সেউজীয়া বতাহ

©Admin
0
    জানকীৰ জৰায়ুত
    সেউজীযা প্রোথিত কৰি
    কৃষক ঘৰমুৱা হ'ল  |
    এতিয়া কেৱল
    অপাৰ সেউজীয়া
    চকু আৰু মনৰ
    ভাগৰ পলোৱা হাঁহিত
    কৃষকে আৰামৰ
    ঘুমতি যায়  |
   শাওনীয়া ঘামৰ
   লুণীয়া সোৱাদ
   শুকাব যেতিয়া
   তেতিয়া ধানফুলে হাঁহিব  |
  চোতালৰ কেঞাবন চিকুনাই
  গৃহিনীয়ে গোৱৰ পানীৰে ধুব
   কঙালী বিহুৰ চাকিগছি
  এইবাৰ ডাঙৰকৈ জ্বলিব
   অপকাৰী চগাবোৰ
   জুইত জাহ গলে
   কৃষকৰ হাতখন পোন হ'ব  |
   এতিয়া অপাৰ সেউজীয়া 
   সেউজীয়াৰ ওপৰেৰে বলা
    বগা বতাহজাক
   বলি আবেলি বলি আছে  |
    বা চাতি লাগি
    কৃষকৰ কিছু ভাগৰ কমিছে

   📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)