মৰহিবলৈ ধৰা নতুন চিন্তাৰ দিনবোৰ

Rinku Rajowar
0
আগষ্ট মাহৰ শেষত এদিন হঠাৎ ভৰপক ৰ'দৰ পাছত আবেলিৰ বেলিটি ডুব যাবলৈ ধৰোতেই নয়নে নিজৰ বস্তু বিলাক লৈ নিজক এজন সুন্দৰদৰ্শিতা ব্যক্তিৰে গঢ়ি তুলিবলৈ তথা আদৰ্শ ব্যক্তি হোৱাৰ সপোন মনতে পুহি লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰত থকা হোষ্টেল এখনলৈ আহে। নয়নে ভাগৰে জোগৰে হোষ্টেলত প্ৰৱেশ কৰিয়েই নিজৰ বয়বস্তু সমূহ সামৰি থকা সময়তে দুজন মান ভাইটিয়ে আহি চিনা পৰিচয় হোৱাৰ পাছতেই অলপমান সময়ৰ বাবে বিশ্ৰাম লওঁতেই; এনে সময়ত ওচৰৰ ৰুম এখনৰ পৰা "আহিবা জানো উৰুঙা প্ৰজালৈ মোৰ" জুবিন দাৰ গানটোৰ সৈতে ভিতৰৰ পৰা গুণগুণনি শুনিবলৈ পালে । নয়নৰ টোপনি নহা হ'ল । সি টিউৱেললৈ গৈ মুখ খন ধুই থকা অৱস্থাতে বাৰাণ্ডাৰ সিটো চুকৰ পৰা দুজনমানে কথা পাতি থকা শুনিবলৈ পালে, "এই জন নতুন আবাসীক নে হোষ্টেলৰ"। নয়নে নুশুনাৰ ভাওজুৰি নিজৰ ৰুমলৈ প্ৰৱেশ কৰিলে।
            
             এনেদৰে নয়নৰ এদিন দুদিন কৈ হোষ্টেলৰ দিন বোৰ বাগৰিবলৈ ধৰিলে ।সকলোৰে লগত মিলাপ্ৰীতিকে থাকিবলৈ ল'লে । হোষ্টেলত মুঠ দহ জন মান লৰা আছিল। যিহেতুকে নয়নে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এই খন হোষ্টেলত আহিছিল গতিকে বহুতে নয়ন দা বুলিয়েই সম্বোধন কৰিবলৈ লৈছিল । নয়ন দিনটোত শ্ৰেণীনিকোঠাত আবদ্ধ থাকি ৰাতিপুৱা আৰু ৰাতি প্ৰায়েই সকলোৰে লগত হাঁহি ধেমালিকৈ অতিবাহিত কৰিছিল দিনবোৰ। নয়নৰ কেইবাজনো ভাল ভাইটি আছিল সেইখন হোষ্টেলত। যাৰ নাম অভিনাচ, ৰমেন, ৰাম , তিলক ইত্যাদি। তেওঁলোকৰ লগত সদায় হাঁহিধেমালিকৈ পাৰ কৰিছিল দিনবোৰ।
          
