অনাকাংক্ষিত অধ্যায়- ১৬

©Admin
0

Film festival শেষ হোৱাৰ পিছত পখী বাংগালোৰলৈ ঘূৰি যোৱা ১৫দিন মানেই হ'ল।এইকেইদিনত পখীয়ে আশুতোষক প্ৰানজিতৰ ডকুমেণ্টৰী ফিল্মখনৰ সবিশেষ জনাইছে।সিয়ো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।তাৰো মন আছে অসমৰ বাবে কিবা এটা কৰাৰ।পখীয়ে এই সকলো কথা প্ৰানজিতকো জনাই থৈছে।ডকুমেণ্টৰী ফিল্মখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি দিয়াৰ প্ৰচেষ্টা তেওঁলোকৰ।পখীয়ে ডকুমেণ্টৰী ফিল্মখনৰ trailer প্ৰানজিতৰ পৰা সংগ্ৰহ কৰি থৈ দিছে যাতে আশুতোষ বাংগালোৰৰ পৰা আহিলে তাই তাক দেখুৱাব পাৰে।কেতিয়া আশুতোষ আহিব,প্ৰানজিত আৰু জীৱনাদিত্যৰ সপোনবোৰ সাৰ্থক হ'ব নে! আদি অনেক চিন্তাই আজিকালি পখীক পিছনেৰা হৈছে।


ক্লাছত থাকোতে হঠাত পখীৰ ফোনটো ভাইব্ৰেট কৰি উঠিল।ফোনটো মনে মনে চাই দেখিল সেয়া আশুতোষৰ ক'ল।ক্লাছ শেষ কৰি ফোন কৰিম বুলি তাই ফোনটো কাটি থ'লে।ক্লাছ শেষ হোৱাৰ পিছত তাই আশুতোষলৈ ফোন লগালে।
"হেল্ল' পখী।"
"অ' কোৱা।ক্লাছ হৈ আছিল অথনি so ফোনটো ৰিচিভ কৰিব নোৱাৰিলো।"
" অ'হ sorryদেই।ক্লাছ হৈ থকাৰ সময়ত আমনি কৰা বাবে।"
"হ'ব বাৰু দিয়া।এতিয়া আচল কথাটো কোৱা।কিয় বাৰু ফোন কৰিছিলা।"
"উমম ফ্ৰি আছা যদি তোমালোকৰ administrative blockলৈ আহা চোন।"
"administrative block লৈ!!কিন্তু কিয়??"
"বেছি প্ৰশ্ন কৰিব নালাগে তুমি এতিয়া।আহা সোনকালে।"
"ok..গৈছো বাৰু"
  ফোনটো কাটি তাই বেগটো লৈ জিয়াৰ লগত administrative blockলৈ গৈ থাকোতে জিয়াই "কিয় যাব লাগে" বুলি সোধা প্ৰশ্নৰ উত্তৰো  দিব নোৱাৰিলে।
তাই আচলতে নিজেই নাজানে তালৈ সিহঁতি কিয় গৈ আছে।

