মিছিংসকলৰ বসন্ত উৎসৱ পঃৰাগ বা নৰাছিগা বিহু (তৃতীয় খণ্ড)

Rinku Rajowar
0
পঃৰাগ উৎসৱটিৰ বাবে অপৰিহাৰ্য হ'ল এটি আটক ধুনীয়া মুৰংঘৰ।মুৰংঘৰ হ'ল মিচিংসকলৰ গনতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু কৃষি সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ।এই মুৰংঘৰত উৎসৱ পাৰ্ৱন অনুষ্ঠিত কৰাৰ ওপৰিও সামূহিক ভোজনৰ কাৰ্যও কৰা হয়।মিচিং গাওঁৰ বিচাৰ ব্যৱস্থা "কৌবাং" অনুষ্ঠিত হোৱাৰ ঠাই হ'ল মুৰংঘৰ।
অতীতে গাওঁৰ সোঁমাজত মুকলি ঠাইত পূবা-পশ্চিমাকৈ মুৰংঘৰ নিৰ্মাণ কৰা হৈছিল।খেৰ, বাঁহ,বেট,কাঠেৰে সজা চাৰিওফালে মুকলি চাংঘৰেই হ'ল মুৰংঘৰ, যিটোক তাহানিতে ডেকাচাং আৰু গাভৰু চাং উভয় ধৰনেই ব্যৱহাৰ কৰিছিল।মুৰংঘৰৰ খুটিবোৰ সাধাৰণতে কাঠৰ কুন্দৰ কটা,ঘূৰণীয়া।চাংবোৰ বাঁহেৰে সজা হয়।চাঙত উঠিবলৈ দুইমূৰে দুটা জখলাৰ ব্যৱস্থাও কৰি ৰখা হয়।ড° বসন্ত কুমাৰ দলেৰ মতে "A Mirong or Murong is newly constructed as a part of their preparation.The festival is celebrated at the hall."

               যদিও মুৰংঘৰ মিচিংসকলৰ বাবে বা পঃৰাগ উৎসৱৰ বাবে অতিকৈ আৱশ্যক, তথাপি নামঘৰৰ প্ৰদুৰ্ভাৱৰ ফলত ক্ৰমে মুৰংঘৰৰ অৱস্থতি কমি অহা দেখা গৈছে।যি কি নহওক পঃৰাগ উৎসৱটি আয়োজন কৰিবৰ বাবে অস্থায়ীভাৱে হ'লেও মুৰংঘৰ নিৰ্মাণ কৰি লোৱা হয়।মুৰংঘৰটোৰ ঘাই খুঁটাডাল ভাল শুভ দিন বাৰ এটা চাই হাবিৰ পৰা কাটি আনি প্ৰতিষ্ঠা কৰা দিনাৰ পৰাই পঃৰাগৰ আনুষ্ঠানিকতা আৰম্ভ হয়।

      পঃৰাগ উৎসৱটি মূলতে ডেকা (য়ামে) আৰু গাভৰু(মৃমবৃৰ)ৰ  উদ্যোগত উদযাপিত কৰা হয়।সেইবাবে ইয়াক "য়ামে মৃমবৃৰ দনাম(ডেকা গাভৰুৰ ভোজ)" বুলি কোৱা হয়।আনকি চুবুৰীয়া (কাষৰীয়া গাওঁৰ ৰাইজক অতিথি হিচাপে আমন্ত্ৰন কৰা হয়। তাৰোপৰি গাঁওৰ পৰা ওলাই  যোৱা সকলো জীয়ৰী আৰু নাতি নাতিনীক নিমন্ত্ৰন জনোৱা হয় আৰু তেওঁলোক অহাতো বাধ্যতামূলক হিচাপে গণ্য কৰে। তেওঁলোক যদি স্ব-ইচ্ছাই বা কিবা কাৰণবশতঃ নিমন্ত্ৰনক অমান্য কৰে তেতিয়া মিগম বৰাই পৰিচালক হিচাপে তাৰ উচিত ব্যৱস্থা ল'ব আৰু তেওঁ যি দণ্ড দিয়ে তাক মানি ল'বলৈ বাধ্য। মিগম বৰাৰ সিদ্ধান্ত গাঁওৰ সকলোৱে (ৰাইজে) মানিব লোৱা দেখা যায়। আকৌ এই উৎসৱটি পৰিচালনাৰ বাবে  কেইজনমান বিষয়ববীয়া নিয়োগ কৰা হয়।সংগীতা পেগুৰ 'পঃৰাগ বা নৰাচিগা বিহু' ঈৰ্ষক লেখাটোত এনেদৰে ব্যক্ত কৰিছে যে-"পুৰুষৰ ফালৰ পৰা মিগম বৰা আৰু আৰু অবিবাহিত মহিলাৰ ফালৰ পৰা বৰ পোৱাৰী নিৰ্বাচন কৰে।মিচিংত মিগম মানে ৰজা।গতিকে এই উৎসৱত মিগম বৰাক ৰজাৰ আৰ্হিত সৃষ্টি কৰা হৈছে।তাৰ উপৰিও, ডেকা মানুহৰ বাবে ডেকা বৰা,গাভৰুসকলৰ বাবে চাইটা বা বাৰিক নিযুক্তি দিয়া হয়।পঃৰাগত মিগম বৰা আৰু বৰপোৱাৰীয়ে ৰাইজক পৰিচালনা কৰে।ডেকা বৰা আৰু তিনি বৰাৰ সৈতে সমস্ত ডেকা-গাভৰু তেওঁলোকৰ আজ্ঞাবাহী মাত্ৰ।"

      (আগলৈ)

   🖋️উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)