মোৰ দেউতা - এক বাস্তৱিক কাহিনী - মনুৰ চতুৰালি (খণ্ড-০৭)

মনু হোটেলত কাম কৰি থা অৱস্থাতে এদিন হঠাৎ বাপেকৰ মৃত্যু হ'ল ৷ তাৰ কিছুদিনৰ পাছত মনুৰ মাকে বাগানৰ লাইনতে বগাই নামৰ মানুহজনৰ লগত পলাই গ'ল ৷ মনুৰ মূৰত এতিয়া কৰ্তব্যৰ পাহাৰ খহি পৰিল ৷ এটা ভাই আৰু নগৰাকী ভনীয়েকহঁতৰ পোহপাল দিব লাগিব তেৰ/ চৈধ্য বছৰীয়া মনুৱে ৷ হোটেলত কম দৰমাহেৰে ঘৰ চলোৱাটো কঠিন হৈ পৰিল মনুৰ বাবে ৷ উপায়ন্তৰ হৈ মনুৱে হোটেলৰ চাকৰি বাদ দি ঘৰতে মদ বনাই বেচিবলৈ ধৰিলে মদৰ বেপাৰ ভালদৰে চলিব  ধৰিলে ৷ এদিনাখনৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা সংগঠিত শান্তি সেনাত নিজৰ নাম ভৰ্তি কৰাই লাইনে লাইনে ঘূৰি ফুৰিবলৈ ধৰিলে ৷ এদিনাখন মনুৰ মূৰত বুদ্ধি এটা খেলালে 

" যদি মই লাইনে লাইনে মদৰ অৰ্ডাৰ লৈ লওঁ আৰু সেনাদলৰ লগত লাইনত যাওঁতে গুপ্তকৈ মদৰ ডেলিভাৰী সহজে কৰিব পাৰিম দেখােন , এনে কৰিলে মোৰ দলৰ লগতো ফুৰা হব আৰু মোৰ ব্যৱসায়ো সুন্দৰকৈ আগবাঢ়িব "

ভৱা মতে কাম সি মদৰ বটল চাৰ্টৰ ভিতৰত লুকুৱাই লৈ যাবলৈ ধৰিলে আৰু পানী খোৱা চলেৰে ভিতৰত সোমাই মদ বিচৰা গ্ৰাহকজসকলক সহজে মদ দি গুচি আহে ৷

আন এদিনাখনৰ কথা মনুৰ মদৰ ব্যৱসায় ভাল চলা দেখি মাৰুৱাৰী মহাজন এজনে ব্ৰিটিছ পুলিচৰ কাণচোৱালে ৷ মনু মদৰ দেকচি ( পাত্ৰ ) লৈ মোনাত ভৰাই তিনিআলিলৈ বুলি ওলাই গ'ল সেই সময়তে দুৰৈত পুলিচৰ গাড়ী দেখি ৰাস্তাৰ দোকান এখনৰ পাছফালে মদৰ পাত্ৰ লুকাই আন এখন পাত্ৰত লৈ আহা পানী মোনাত ভৰাই ৰাস্তাৰ দাঁতিত ৰৈ দিলে পুলিচৰ গাড়ী তাৰ সন্মুখতে ৰখাই পুলিচ আৰু মাৰুৱাৰী মহাজন নামিল মহাজনে ক"লে 

" চৰকাৰ য়হি লড়কা দাৰু বেচতা হ্যায় "

পুলিচ এজনে কাষ চাপি মনুলৈ চাই ক'লে

" আৰ য়ু চাপলাইয়িং ৱাইন ইজ ট্ৰুথ ? "

মুনৱে অলপ সাহস কৰি ভঙা ভঙা চ ক'লে

" ইট ইজ ফলছ চাৰ , য়ু কেন চেক মি "

মহাজনে খঙতে মনুৰ মোনাখন চাইকেলৰ পৰা নমাই ক'লে 

" আচ্ছা ম্যে ঝুঠ বল ৰহা হুঁ , চাহাব ৰুকিয়ে ম্যে অভী আপকো দিখাতা হুঁ "

ৱুলি কৈ মহাজনে মোনাৰ পৰা পাত্ৰ উলিয়াই দেখোলে

 " দেখিয়ে চাহাব "

পুলিচজনে হাতেৰে অকণমান চেলেকি চাই খঙেৰে মহাজনলৈ  চাই ক'লে

" লায়াৰ ইণ্ডিয়ান দিছ ইজ নট ৱাইন দিছ ইজ ৱাটাৰ নেক্সট টাইম য়ু ডনট গিভ মি ৰংগ ইনফৰমেশ্যন ৱাবনা আই উইল পানিশড য়ু "

পুলিচজন গাড়ীত উঠি দপদপাই গুচি 

গ'ল ৷ মহাজনে নিজেই চেলেকি চাবলৈ লওঁতে মনুৱে ক'লে

" ৱহ পানী হ্যায় মত চখো , য়হ জৰা চখকে দেখিয়ে "

মনুৱে দোকানৰ পাছফালে লুকাই থোৱা মদৰ পাত্ৰটো ওলাই আনি মহাজনক চেলেকি চাবলৈ দিলে ৷ মহাজনে চেলেকি চাই জোৰকৈ চিঙৰিলে হে ভগৱান মেৰে খুদকে গড্ঢে মে , ম্য খুদ হি ফচ গয়া  অৰ আজ দাৰু কো চখ কৰ মেৰা ধৰ্ম ভ্ৰষ্ট কৰ লিয়া ক্ষমা কৰনা ভগৱান "

মনুৱে মহাজনৰ বিলৈ দেখি জোৰ জোৰকৈ হাঁহি হাঁহি ক'লে 

" ঝটকা ক্যেশা লগা , ইচলিয়ে কহতে হ্যায় জ্যো দুছৰো কে লিয়ে গড্ঢা খৌডতা হ্যায় . ৱহী খুদ অপনেহী গড্ঢে মে গিৰতা হ্যায় ইচলিয়ে আয়ণ্ডা মুঝছে চম্ভালকে ৰহিয়ে চলতা হুঁ মেৰা গ্ৰাহক দাৰু পিনে কে লিয়ে আতুৰ হৌ ৰহা হৌগা "

মনু চাইকেল তুৰন্তে চলাই তিনিআলি পিনে গুচি গ'ল মহাজনে ক'লে

" তুঝে তো ম্যে ইকদিন দেখ লুংগা লড়কা "

মাৰুৱাৰী মহাজন দপদপাই গুচ যায় ৷


                আগলৈ


📝দুলাল ৰবিদাস






Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send