অনাকাংক্ষিত অধ্যায়-১৭

Rinku Rajowar
0
অসমৰ জাতীয় সংগীত "অ মোৰ আপোনাৰ দেশ"ৰ instrumental music অৰ সুৰে সুৰে স্ক্ৰীণত ভাঁহি আহিল 'ৰূপহী অসম' ,তলত ইংৰাজীত subtitle.....তাৰপিছত জোনাকী বাটেৰে অগ্ৰসৰ হ'ল অসমৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ নামসহিত ভিন্ন প্ৰতিচ্ছবি..... কাজিৰঙা.....মানাহ..... ডিব্ৰু-ছৈখোৱা..... ওৰাং.....নামেৰি....অৰ সৌন্দৰ্যৰ তথ্য.....তথা বিপৰ্যয়ৰ বহু চানেকি..... বাগুৰুম্বা...লাই-হিলালি- লাই....সুৰৰ মুৰ্চ্ছনাও গুঞ্জৰি উঠিছে ডকুমেণ্টৰী ফিল্মখনত।তাৰপিছতে অভয়াৰণ্যৰ লগতে সংৰক্ষিত বনাঞ্চলবোৰৰ বহু সোণসেৰীয়া ভৱিষ্যতৰ কাহিনীক লৈ  আগবাঢ়ি গ'ল ডকুমেণ্টৰীখন।দিহিং পাটকাই অভয়াৰণ্য.....পবিতৰা অভয়াৰণ্য .....আৰু বহুতো জিলিকি উঠিল স্ক্ৰীণত।সেউজ অসমৰ বাটচৰাত ঢোল...পেঁপা...গগণা... বাঁহীৰ সুবাদত... জাটিংগা....দীপৰ বিলৰ পক্ষীৰ কলকলনি.... ভিডিঅ' স্ক্ৰীণত বাজি উঠিল।

অলেখ ৰূপ গুণৰ মহিমাৰে আভূষিত ভাৰতবৰ্ষৰ পূব দিশত অৱস্থিত অসমৰ এই চানেকিবোৰ দেখি সকলো আপ্লুত হৈ পৰিল।ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন বাজি উঠাৰ লগে লগে উপস্থিত সকলো ব্যক্তি থিয় হ'ল।৫২ছেকেণ্ডৰ সমাপ্তিৰ পিছত  জাউৰিয়ে জাউৰিয়ে অহা হাত চাপৰিৰ শব্দত অডিটৰীয়ামটো ভৰি উঠিল। ১ঘণ্টা ২০মিনিটৰ "ৰূপহী অসম"ৰ  সফল সমাপ্তিৰ পিছতে  "Full frame documentary film festival"ৰো যৱনিকা পৰিল।

