আদিম মানুহৰ সভ্যতাৰ বিকাশৰ কাহিনী বীৰ - কণ দেৱতাৰ দ্বাৰা কৃষিকৰ্মৰ আৰম্ভণি খণ্ড - ০৪

©Admin
0
কণদেৱতা শুই উঠি গছৰ খোৰোঙৰ পৰা ওলাই কিছুদুৰ গৈ হঠাৎ থমকি ৰ'ল সি ভালকৈ লক্ষ্য কৰিলে মাটিত নকৈ গজালি  মেলি উঠা সৰু সৰু গছ পুলি কেইটামানলৈ কিবা তাৰ মনত পৰিল " অ এয়া দেখোন কিছুদিনৰ আগতে আমি ফল খাই গুটিবোৰ ইয়াতে পেলাই দিছিলো সেইবোৰে আজি গজি উঠিল " কণদেৱতা মনত ন উৎসাহৰ উৎপন্ন হ'ল সি ভাৱিলে " আমি দেখোন এনেদৰে গুটি ৰুই গছ পাব পাৰো তাৰমানে আমি একেখন ঠাইতে থাকিয়েই জীৱনটো কটাব পাৰিম  এই কথা আমাৰ দলক জনাব লাগিব " কণদেৱতা আনন্দ মনেৰে গৈ এই কথা সকলোকে জনালে ৷ মুখীয়াই ক'লে " কিন্তু কণদেৱতা মাটি দেখোন বৰ টান আমি বীজ ৰুম কেনেকৈ ? " কণদেৱতাই উৎসাহ মনেৰে ক'লে " ইয়াৰ সমাধান আছে আমি দেখােন মাংস কাটিবলৈ চোকা শিলৰ ব্যৱহাৰ কৰোঁ ৷ সেই শিলকে অতি বেছি চোকা কৰি বীজ ৰুব পৰা যাব " মুখীয়াই কণদেৱতাৰ জয় ধ্বনি দি ক'লে "  কণদেৱতা আপুনি আমাৰ দেৱ আপোনাৰ মাৰ্গ দৰ্শনে আমাৰ দলটোক এদিন উন্নতিৰ শিখৰত লৈ যাব আপোনাক  কোটি কোটি প্ৰণাম জয় কণদেৱতা " সকলোৱে জয় কণদেৱতাৰ ধ্বনি দি কামত লাগিল ৷ সকলোৱে একোটাকৈ শিল চোকা কৰি বীজ ৰুই দিলে আৰু অপেক্ষা কৰিলে গজিবলৈ  চাওঁতে চাওঁতে সচাকৈয়ে বীজ গজি উঠিল ৷ এই দৃশ্য দেখি সকলোৰে মনত আনন্দৰ লহৰ উঠিল সকলোৱে কণদেৱতাৰ জয় ধ্বনি দিলে ৷ তাৰ পাছৰ পৰা সিহঁতে নিয়মীয়াকৈ খেতি কৰিবলৈ ল'লে ৷ এনেদৰে বহুত দিন ধৰি দলটো একেখন ঠাইতে নিবাস কৰি বহল ভিত্তিত খেতি কৰিবলৈ ধৰিলে কিন্তু ঠাণ্ডা দিন অহাৰ লগে লগে  পুখুৰী, জান আদি শুকাই যোৱাত সিহঁতৰ সন্মুখত পানী নাটনিৰ সমস্যাই দেখা দিলে ৷ এই বিষয়ে আলোচনা এখন আহ্বান কৰা হ'ল সময়মতে সকলোৱে আহি কণদেৱতাৰ ওচৰত উপস্থিত হ'লহি ৷ মুখীয়াই ক'লে " কণদেৱতা আপোনাৰ নিৰ্দেশমতে আমি খেতি কৰি খাবলৈ ধৰিলোঁ কিন্তু এতিয়া পানীৰ সমস্যাই দেখা দিছে প্ৰভু কিবা এটা সমিধান দিয়ক " কণদেৱতাই ক'লে " নিশ্চয় বাৰু এটা কাম কৰক সকলোৱে বস্তু বাহানি বান্ধি লওক আৰু আমি এই ঠাই ত্যাগ কৰি নদী পৰীয়া অঞ্চলত বসবাস কৰিবলৈ যাম ৷  য'ত আমাৰ পানীৰ নাটনি কোনোদিনেই নহব " মুখীয়াই ক'লে " জয় কণদেৱতা আপোনাৰ পদচিহ্নতে আমি সদায় অনুসৰণ কৰি চলিম " কথামতে সকলোৱে নদী পাৰলৈ যাবলৈ ওলাল ৷ 

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)