সোঁৱৰণীৰ উচুপনি

©Admin
0
সাধনাৰ মিনাকৰা বাটচ'ৰাত
   তেজপুৰ মহাবিদ্যালয়ৰ
       ৰূপালী তোৰণৰ বুকুত লিখা
          সোঁৱৰণীৰ শব্দত
              আজি চকুপানীৰ কবিতা । 

বছৰ বাগৰি , দিন বাগৰি
   সময়ৰ লগত খোজ মিলাই
      সময়ৰ আহ্বানত আহিল
         আপোনাৰ সেই বিশ্ৰামৰ দিনটো , 
   বিৰামহীন ক্লান্ত সময়ৰ
      কৰ্মময় জীৱনৰ
          অন্তিমটো দিন
              ২০২০ চনৰ ৩১ জুলাই । 

 বিদায় ! বিদায়! 
   ছাৰ আপোনাক শতকোটি প্ৰণাম ! 
      আপোনাৰ মহান শিক্ষাদানে
         তেজপুৰ মহাবিদ্যালয়ৰ
            ৰাজনীতি বিজ্ঞান বিভাগৰ মজিয়া
                যুগ যুগান্তৰলৈকে পোহৰাই
                    ছাত্ৰ-ছাত্ৰীৰ মাজত বিলাই গ'ল
                         শিক্ষাৰ উজ্জ্বল বন্তি । 

আপোনাৰ মহীয়ান শিক্ষাই
   প্ৰতিটো শব্দৰ মাদকতাই
      আমাৰ হৃদয়ৰ মোহনাত
         মোৰ ছাত্ৰ জীৱনৰ
            মানসপটত
               বোৱাই তুলিলে
                  জ্ঞানৰ নিজৰা । 

ভৱিষ্যত প্ৰজন্মৰ 
   শিক্ষাৰ বহল জখলাডাল
      উন্নতিৰ পথত
         আগবাঢ়ি যাবৰ বাবে
            আমাক দিলে
               পৰম জ্ঞানৰ শিক্ষা । 

সৃষ্টিৰ শতদল ফুলাই
   আন্ধাৰৰ মাজৰ পৰা
      ভৱিষ্যতক মুক্ত কৰি
         সকলোৰে মাজত
            পোহৰ বিলাই
               জয়যাত্ৰাৰ বাটত
                  দি গ'ল সময়ৰ শুদ্ধতা । 

হে মহান আত্মা
   আপোনাৰ বহল সান্নিধ্য
      আপোনাৰ কৰ্মস্পৃহা
         কৰ্তব্যপৰায়ণতা , 
আপোনাৰ অতুলনীয় অৱদানে
   সময়ানুৱৰ্ত্তিতাই
      সকলোকে দি যায়
         জীৱনৰ এক বুজন অভিজ্ঞতা । 

বিদায় ক্ষণৰ পাছত যেন
   স্তব্ধ নহৈ
      এগৰাকী সংগ্ৰামী যোদ্ধা হৈ
         নতুন দিগন্তৰ সূচনা কৰে , 
সৃষ্টিৰ পথাৰত খোজ পেলাই
   আপোনাৰ আশা-আকাংক্ষাক
      পূৰ্ণ ৰূপ প্ৰদান কৰি
         সফলতাৰ সন্ধানেৰে
            জীৱনৰ বাট বুলি
                আগুৱাই যাওঁক , 
এই শুভ ক্ষণত
     তাৰেই দৃঢ় প্ৰত্যাশা ।।

                           
 বিঃদ্ৰঃ- ৩১/০৭/২০২০ । মোৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰু তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰাঞ্জিত হাজৰিকা ছাৰৰ আজি কৰ্মময় জীৱনৰ বিদায় বেলা । তেখেতৰ ছাত্ৰ হবলৈ পাই মই নিজকে ধন্য মানিছো । এই শুভ ক্ষণত মই তেখেতলৈ সেৱা জনাই তেখেতৰ কৰ্ম জীৱনক সুঁৱৰি  ৰচনা কৰা কবিতাটি ছাৰলৈ এটি উপহাৰ হিচাপে আগবঢ়ালো । সকলোৱে কবিতাটি আদৰি লব বুলি আশা কৰিলো । 

🖌 বিশ্বজিৎ সূত
     বালিজান, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)