বিলুপ্তপ্ৰায়ী মহানিমৰ বিষয়ে

Rinku Rajowar
0
সাম্প্ৰতিক সময়ত বিলুপ্ত প্ৰায় হ'ব খোজা বিভিন্ন বনৌষধি বা মূল্যৱান উদ্ভিদসমূহৰ ভিতৰত অন্যতম হৈছে নিম।নিম এবিধ ঔষধি গছ।সৰু সৰু ধুনীয়া পাতেৰে সজ্জিত প্ৰকৃতিৰ অন্যতম অৱদান।নিমগছ দেখিবলৈ বেছ ওখ হয়।ই সাধাৰণতে ১১-১২ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ বৈজ্ঞানিক নাম Meliya Indica আৰু শাস্ত্ৰীয় নাম নিম্ব,তিক্তক,গিচুৰ্মাদ আদি।
         নিম গছৰ কাঠ খুব টান আৰু কেতিয়াও ঘূনপোক নধৰে , উঁই পোকেও খাব নোৱাৰে।ই বহুত কাৰ্য্যকৰী তথা মানুহৰ কাৰণে অতি প্ৰয়োজনীয় গছ। ইয়াৰ কীটনাশক, বীজাণুনাশক আৰু বায়ু পৰিশোধনকাৰী গুণ আছে। ইয়াৰ পাত , ফুল, ছাল, শিপা, বীজ আদি ৰোগ নিৰাময়ৰ উত্তম দৰকাৰ।নিমগছ সাধাৰণতে গৃহস্থই পদুলি মুখ বা ঘৰৰ চৌহদত যত্নেৰে ৰোৱা হয় কাৰণ এই গছৰ বতাহ স্বাস্থ্যৰ বাবে ভাল। তাৰোপৰি প্ৰাচীন কালৰে পৰাই বাদ্যযন্ত্ৰ বনোৱাৰ কাৰণেও নিমকাঠ ব্যৱহৃত হৈ আছে।এই মহানিমৰ ৰোগ নিৰাময়ৰ যথেষ্ট গুৰুত্ব আছে। সেয়েহে এই গুণাগুণৰ বিবেচনা কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই একৈশ শতিকাৰ বৃক্ষ বুলি ঘোষণা কৰিছে। সমগ্ৰ বিশ্বতে নিম গছৰ পাত ,ফল আৰু বাকলি ঔষধৰ কেঁচা সামগ্ৰী হিচাপে পৰিচিত। বৰ্তমান বিশ্বত ই antiseptic হিচাপেও পৰিচিত।ই বেক্টেৰিয়াৰোধক, ভাইৰাছৰোধক,কীট-পতংগনাশক, মেলেৰিয়া নিৰাময়,দন্ত চিকিৎসাত বিষমুক্তি আৰু জন্ম নিয়ন্ত্ৰণত ব্যৱহৃত।তলত মহানিমৰ গুণাগুণ তথা গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হ'ল।
১.নিমপাত চৰ্মৰোগৰ বাবে বহু উপকাৰী। পুৱা ঠাণ্ডা পানীৰে পাত দুখিলাকৈ খালে চৰ্মৰোগৰ পৰা হাত সাৰিব পাৰি।
২.নিমপাত দাঁতৰ বাবেও বহুতো উপকাৰী।নিমপাত,ছালৰ গুড়ি বা নিমৰ ছালেৰে নিয়মিত দাঁত মাজিলে দাঁত মজবুত হয়।
৩.উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত টো নিমপাত পৰম উপকাৰী।
৪.জন্ম নিয়ন্ত্ৰণটো নিমতেল এবিধ শক্তিশালী শুক্ৰানুনাশক। ভাৰতীয় বিজ্ঞানীৰ অনুসন্ধানৰ মতে ।ই ৩০ ছেকেণ্ডৰ ভিতৰত শুক্ৰানু ধ্বংস কৰিবলৈ সক্ষম।
৫.মুখৰ দাগ দূৰ কৰাত সৰ্বোত্তম ঔষধ হ'ল নিম। মুখমণ্ডলত pimple হ'লে নিমপাতৰ facepack ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
৬.জণ্ডিচ আৰু এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিমপাতৰ গুৰি পানীত মিহলাই খাব লাগে।
৭.মূৰৰ বিষ হ'লে সেই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিম গুটিৰ তেল মূৰত ঘঁহিব লাগে।
৮.মহানিমৰ পাতৰ গুড়ি আমলখি গুড়িৰ সৈতে মিহলাই খালে পিত্ত ৰোগ নিৰাময় হয়।
             গতিকে বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ এই পৰম উপকাৰী গছজোপা যধেমধে কটাৰ বিপৰীতে প্ৰতিখন ঘৰতে একোজোপাকৈ হ'লেও ৰোপণ কৰি ইয়াক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব লাগে।


🖋️ শ্ৰীমতী পংখী মৰাণ
ঠিকনা: কাকজান
মহাবিদ্যালয়:ৱিমেনজ্ কলেজ তিনিচুকীয়া
জিলা: তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)