"Thank you so much পৰ্ণা।"অডিটৰীয়ামৰ পৰা ওলাই আহোঁতে প্ৰানজিতে পৰ্ণাৰ ফালে চাই ক'লে।
"মোক ধন্যবাদ জনোৱাৰ সলনি তুমি পখী বা আৰু আশুতোষ দাক জনোৱা।তেওঁলোকৰ সহায়ৰ অবিহনে আমাৰ এই প্ৰয়াস ইমানদূৰ কেতিয়াও আগবাঢ়িব নোৱাৰিলহেঁতেন।"
"তুমি ঠিকেই কৈছা পৰ্ণা।ব'লা আমি সিহঁতৰ ওচৰলৈ যাওঁ।"
  প্ৰানজিত আৰু পৰ্ণা পখীহঁতৰ ফালে আগবাঢ়ি গ'ল।আশুতোষৰ সৈতে পখী আৰু কেইজনমান মানুহে একেলগে ৰৈ অডিটৰীয়ামৰ বাহিৰত কথা পাতি আছিল।দুয়োকে দেখি পখীয়ে আগবাঢ়ি আহি মানুহকেইজনৰ লগত চিনাকী কৰাই দিলে।"ৰূপহী অসম"ৰ পৰিচালনা,ভিডিঅ'গ্ৰাফী,তথ্যৰ যোগান সকলো যে ভাল হৈছে সেয়া তেওঁলোকেও প্ৰশংসা কৰি উঠিল।অৱশেষত সকলো দুখ,কষ্ট আঁতৰাই "জীৱনাদিত্য"ৰ বেনাৰত "ৰূপহী অসম" ডকুমেণ্টৰী ফিল্মখন সফলতাৰে উন্মোচন হ'ল।
"পৰ্ণা কি খবৰ?ভালে আছা?"পখীয়ে পৰ্ণাৰ ফালে চাই সুধিলে।
"অ' পখী বা।আপোনাক ইমান দিনৰ মূৰত লগ পাই বৰ ভাল লাগিল আমাৰ।"
"পখী,তোক বহুত ধন্যবাদ অ'।তোৰ সহায়ৰ অবিহনে ইমানদূৰ অহাতো আমাৰ কল্পনাৰ বাহিৰত আছিল।"প্ৰানজিতে ক'লে।
"হ'ব দেচোন।ইমানকৈ ধন্যবাদ কৈ মোক অচিনাকী কৰি নেপেলাবিচোন।"
"মই তোক দুখ দিয়াৰ পিছতো  আমাৰ বাবে তই ইমানখিনি কৰিলি।তই সঁচাকৈয়ে সকলোৰে পৰা বহুত পৃথক।"
"আপোনাৰ অবিহনে জীৱনাদিত্য অকলশৰীয়া হৈ পৰিছে পখী বা।আপুনি অতি সোনকালে ঘূৰি আহক জীৱনাদিত্যলৈ।সকলোৱে আপোনাৰ বাবে ৰৈ আছে।"পৰ্ণাই ক'লে।
"মোৰো জীৱনাদিত্যলৈ বৰকৈ মনত পৰে পৰ্ণা।মন যায় আকৌ চিনাকী মানুহখিনিৰ লগত কাম কৰিবলৈ।অতি সোনকালেই ঘূৰি যাম আকৌ তোমালোকৰ মাজলৈ মই।"চলচলীয়া চকুৰে পখীয়ে কৈ উঠিল।
"পিছে পখী,আশুতোষৰ লগত আমাক চিনাকী নকৰাও নেকি?"পৰস্থিতিটো ঠিক কৰিবলৈয়ে প্ৰানজিতে পখীক জোকাই সুধিলে।
"অ'হ sorry.বহুত দিনৰ মূৰত চিনাকী মানুহবোৰক লগ পাই মই বেছিয়ে emotionalহৈ গ'লো।আচ্ছা,এয়া আশুতোষ জৈন।তেওঁ এজন গ্ৰাফিক্স ডিজাইনাৰ হয়।ঘৰ অসমৰ শিৱসাগৰ জিলাত।তেওঁ মুম্বাইতে থাকি এতিয়া নিজ কৰ্মত ব্যস্ত হৈ থাকে আৰু আশুতোষ,ইহঁতক চিনি পাইছাই নহয়।প্ৰানজিত আৰু পৰ্ণাক।"

 আজিৰ দিনটো সঁচাকৈয়ে অসমবাসীৰ বাবে এটি ডাঙৰ সাফল্যৰ দিন।আজি যেন সমগ্ৰ অসমে জীৱনাদিত্য আৰু জীৱনাদিত্যৰ পৰিয়ালক লৈ গৌৰৱান্বিত।অসমৰ সন্তানে কৰিব নোৱাৰা কোনো কামেই নাই আচলতে।সেই কথা যেন জীৱনাদিত্যৰ পৰিয়ালে পুনৰ প্ৰতীয়মান কৰি দেখুৱালে।অসমৰ সৌন্দৰ্য-সংস্কৃতি-ঐতিহ্যৰ এক সুন্দৰ চানেকি বহন কৰিলে এই "ৰূপহী অসম"য়ে।

অনুষ্ঠান সম্পূৰ্ণৰূপে শেষ হোৱাৰ পিছত প্ৰানজিত,পৰ্ণা,পখী আৰু আশুতোষ হোটেললৈ উভতি আহিল।তাৰপিছতে প্ৰানজিতেও সেইদিনাই অসমলৈ ঘূৰি যোৱাৰ সিদ্ধান্তৰ কথা সিহঁতক জনালে।দিল্লীৰ পৰা গধূলি ৭.৩০বজাত অসমলৈ যোৱা ফ্লাইটখন সি বুক কৰি থৈছিল।সেয়েহে যোৱাৰ আগতে সকলোৱে মিলি এসাঁজ খোৱাৰ পৰিকল্পনা কৰিলে।আকৌ একেলগতে এনেদৰে কেতিয়া বা লগ পোৱা হ'ব।আজি যেন কাৰো মনতেই একো আফচোচ নাই।সকলোৱে মাথোঁ আহিবলগীয়া দিনবোৰ হাঁহিৰে আগুৱাই নিয়াৰহে আশা প্ৰকাশ কৰিছে।পৰ্ণা এতিয়া বহুখিনি সুস্থ বুলি জানি পখীও সুখী হ'ল।প্ৰানজিতেও বহু চেষ্টা কৰিছে নিজ পত্নীক সদায় সুখত ৰাখিবলৈ।প্ৰানজিতৰ নিৰহংকাৰ,মৰমীয়াল মনটোৰ কথা পখীয়ে জানে।সেয়েহে তাই আশা কৰে যাতে সিহঁতৰ মৰম,ভালপোৱাবোৰ সদায় একেদৰেই থাকে।


