নিৰ্লিপ্ত

Rinku Rajowar
0
সৰাপাত বিৰহ!
শুকান মৰ-মৰিয়া
আহ্লাদিত গ্লানিয়েই সৰৱ।

শুহি থকা তেজত চেকা।

ধৰ্ষণ হয় কত বিভ্ৰান্তৰ
লঠঙা কাননৰ বিলাপ।

এই চেলাউৰিত যিটোপাল তেজ
তেজ-মঙহৰ উকা দেহোও ম্লান পৰে;
নিৰ্বিকাৰে দাহ্য,
সেয়ে নিৰ্লিপ্ত।

কত এজাৰ-বিজাৰ বসন্ত,
কত নিৰস এলদোৰাড'
কত ফৰাচী ৰমণীৰ বুকুত আইফেল টাৱাৰ;
সকলো আচহুৱা...!

সাউত কৈ ভটিয়নীৰ খোজত লিংডৌ,
তেজপিয়া বাসনাত চকুৰ বেশ্যা;
আহ্; বাসনা পোহে তাহাঁতে বীৰচক্ৰৰ লকেটত বলীয়ান হৈ,
নিৰ্লিপ্ত অভিলিপ্সা।

সৌ সিদিনা সেউতীৰ গামোচাত দাগৰ কাতৰ!
চেলেকা-চুবিয়া সূতাৰ সৈতে প্ৰতিৰক্ষাৰ আখৰ,
কামনা পালে তেওঁলোকে সত্বাৰ বিপৰীতে বাসনাৰ।

নিৰ্লিপ্ত সংগোপনৰ অভিসাৰ চলে,
বুকু উদং, তৃষাত ভ্ৰম;
না-নাৰী, না-জী,
সকলো মাথো চাহিদাৰ লিগিৰী।

🖋️নচিকেতা(হোমেন গগৈ)
ধুনীয়াপথাৰ,সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)