ধাৰাবাহিক উপন্যাস আধৰুৱা প্ৰেম কাহিনী (খণ্ড-২১)

©Admin
0

" আধৰুৱা প্ৰেম কাহিনী " যোৱা সংখ্যাত আপুনি পঢ়িবলৈ পাইছিলে - নিতু আৰু সত্যমৰ প্ৰেমময় মিলন ৷ সত্যমৰ বিদায় ৷

নিতুৰ দেউতাকে নিতুক সত্যমৰ গুছি যোৱাত সুখৰ ব্যাখ্যা ৷ সত্যমৰ গুচি যোৱাত দিবাকৰৰ মন বেয়া ৷ এতিয়া আগলৈ পঢ়ক - সত্যম বহু দিনৰ মূৰত ঘৰলৈ উভতি আহিছে গতিকে তাৰ মন বৰ ৰোমাণ্টিক দৈ আছে আৰু এই সুখ প্ৰকাশ কৰিছে গানৰ কলিৰ সহায়ত ৷ এনেতে কিশোৰ নামৰ এছিচটেণ্ট ডাইৰেক্টৰ জনে সুধিলে 

" ক্যা বাত হ্যে সত্যম য়াৰ তু বড়া খুছ দিখ ৰহা হ্যায় " 

সত্যমে গানৰ সুৰতে ক'লে 

বড়ে দিনো কে বাদ আয়া ঘৰ কো মে , বহুত আচ্ছা লগ ৰহা হ্যায় মুঝে দেখকে অপনা গাঁও মুঝকৌ ৷ তুম ভী দেখৌ তৌ জৰা ৷ কিতনা হঁচিন য়হ বাদিয়া চাৰো আৰ হৰিয়ালীয়া "

কিশোৰে হাঁহি হাঁহি ক'লে

হাঁ হাঁ মে দেখ ৰহা হুঁ ৰিয়েলী  বহুত হী সুন্দৰ গাঁৱ হ্যায় তুম্হাৰা "

বাগানৰ লাইন ৰাস্তাত প্ৰৱেশ কৰোতেই কেইজনমান আটছা আৰু ভিডিপিৰ লোকে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলে ৷ ড্ৰাইভাৰে গাড়ীখন ৰখাই দিলে সত্যমে গাড়ীৰ খিৰিকী খুলি  ক'লে 

" অ হয় দাদাহঁত কওকচোন কিবা আছিল নেকি ? "

তাৰে মাজৰে এজন নৱযুৱকে অলপ উগ্ৰ ভাৱে ক'লে

" আপুনি নাজানে নেকি বিশ্বত কি চলি আছে ? "

সত্যমে লাহেকৈ বুজাই ক'লে

" মই জানো সৰ্ব বিশ্ব বৰ্তমান কৰ'না মহামাৰীৰৰ কবলত গতিকে আমি চৰকাৰী নিৰ্দেশনা মতে মাক্স , গ্লজ ৷ চেনিটাইজাৰ লগত থৈ নিয়মীয়া ব্যৱহাৰো কৰি আছোঁ "

আকৌ অন্য এজন ব্যক্তিয়ে মুদু সুৰত ক'লে

" ভাইটি তুমি আমাৰ বাগানৰে ল'ৰা গতিকে তোমাৰ কৰ্তব্য আছে নিজৰ বাগানৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰা গতিকে যিহেতু তুমি বাহিৰৰ পৰা আহিছা সেইবাবেই কৰ'না টেষ্ট কৰি লোৱাটো বাঞ্ছনীয় হয় নহয় তুমিয়েই কোৱাচোন ? "

সত্যমে ক'লে 

" নিশ্চয় খুৰা মই আৰু মোৰ সতীৰ্থ কৰ্মচাৰী সকল ৰেডি আছোঁ টেষ্টৰ বাবে কওক কলৈ যাব লাগিব ? "

ব্যক্তিগৰাকীয়ে মবাইল টো উলিয়াই নম্বৰ এটা ডায়েল কৰিলে ৷ ফ'ন ৰিচিভ হোৱাৰ পাছত ক'লে

" এমবুলেন্স লৈ অতি শীঘ্ৰে আহক "

ফ'ন কাটি ক'লে

" কিছুসময় ৰোৱা এমবুলেন্স আহি আছে "

