৩৯° প্ৰসৰ ৰ'দ,
বিয়লি ২ বাজি ১৫ মিনিট
সকলোৱে ছাঁ বিচাৰি বৃক্ষৰ তলত,
আৰু মই বিচাৰিলো..
ক'লা ক'ৰ্টৰ বগা চোলাত।
শীতল ছাঁৰ সন্ধানত যে,
বেলতলা,আজাৰা,গুৱাহাটী
সকলোতে ডলাৰ বগৰী।
সীমাহীন মন আৰু নিষ্ঠুৰ দেহাৰ,
প্ৰচণ্ড যুঁজ আজি,
একমাত্ৰ শীতল ছাঁৰ সন্ধানত।
ৰং-বিৰঙী বাইকৰ চেম্বাৰ সাজি,
শীতল ছাঁৰ সন্ধান বিচাৰো
সেই ক'লা ক'ৰ্টৰ বগা চোলাত।
উদাৰ মনে পাই কেতিয়াবা
এফিডেভিত,কাৰেকচন ইত্যাদি।
ঠিক ১বজাৰ লগে লগেই যে
বাজি উঠে কুৰুক-কাৰাক প্ৰচণ্ড শব্দ,
অন্তৰালত শীতল জলে,
মন মোৰ ভৰপূৰ কৰে।
চেম্বাৰ ৰুম চেম্বাৰ ৰুম
দিনে নিশাই অহা যোৱা।
জ্বলে বিশুদ্ধ ৰঙীণ পানী
১৮০ ত দিনে নিশাই।
কেৱল আশাৰ সন্ধান বিচাৰি,
নাই কোনো উচিত মূল্য!
পাওঁ কেৱল আশা ভৰসাৰে ভৰা,
শূণ্যৰ প্ৰকাণ্ড কলঘৰ।
বেতনৰ আশাৰ বাটত,
বহি আছো অসীমত শাৰী পাতি।
পাইছো মাত্ৰ পুঠি খলিহনা।
উদাসহীন মনে পুনৰ ,
ৰং বিৰঙী শাৰী লগোৱা চেম্বাৰ সাজি,
খলিহনাৰ দেশত পুনৰ
ক'লা ক'ৰ্টৰ বগা চোলাত ছাঁ বিচাৰি ।
🖋️আনন্দ গোৱালা
সাধাৰু, বিশ্বনাথ চাৰিআলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