          এদিন হঠাৎ নয়নে ক্লাছৰ পৰা আহিয়েই গা ধুই থকা দেখিছিল এজন ভাইটি সুলভ নামটো মঞ্জিত। মনজিতে নয়নক সুধিলে, "তুমি নতুনকৈ আহিছা নি ইয়ালৈ"।
নয়নে ক'লে," অ দাদা মই ইয়ালৈ নতুনকৈ আহিছো"।
মনজিত, "ঠিক আছে, আজি ৰাতি চিনা পৰিচয় হ'ম"।
সন্ধিয়া প্ৰায় 8:30 মান হৈছে দুজনমান বন্ধু ইটো সিটো ভোৰভোৰাই আহি নয়নৰ দুৱাৰত টোকৰ দিলে-
: দৰ্জা খোল নয়ন।
নয়নে দৰ্জা খন খুলি বন্ধু কেইজনৰ ফালে আগবাঢ়ি আহিল। আন দিনা প্ৰশ্ন কৰাৰ দৰে নয়নে ক'লে, "কিবা কাম আছিল নি?" ইটো সিটো ভোৰভোৰাই থকাৰ পৰা এজনে মাত দিলে নয়ন আজি তোমাৰ লগত চিনাকি হম আহিবা চাৰি নং কোঠালৈ।
নয়ন : ঠিক আছে মই গৈ আছোঁ।
সেইদিনাই নয়নে হোষ্টেলৰ সমূহ আবাসীকৰ লগত চিনাকি হল আৰু নিজৰ কৰ্তব্য সমূহ কৰি গ'ল। চিনাকি পৰ্বতে অলপ পলমকৈ সেই কোঠালৈ এজন বন্ধু সোমাই আহিল। দেখাত ওখ আৰু বগা । তেওঁৰ লগতো চিনাকি হ'ল। চিনাকি হওঁতে বন্ধু জনৰ মাতষাৰ নয়নে আগতে কৰবাত শুনাশুনা যেন অনুভৱ কৰিলে। অ' ঠিকেই টো.. সৌ সিদিনা কাষৰ ৰুমটোৰ পৰা গান গাই থকা ল'ৰা জনৰ মাতষাৰৰ দৰে একেই। নামটো হেনো তাৰ জ্যোতিষ্মান। নয়নে ভাল পালে প্ৰথম চিনাকীতে ।এনেদৰেই দিন বোৰ বাগৰিবলে ধৰিলে।
       
           নয়ন এজন ভাল লৰা। সি আনক সহায় কৰি খুবেই ভাল পাই। বৰ আবেগিক ল'ৰাটো । আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী থাকি ভাল পাই ।এনেদৰেই নয়ন আৰু জ্যোতিষ্মানৰ লগত ভাল বন্ধুত্ব গঢ়ি উঠিল। দুয়োয়ে কেতিয়াবা খুব হাঁহি ধেমালিকৈ থাকিবলৈ ল'লে। ইজনে সিজনক সহায়ো কৰিছিল কেতিয়াবা। জ্যোতিষ্মানৰ বহুতো কাম কেতিয়াবা নয়নে কৰি দিছিল। এনেকৈ ইজনে সিজনক জানিবলৈ ল'লে। ইটোয়ে সিটোৰ লগত ধেমালি কৰোঁতে কৰোঁতে লাহে লাহে জ্যোতিষ্মান আলাখৰ লাড়ু হৈ পৰিল নয়নৰ। মাজে সময়ে নয়নৰ কাণ্ডজ্ঞান দেখি অভিনাছ, ৰমেন, তিলক আদিয়েও নয়নৰ বেয়া পায় যায় আৰু ক'বলৈ ধৰে, নয়ন দা আপুনি জ্যোতিষ্মানক ইমান সহায় কৰে আমাকো কেতিয়াবা কৰি পাইছেনে ? নয়নে একো ক'ব নাপাই তহঁতকো কৰিব দে বুলি কৈ থৈ দিয়ে।
          
             দিনবোৰ বাগৰি গৈ আছিল। কিন্তু সময় বৰ নিষ্ঠুৰ। সময়ে সকলো সলনি কৰি দিলে নয়ন আৰু জ্যোতিষ্মানৰ বন্ধুত্বক। সৰ্বোচ্চ শেষ কৰি এদিন আন্ধাৰ নামি আহিল নয়নলৈ। নয়ন শোকত ভাগি পৰিল। সেইদিনা খুবও কান্দিলে ফেঁকুৰি ফেঁকুৰি নয়নে। জ্যোতিষ্মান জানো আহিব কোনোবা এদিন? হোষ্টেলত সকলোৱেই জানে তেওঁলোকৰ কথা আজি বহু দিনেই হ'ল... তেওঁলোকৰ মাজত কথা বতৰা নোহোৱা। এনেকে নয়নে দুখত থাকিবলৈ ল'লে । কোনোবাই সুধিলেও নকয় তই কিয় আজিকালি ফুৰ্তিত নাথাক । কি হৈছে তোৰ এনেধৰণে প্ৰশ্ন কৰিবলৈ ল'লে বন্ধু সকলে। নয়নে একো ক'ব নোৱাৰিলে....ক'ব নোৱাৰিলে কাকো। নয়নে বহুতো ভাগি পৰিছিল। শেষত উপায় নাযায় নিজকে শেষ কৰিবলৈ ওলাইছিল। কিন্তু ভগৱানে তাক ৰক্ষা কৰিলে।
         