সত্যমে দীঘলীয়া উশাহ টানি হেডফোনটো লগাই গান শুনাত লাগিল ৷ কিছু সময় পাছত এমবুলেন্স আহি সত্যমহঁতক উঠাই লৈ গ'ল ৷ ডাক্তৰে সিহঁতৰ শৰীৰ   টেষ্ট কৰিল কিন্তু নেগেটিভ পালে আৰু চৈধ্যদিন কৰেনটাইমত থাকিবলৈ কোৱাত সত্যমে ঘৰতে কৰেনটাইমত থাকিবলৈ সিদ্ধান্ত ল'লে আৰু ঘৰলৈ উভতি আহিল ৷ 

দুদিনমানৰ পাছত সত্যম আচৰিত হৈ পৰিল যেতিয়া চছিয়েল মিডিয়াত তাৰ কৰ'না ভাইৰাছ হৈছে বুলি ফটোসহ পষ্ট দিছে ৷ সত্যমে লগেলগে পষ্ট দিওঁতাজনক ফ'ন কৰিলে কিন্তু সেইজনে ফ'ন ৰিচিভ নকৰিলে ৷ সত্যমে নিজকে ক'লে

" মানুহবোৰ কি অদৰকাৰী কামবোৰ কৰি থাকে কোনো তথ্য নোহোৱাকৈ মানুহক বদনামত পেলাই কি সুখ পাই সেইটো বুজাটো বৰ টান "

সত্যমে এনেদৰে নিজকে কৈ দীঘলীয়া উশাহ টানি বিচনাখনত দীঘল দি পৰিল    াউলিয়াই মিঃ ৰাজুলৈ ফ'ন কৰিলে মিঃ ৰাজুৱে ফ'ন ৰিচিভ কৰিলে আৰম্ভ হ'ল দুয়োৰে মাজত দীঘলীয়া বাৰ্তালাপ ৷ 

মিঃ ৰাজুঃ  কেনে আছা ?

    সত্যমঃ  ভালেই আছো বাৰু দিবাকৰৰ খবৰ  কেনে ? সি চাগৈ বহুত দুখ     

পালে মই হঠাৎ এৰি গুচি অহাত ৷

মিঃ ৰাজু কিবা কওঁ বুলি লওঁতেই দিবাকৰ দৌৰি আহি ফ'নৰ ৰিচিভাৰ বাপেকৰপৰা কাঢ়ি লৈ অলপ খঙত ক'লে

" আপুনি ভাল মানুহ নহয় মই আপোনাক বেয়া পাইছো "

সত্যমঃ  কিয় ?

দিবাকৰঃ আপুনি যে যোৱাৰ পাছত এদিনো ফ'ন কৰা নাই গৈয়ে পাহৰিলে নেকি মোক ?

সত্যমঃ   নাই নাই হেৰৌ তুমি তো মোৰ হৃদয়ত আছা তোমাকনো কেনেকৈ পাহৰিব পাৰিম এয়া অসম্ভৱ ৷

দিবাকৰঃ  হব দিয়ক সাহিত্যিক মহাশয় মিঠা মিঠা বাক্যৰে মোক চেনি লগাব নালাগে এতিয়া কওক কেতিয়া আহিব আমাৰ ঘৰলৈ ?

সত্যমে কিবা কবলৈ লওঁতেই ফ'ন কাট খাই গ'ল পাছত দিবাকৰে বহুত চেষ্টা কৰিও ফ'ন লগাব নোৱাৰি খঙতে ভোৰভোৰাই বাহিৰলৈ গুচি যায় ৷ বাপেকে একেথিৰে তাৰ ফালে চাই ৰ'ল আৰু মনতে ক'লে

সচাকৈ বন্ধুত্বই সংসাৰৰ নীতিনিয়ম একোকে নুবুজে এইবুলি কৈ ৰিচিভাৰটো ভালকৈ থৈ বাহিৰলৈ ওলাই গ'ল ৷ এইফালে সত্যমৰো মনটো বেজাৰ লাগিল মাজতে এনেদৰে ফ'ন কাট খাই যোৱাত ৷

আগলৈ•••

🖋️দুলাল ৰবিদাস 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)