থাকিব খোজোঁ ।
তোমাক সাৱটি লৈ ,
অ মোৰ মা।
📝প্ৰমিলা বৰ্মন
বঙাইগাও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