            দুখবোৰ আহিলে অকলে আহেনে? নয়নে মমডাল নুমুৱাই বিচনাত পৰিল। চকু দুটা জোৰ কৰি মুদিব খুজিও মুদিব পৰা নাই। আন্ধাৰৰ মাজতে উচুপি উচুপি নয়নৰ মনৰ দাপোনত ক্ৰমান্বয়ে এটা এটা.. স্মৃতিবোৰ আহিবলৈ ধৰিলে। দুখৰ মাজতে আত্মসন্তষ্টি লভিবৰ বাবে যৌৱনৰ দুৱাৰদলিত ঘটি যোৱা ৰোমাঞ্চকৰ মুহূৰ্তবোৰৰ কথা পাগুলি চায় মাজে সময়ে। কেতিয়াবা জ্যোতিষ্মানৰ আগৰ ফটো বোৰ একেথৰে চায় থাকোতেই দুচয়েদি চকুপানী বৈ আহে।
         
               আনদিনাতকৈ নয়নৰ আজি উঠা পলমহে হ'ল। উঠিয়েই লৰালৰিকৈ মুখহাত বোৰ ধুই পঢ়াৰ টেবুলত বহিল। নয়নে সকলো দুখ নেওচি অতীতৰ বেদনাদায়ক স্মৃতি বোৰ বুকুত কঢ়িয়াই আৰু কাহানিও তাৰ বন্ধু জ্যোতিষ্মানক আমনি নকৰাকৈ তেওঁৰ যোগাত্মক দিশবোৰ নাপাহৰো বুলি প্ৰতিশ্ৰুতি দি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিলে। মনতে ভাবিলে একমাত্ৰ মা দেউতাৰ ৰঙীন সপোন বোৰক জীয়াই ৰাখিম পাহাৰৰ দৰে ধীৰ শান্ত আৰু ধৰ্য্যশীলেৰে ।
            
             নয়নে নিজকে চম্ভালিব নোৱাৰি শুকশুকাই কান্দি দিলে...। তেওঁ চিঞৰি বলৈ ধৰিলে অ' জ্যোতিষ্মান মোৰ কি ভুল হ'ল... মোক ক্ষমা কৰি দে বুলি...।
     
            নয়নে সিদ্ধান্ত ল'লে। সি জীয়াই থাকিব কেৱল সমাজৰ হ'কে। উচ্চ শিক্ষা গ্ৰহণ কৰি নিজৰ অঞ্চল খনকো উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিব ভৱিষ্যতে। জ্যোতিষ্মানে নয়নক বহুত বেয়া পাবলৈ ধৰিলে । কিন্তু নয়নৰ মনত কোনো ধৰণৰ বেয়া ভাব নাই জ্যোতিষ্মানলৈ। নয়নে সদায় জ্যোতিষ্মানৰ ভাল হোৱাটোৱেই বিচাৰে। এনেতে নয়নে চকী খনত আউজি বহিল। চকুদুটা মুদি দিলে। মুখেৰে উচ্চাৰণ কৰিলে- " পৃথিৱীত মৰম শেষ হৈছে নেকি? নে বন্ধু নোহোৱা হৈছে...?"
                          
বি:দ্ৰ:  দুজন ভাল বন্ধুক লৈ লিখা এখন গল্প।

🖋️শচীন কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)