এজাক বৰষুণৰ অপেক্ষাত -১৪

Rinku Rajowar
0
_______ আপুনি স্বাগত দাক কৈ লওঁক।
প্ৰান্তিক_______ নাই নালাগে। সি গম পাবই।
_____ ওম
আমি তিনিটা ফোনত লাইনত আছো। প্ৰান্তিক দাই বৰ্ষা লৈ ফোন লগাইছে। তাই এবাৰতে ফোন টো ধৰিলে।
বৰ্ষা______ অ প্ৰান্তিক দা কোৱা।
প্ৰান্তিক______ কি কৰিছা ভাল নে?
বৰ্ষা______ ওম ঠিক থাক।
বেছেৰি জনীয়ে কথা খিনি মোৰ বাহিৰে কাৰো আগতে কব পৰা নাই। তাই লুকুৱাই দিছে।
প্ৰান্তিক______ সঁচাকৈ নে?
বৰ্ষা_____ অ সঁচাই কিয়।
তাই অলপ সন্দেহত সুধিছে।
প্ৰান্তিক______ জীয়া লগত ফোনত কথা পাতিছিলা নেকি ?
বৰ্ষা______ হমমম,,,,
প্ৰান্তিক______ মই গম পালো কথা খিনি তুমি চিন্তা নকৰিবা । আমি গোটেই কেইটা conference ত আছো । জীয়া আছো স্বাগতো আছে । আমি কিবা এটা কৰিবলৈ কে ফোন কৰিছো।
বৰ্ষা______ লাভ নাই অ। জীয়াইও মাৰ লগত কথা পাতিছিল একো নহব আৰু এতিয়া।
কথা খিনি কৈ তাই আকৌ কান্দি পেলালে ।
______ বৰ্ষা তই নাকান্দিবি । চা আমি আছো নহয়।
প্ৰান্তিক______ শুনা বৰ্ষা কথা খিনি। আমি কেইটাই কথা এটা ভাবিছো।
বৰ্ষা______ ওম 
প্ৰান্তিক______ সেইদিনা জীয়াৰ মুখৰ পৰা কথা খিনি তোমাৰ গম পালো। এতিয়া হাতত সময়ো নাই। বেলেগ কিবা ব্যৱস্থা লোৱা। So তুমি তোমাৰ মামাৰ ঘৰলৈ গুচি যোৱা একেবাৰে।।
ইমান পৰে মনে মনে থকা স্বাগত দাই কলে,"অ মইও সেইটো ভাবিছো। তুমি খালি ঘৰত কথাটো কব নোৱাৰিবা । মনে মনে যাব লাগিব। লাগিলে আমিয়ে তোমাক থৈ আহিম গৈ । 
_____অ বৰ্ষা কথা টো বেয়া নহয় । তই এনেকৈ কান্দি কান্দি থকাত কৈ গুচি যা তাৰলৈকে। বিয়া হব নোৱাৰ"  তই এতিয়াই।
বৰ্ষা______ মইও তাৰ লৈকে যাম বুলি ভাবি আছিলোঁ একেবাৰে।।কিন্তু মই গুচি যোৱা পাছত কি হব তই জান" নে? মামা ঘৰৰ লগত যে মাৰ একো সম্পৰ্ক নাই। আৰু মই যদি তাত আছো বুলি গম পাই তেতিয়া কি হব। মোৰ কাৰণে মামা হঁতৰ কিবা হোৱাটো মই নিবিচাৰোঁ।
প্ৰান্তিক______ তুমি সেইবোৰ চিন্তা নকৰিবা । সেইখিনি আমি মেনেজ কৰিম। যি হয় দেখা যাব।। কোৱা এতিয়া কেতিয়া যাব পাৰিবা তুমি?
বৰ্ষা______ মই এইবোৰ নকৰোঁ অ। হব মোৰ ভাগ্য ত এনেকুৱাই আছিল। মোৰ কাৰণে তোমালোকৰো problem হ'ব।
স্বাগত_____ তুমি আমাৰ কথা চিন্তা কৰিব নালাগে। আৰু ভাগ্য ক দুখ কিয় দিছা। কামেই হে ভাগ্য নিৰ্ধাৰণ কৰে। 
______ অ বৰ্ষা বুজি পা। তোৰ ভালৰ কাৰণেই কৈছোঁ। আজিয়েই বল তোক থৈ আহোগৈ।
প্ৰান্তিক_____ বেছি কৈ ভাবি থাকিব নালাগে। ওলোৱা তুমি।আমি ৰেদি আছো।
বৰ্ষা_____ ওম জীয়া তই আহিবি নে
______ যদি প্ৰান্তিক দাই নিয়ে যাম।আৰু মই মাক সুধাই নাই নহয়।সুধি লম।
প্ৰান্তিক______ ইচ, মই যেনিবা তাইক নিনো বুলি হে কলো।পোৱালি
_______ huh। মোক কোৱাই নাই আৰু আপুনি।
বৰ্ষা_____ হব তহঁতি কাজিয়া কৰি থাক। মই ওলাই লওঁ গৈ।
হাঁহি দিছে তাই।
_____ যা
তাই ফোন টো কাটি দিলে।
_______ স্বাগত দা তোমালোকে কি কৰিবা এতিয়া পাতি লোৱা। মই মাক সুধি লওঁ।
স্বাগত______ অ যোৱা।

