দুপৰীয়া সময় প্ৰখৰ ৰ’দত কণদেৱতা এজোপা গছৰ তলত বহি আছে এনেতে তাৰ গাত শুকান ঘাঁহ কেইটামান পৰিলত সি চাই ভাৱিলে
" আৰে এয়া কি গজগজীয়া গছটোৰ পৰা শুকান ঘাঁহ তাৰপাছত সি আকৌ কিবা গভীৰ চিন্তনত লাগিল এইবাৰ আকৌ শুকান ঘাঁহ তাৰ গাত পৰিল এইবাৰ সি বহাৰপৰা উঠি গছৰ ওপৰলৈকে চকু দিলে এটা দৃশ্যই তাৰ মন মোহি গ’ল সি সেই দৃশ্যটো বহু সময় ধৰি লক্ষ্য কৰি আনন্দত মতলীয়া হৈ দৌৰি গৈ মুখীয়াক দেখি অহা দৃশ্যটোৰ কথা ক’লে ৷ মুখীয়াৎ হাঁহি মাৰি ক'লে
" ক্ষমা কৰিব কণদেৱতা আপুনি কোৱা কথাটো মোৰ অকণমানো বিশ্বাস হোৱা
নাই "
কণদেৱতাই ক'লে
" তেনেহলে ঠিক আছে ব'লক চাই ল'ব কথাটো তেতিয়াহে বিশ্বাস কৰিব "
কণদেৱতাই মুখীয়াক লৈ সেই গছৰ তলত গৈ সি দেখা দৃশ্যটো দেখোৱাই দিলে ৷
মুখীয়াই গছৰ ওপৰলৈ চাই ক'লে
" মোক ক্ষমা কৰিব কণদেৱতা আপোনাৰ কথাটো সত্য প্ৰমাণিত হ'ল "
আকৌ ওপৰলৈ চাই ক"লে
" সঁচাকৈয়ে মনোৰম দৃশ্য চোৱাচোন চৰাইজনীয়ে কিমান যতনেৰে শুকান ঘাঁহ গোটাই আনি বাহ সাজিছে "
কণদেৱতাই ক'লে
তাকেই তো বাৰু আপুনি কওকচোন চৰাইজনীয়ে বাহ কিয় সাজিছে ?
মুখীয়াই তপৰাই উত্তৰ দিলে
" ভুতপ্ৰেতৰ পৰা সুৰক্ষিত থাকিবলৈ আৰু কি ? "
কণদেৱতাই ক'লে
" মাথো ভুতপ্ৰেতৰ পৰাই নহয় , বনৰাজ আৰু ৰ’দ বৰষুণৰ পৰাও ৰক্ষা পাবলৈ চৰাইজনীয়ে বাহ সাজিছে "
কণদেৱতাৰ কথা শুনি মুখীয়াই তাক সেৱা জনাই ক'লে
" আপুনি দিব্যাত্মা , আপোনাৰ জ্ঞানৰ পৰিসীমা নাই গতিকে এই দৃশ্য কিয় দেখােৱালে বুজাই কবনে ? "
কণদেৱতাই ক'লে
" অহ, আপুনিও কি যে কৈছে শুনক তেন্তে-চৰাইজনীয়ে বাহ কিয় সাজিছে আপুনি ইতিমধ্যে গম পালেই ৷ মোৰ দৃশ্যটো দেখােৱাৰ অৰ্থটো হ'ল যে কিয়নো আমিও এনেদৰে ঘাঁহ,বন আৰু গছৰ ডাল ব্যৱহাৰ কৰি আমাৰ থাকিবলৈ আবাস তৈয়াৰ কৰি লওঁ ৷ তেতিয়া আমিও ৰ’দ বৰষুণ আৰু বনৰজাৰ পৰা ৰক্ষা পাম কওক কি কয় ? "
মুখীয়াই হাত যোৰ কৰি ক'লে
" অতি উত্তম কণদেৱতা এতিয়াই ঘোষণা কৰি কাম আৰম্ভ কৰি দিয়া হব '
কণদেৱতাই ক'লে তেনেহলে সোনকালে ব'লক যাওঁ এনে ধৰণৰ আবাসত থকাৰ মজাই বেলেগ হব ৷
দুয়ো গৈ দলৰ মানুহবোৰক গোটখােৱাই সকলো কথা বিৱৰি ক'লে ৷ সকলোৱে কণদেৱতাৰ জয় ধ্বনি দি ঘৰ সজা কামত লাগিল তৃণজাতীয় গছ বনেৰে আবাস স্থান সাজি তৈয়াৰ কৰি দিলে তাকে দেখি কণদেৱতাৰ মনত বৰ উল্লাস ৷
কণদেৱতাই সকলোকে সম্বোধন কৰি ক'লে-
আপনালোকৰ পৰিশ্ৰমৰ বলত আমাৰ আবাস স্থান নিৰ্মাণ হ'ল গতিকে আজিৰপৰা আমি এই আবাস স্থানতে মিলিজুলি সুখেৰে থাকিম ৷ আমাৰ দলৰ উন্নতি অগ্ৰগতি তীব্ৰতাৰে আগবাঢ়ি গৈ আছে এনে এদিন আহিব যিদিনাখন মানৱ সভ্যতা শ্ৰেষ্ঠতম সভ্যতা হৈ ইতিহাসত উজ্জ্বলি উঠিব "
সকলোৱে কণদেৱতাৰ কথাত হাত চাপৰি বজাই জয় ধ্বনি দিলে ৷
মুখীয়াই সকলোকে সম্বোধন কৰি ক'লে
" হয় কণদেৱতাৰ ভবিষ্যৎবাণী নিশ্চয় এদিন সত্য প্ৰমাণিত হব এয়া মোৰ দৃঢ় বিশ্বাস ৷ এতিয়ালৈকে চোৱা যায় যদি কণদেৱতাৰ আশিৰ্বাদত মাছ ধৰি খাবলৈ শিকিলোঁ , জুই জ্বলাবলৈ শিকিলোঁ , মাংস সিজাই খাবলৈ শিকিলোঁ আৰু আজি আআবাস সাজিবলৈ শিকিলোঁ গতিকে কণদেৱতা আমাৰ কাৰণে বৰদান তেওঁৰ কৰুণাময় দৃষ্টি আমালৈ সদায় থাকক বুলি কণদেৱতাক প্ৰাৰ্থনা জনাও আহা "
সকলোৱে কণদেৱতাৰ স্তুতি কৰিবলৈ ধৰিলে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