হয় ভুলটো তাইৰে আছিল কাৰণ তাই অনুভৱ বোৰ খুলি কৈ দিছিল ,তাক অগাধ বিশ্বাস কৰিছিল।দেখিলেই নহয় জোখতকৈ বেছি বিশ্বাস কৰিব নালাগে। একো নভবাকৈ সঁচা প্ৰেম কৰিছিল । ঘৰৰ সকলোৰে মাজত লজ্জিত লগা হৈছিল যদিও প্ৰেম কৰিছিল।তাক সময় দিবলৈ ৰাতিপুৱা ৩.৩০ মান বজাত উঠি কথা পাতিছিল ,পঢ়িছোঁ কৈ চিঠি লিখি দিছিল কিমান যে চেষ্টা কৰিছিল তাৰ লগত কথা পাতি থাকিবলৈ আৰু সম্পৰ্কটো নাভাঙিবলৈ।কিন্তু শেষত কি হ'ল ধুনীয়া বেলেগ এজনী ছোৱালী পাই সি তাইক এৰি গ'লগৈ ।তাই আকৌ আগৰ স্মৃতি লৈ জীৱনত আগবাঢ়িব পৰা নাই ।গম পাইছে তাই তাক সঁচা প্ৰেম কৰিছিল তথাপিও সিটো ধুনীয়া ধুনীয়া ছোৱালী পাই আগবাঢ়ি আছে। তাইৰ সঁচা প্ৰেমক নুবুজিলে। তাই কিয় নিজৰ জীৱন ধ্বংস কৰিছে।নাজানো কোনেনো পাৰিব তাইক বুজাবলৈ সেই আগৰ ছোৱালীজনী হৈ তাই কেতিয়া আকৌ হাঁহি আনন্দিত হৈ থাকিব।
📝নিৰদা চুড়ী
চন্টক চাহ বাগিছা
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