মাক কথা খিনি ক"লো। স্বাগত দা আৰু প্ৰান্তিক দৰ কথা মই লগৰ বুলিয়ে কলো।বেছি ভাঙি পাতি কৈ নাথাকিলো। মায়ে যাবলৈ নালাগে বুলি হে কব ধৰিছিল কিন্তু লগৰ এজনীৰ খাতিৰত যেনিবা যাবলৈ নিদিয়া কৈ নাথাকিল। যাবলৈ পাই ভালেই পালো। কিন্তু প্ৰান্তিক দাক অলপ জোকাই লওঁ ভাবিলো।যাবলৈ নিদিয়ে বুলি কৈ চাওঁ কিনো কয়। ফোন কৰিলো।
_____ hello
প্ৰান্তিক______ bolo
_______ ইচচচচ্্্্ 
হাঁহি দিলো।
প্ৰান্তিক_______ কি ইচ আকৌ।
_______ bolo বুলি কৈছে হাঁহি উঠিছে মোৰ।
প্ৰান্তিক_______ huh।। হাঁহিবলৈ বা কি হ'ল।
______ হব শুনক চোন।।
প্ৰান্তিক______ কৈ যোৱা শুনি আছো।
আও বেলেগ কৈ কৈছে আজি কথা বোৰ।ভাল লাগিছে বহুত।
________ মোক মায়ে যাবলৈ নিদিয়ে। Uhu
প্ৰান্তিক______ ঠিক আছে আমি অকলে যাম। মজা
_______ কি আপুনি ভাল পাইছে। মই ভাবিছিলো আপুনি মোক যাবলৈ নিদিয়া কাৰণে আপুনি বেলেগ কিবা কব। Huh বহুত বেছি।
প্ৰান্তিক______ মই জানো অ।তোমাক যাবলৈ নিদিলে মোৰ বেয়া লাগিব কিন্তু মই কৈ নিদি তোমাৰ নিজৰ মুখেৰে কথাটো উলিয়াই পেলালো। হা়ঃহাঃ
_______ নাযাওঁ হ'ব। ইমান টেঙৰ আপুনি।
প্ৰান্তিক______ ইহঃ হব ওলাই থাকিবা।মই ফোন কৰিম।
______ মোক যাবলৈ নিদিয়ে বোলো।।
প্ৰান্তিক______ আৰে যোৱা ওলোৱা গৈ।

আগলৈ,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)