   অসমলৈ ঘূৰি আহিবলৈ লোৱাৰ আগে আগে আশুতোষ প্ৰানজিতৰ ওচৰলৈ আহি ক'লে,"তোমাক এটা কথা সোধো?"
"অ' সোধা আকৌ।"
"আচলতে মই জানো পখীয়ে তোমাক ভালপাইছিল।তাৰপিছৰ পৰা পখীয়ে কাকোৱেই ভালপোৱা নাই।পখীক লগপোৱাৰ দিনৰে পৰা ময়ো তাইৰ প্ৰেমত পৰিছো।তুমি ভাবা নে পখীৰ পৰা মই এটি ইতিবাচক উত্তৰ পাম বুলি?"
"তুমি ঠিকেই কৈছা।কিন্তু এইটো সত্য যে তাইক কোনোদিন মই ভালপোৱা নাছিলো।আমাৰ মাজত এটি সুন্দৰ বন্ধুত্বৰ বাহিৰে ভৱিষ্যতে আৰু একো নাথাকে।বৰ্তমান মোৰ জীৱনটো পৰ্ণাক লৈয়ে আৰম্ভ আৰু পৰ্ণাক লৈয়ে শেষ হয়।পখী এজনী বৰ ভাল ছোৱালী।তাই যদি প্ৰকৃততে তোমাক ভাল পায় নিশ্চয় তোমাৰ বাবে তাইৰ উত্তৰ ইতিবাচক হ'ব আৰু মই এইটোৱো বুজিছো যে তাইৰ জীৱনক বুজিবলৈ আৰু আগবঢ়াই নিবলৈ তোমাতকৈ ভাল আৰু কোনো হ'ব নোৱাৰে।"
"Thank you so much প্ৰানজিত।তোমাৰ লগত কথা পাতি আৰু লগ পাই সঁচাকৈ বৰ ভাল লাগিল।"
"মোৰো।কেতিয়াবা কিবা সহায়ৰ প্ৰয়োজন হ'লে মোক নিশ্চয় জনাবা।"
"sure..."
  পৰ্ণা আৰু পখীও মিলি বহু দেৰী কথা পাতিলে।তাৰপিছত  সকলোকে মাত লগাই প্ৰানজিত আৰু পৰ্ণা অসম অভিমুখে আহিবলৈ সাজু হ'ল।
"পখী,এনেকৈ আৰু কিমান দিন থকাৰ কথা ভাবিছ নহ?তোৰ বিয়াত দকচি খোৱাৰ আশাটো পূৰণ হ'বলৈ নিদিও বুলি প্ৰতিজ্ঞা কৰি থৈছ' নেকি?"
"ইই খকুৱাটো ক'ৰবাৰ।পৰ্ণাক চাগে অনবৰতে 'এইটো খাওঁ বনাই দিয়া।সেইটো খাওঁ বনাই দিয়া"বুলি আমনি কৰি থাক,নহয়নে পৰ্ণা?"
"হা হা...নাই নাই পখী বা।পিছে পখীবা আপোনাৰ দেউতাও কিন্তু আপোনাৰ বিয়াৰ কথা চিন্তা কৰিবলৈ লৈছে। এতিয়া মাথোঁ আপোনাৰ সিদ্ধান্তৰ বাবে আপুনি সাজু হওঁক পখীবা।"
"তুমি হয়তো ঠিকেই কৈছা পৰ্ণা।সিদ্ধান্ত লোৱাৰ এয়েই হয়তো উচিত সময়।"পৰ্ণাই ক'লে।
  
অৱশেষত পৰ্ণা আৰু প্ৰানজিতে অসম অভিমুখে অহা বিমানখনে উৰা মাৰিলে।
(আগলৈ...)

🖌️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)