মানুহবোৰে যেতিয়া অভিনয় কৰে (অণুগল্প)

কাম কৰা ছোৱালী কণমানি ৰেখাৰ হতুৱাই পুৱাৰ কামখিনি খৰধৰকৈ কৰি অঁতাই মণি বাইদেউ সভাখনলৈ যাবলৈ সাজু হৈছে। আজিৰ সভাখনত বাইদেউক বিশেষ অতিথিৰূপে আমন্ত্ৰণ জনোৱা হৈছে। এগৰাকী উচ্চ শিক্ষিত তথা সমাজসেৱিকা হিচাপে বাইদেৱে হেনো শিশু শ্ৰমিকবিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাইজক একাষাৰ ক'ব লাগিব। সেয়েহে বাইদেৱে  কালি ৰাতিয়েই লিখি সম্পূৰ্ণ কৰা ব্ক্তৃতাটোত পুনৰ এবাৰ চকু ফুৰাই ল'লে। তাৰ পিছত বাইদেউৰ ঘৰত কাম কৰা কণমানি ৰেখাক চিঞৰি মাতিলে আৰু ক'লে-"ৰেখা, দুপৰীয়াৰ ভাত সাজ ৰান্ধিবি,বাচনবোৰ ধুবি,ঘৰটো মচি থ'বি, মই আহিলোঁ।" 

প্ৰাৰ্থনা সন্দিকৈ 
স্নাতক প্ৰথম ষাণ্মাসিক 
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় 
ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send