   IIJNMঅৰ administrative blockৰ কাষতে আশুতোষ ৰৈ আছিল।প্ৰকৃততে IIJNMঅত গ্ৰাফিক্স ডিজাইনৰ কৰ্মশালাত প্ৰশিক্ষণ দিবৰ বাবে আশুতোষক মাতি পঠোৱা হৈছে।সেয়েহে সি তালৈ এসপ্তাহ প্ৰশিক্ষণ দিবলৈ আহিছে।সি যে IIJNMলৈ যে আহিব সেই কথা আগতেই গম পাইছিল। কিন্তু পখীক চাৰপ্ৰাইজ দিব বুলি ভাবি কথাটো আগতীয়াকৈ তাইক জনোৱা নাছিল।দূৰৈতে সি পখীক লগৰ এজনীৰ লগত আহি থকা দেখা পালে।তাইহে তাক দেখা নাছিল।তাই আহি সি থিয় হৈ থকা ঠাইডোখৰ পোৱাৰ পিছত তাক দেখি আচৰিত হ'ল।
"আশুতোষ!!!!তুমি ইয়াত!!কেনেকৈ!"
"কিয়!!আহিব নাপায় নেকি ইয়ালৈ?"
"নাই মই সেইটো কোৱা নাই।কিন্তু এনেকৈ হঠাৎ যে!মোক আগতে ক'বও পাৰিলাহেতেন চোন।"
"এয়া surprise"
"surprise এনেকৈ মাতি দিয়ে হ'বলা।"পখীয়ে হাঁহি হাঁহি ক'লে।
"কিয় surpriseটো ভাল নালাগিল নেকি?"
"surpriseৰ কথা বাদ দিয়া।তুমি ইয়াত কেনেকৈ সেইটো কোৱা।"
"মই ইয়াত কৰ্মশালা এখনত গ্ৰাফিক্স ডিজাইনৰ ট্ৰেইনিং দিবলৈ আহিছো।"
"অ' আচ্ছা"
"গতিকে এই এসপ্তাহ তোমাক লগ পাই থাকিম বুলি আশা কৰিব পাৰোনে?"
"নিশ্চয়,আশুতোষ ডাঙৰীয়া।এইকেইদিন IIJNMআৰু বাংগালোৰ ফুৰোৱাৰ দায়িত্ব মোৰ তেন্তে।"
"হয় দিয়ক পখী বাইদেউ।"
"পিছে মোৰ লগৰজনীৰ চিনাকীটো দিয়াই নাই নহয়।She is Jiya Benarjee,from Kolkata.And Jiya,he is Ashutush jain,from Assam.Now he is in Mumbai.
"Hii আশুতোষ।আপনে আজ হামে আচ্ছা surpriseদে দিয়া।"
    কথাটো কৈ জিয়াৰ লগতে পখী আৰু আশুতোষো হাঁহি উঠিল। এনেদৰেই ট্ৰেইনিঙৰ সেই এসপ্তাহত পখী আৰু আশুতোষ দুয়ো ভাল বন্ধু হৈ পৰিল।পখীয়েও আশুতোষক লগ পোৱাৰ পৰা পুৰণি কথাবোৰ পাহৰি নতুনক আদৰি ল'বলৈ শিকিছে।হেৰাই যাব খোজা ৰং,হাঁহি,বিশ্বাসবোৰ যেন আকৌ আশুতোষে তাইৰ জীৱনত ঘূৰাই দিছে।কাকো ক'বলৈ নিবিচৰা অব্যক্ত কথাবোৰ যেন তাই আশুতোষৰ আগত বিনাদ্বিধাই কৈ যায়। তাই ভাবি নাপায় সেয়া ভূল নে শুদ্ধ।তথাপিও তাইৰ এনে লাগে যেন তাইৰ জীৱনত আধৰুৱা হৈ পৰি ৰোৱা প্ৰানজিতৰ আসনখন আশুতোষে পূৰাবলৈ আৰম্ভ কৰিছে।এসপ্তাহ বাংগালোৰত থাকি আশুতোষ আকৌ দিল্লীলৈ ঘূৰি গ'ল।কিন্তু সিহঁতৰ মাজৰ সম্পৰ্ক আগতকৈ গভীৰ হৈ আহিল। তথাপিও এই সম্পৰ্কবোৰ আগবঢ়াই নিম বুলি ভাবিও পখী যেন ক'ৰবাত ৰৈ যায়; তাইৰ ভয় হয় যদি আকৌ ক'ৰবাত ভূল হৈ যায়।


অসমৰ বনাঞ্চলসমূহৰ ওপৰত প্ৰানজিতে কৰি উলিওৱা ডকুমেণ্টৰী ফিল্মখন আন্তঃৰাষ্ট্ৰীয়ভাৱে পূৰ্ণ পৰ্যায়ত মুক্তি দিবলৈ আশুতোষে সম্পূৰ্ণ প্ৰয়াস চলাইছে।পখীৰ আশা সপোনবোৰ যেন আশুতোষৰো আশা সপোন হৈ পৰিছে।সেয়েহে সি যৎপৰোনাস্তি চেষ্টা কৰিছে কামটো কৰিবলৈ।প্ৰানজিতৰ লগতো তাৰ চিনাকী গঢ় লৈ উঠিছে।তাৰ মতে প্ৰানজিতে প্ৰজেক্টটোত ভাল কাম কৰিছে।এই কামটোৱে সফলতা লাভ কৰিলে অসমৰ বাবে আৰু নতুন কাম কৰি যোৱাৰ প্ৰানজিতৰ আশা আছে।জীৱনাদিত্যৰ প্ৰানজিত,গৌৰী,অনুৰাগ,অনন্ত নাথহঁতৰ কথাৰ লগতে প্ৰানজিত পৰ্ণাৰ প্ৰেম কাহিনীও আগতেই পখীয়ে আশুতোষক কৈ থৈছিল।সেইবোৰ শুনি তাৰো জীৱনাদিত্য পৰিয়ালক লগ পোৱাৰ হেঁপাহৰ কথা পখীক জনাইছিল। সেয়েহে জীৱনাদিত্য পৰিয়ালৰ নিৰন্তৰ প্ৰচেষ্টাক সহায় কৰাৰ যি সুযোগ পাইছে সেই সুযোগক সি বিফলে যাবলৈ দিব নিবিচাৰে। সিহঁতৰ সপোনবোৰক পূৰণ কৰাৰ আশা লৈয়ে আশুতোষ দিল্লীলৈ আহিছে।"Full frame documentary film festival"অত মুক্তি দিয়াৰ কথা ভাবিছে সি।কালচাৰেল চ'চাইটিৰ বহু মানুহৰ লগত তাৰ ভাল পৰিচয় আছে বাবে অনুমতি লোৱাত তাৰ সিমান সমস্যা নহ'ল।কামবিলাক কিছু পৰিমাণে হৈ যোৱাৰ পিছতহে সি শান্তিৰে উশাহ ললে।
(আগলৈ.,)

📝গৌৰাংগিনী নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)