গতিকে শাৰীৰিক অক্ষমতা এক অসাধাৰণ সৃষ্টি বুলি গ্ৰহণ কৰি তাক সহজভাৱে লব বৃহৎ উদাৰ মনৰ প্ৰকাশ ৷
সমাজৰ জ্ঞানী আৰু ভদ্ৰ লোকলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে ভুলতো কোনো অক্ষম ব্যক্তি বা শিশুক পুতৌ নকৰি মানৱীয় সহানুভূতিৰে জীৱন পথত আগবাঢ়ি যোৱাত নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াই দিয়ক তাৰ পাছত চাব আপোনাৰ মন প্ৰাণ সতেজ হৈ উঠিব যেতিয়া অক্ষমলোকে মুদু হাঁহি মাৰি অন্তৰেৰে ধন্যবাদ দি আপোনাৰ মংগল কামনা কৰিব ৷
কিন্তু শাৰীৰিকভাৱে সক্ষম হৈ এটা কুচিৎ দানৱৰ দৰে মন লৈ নাইবা অকামিলা অপদাৰ্থ , হৈ জীৱন কটোৱাটোহে লজ্জাজনক , আৰু গৰিহণাৰ পাত্ৰ ৷ এনে লোক সমাজৰ শত্ৰু তেনে লোকে নিজেও একো কৰিব নোৱাৰে , আৰু অন্যৰো উন্নতি প্ৰগতি দেখিব নোৱাৰে ৷ তেনে লোকে অক্ষম সকলক সমাজত পাপৰ বোজাস্বৰূপ ৷ মই এজন অক্ষম যুৱক কিন্তু মই নিজকে সুস্থ সবল , আৰু সক্ষম বুলি ভাৱিহে জীৱনৰ কৰ্মপথত আগবাঢ়ি গৈ আছোঁ আৰু সেইকাৰণে আজি মই সকলোৰে প্ৰিয় আৰু আদৰৰ গৰ্ব কৰিছো বুলি ভুল নুবুজিব ৷ যিয়ে নহওক কিয়
" আপোন ভাল তেহে জগত ভাল "
শাৰীৰিক অক্ষম ব্যক্তিয়ে যে সমাজলৈ কিমান যোগাত্মক অৰিহণা আগবঢ়াব পাৰে তেনে দৃষ্টিকোণলৈ লক্ষ্য কৰি এই লেখাটি আপোনালৈ আগবঢ়াই দিলোঁ ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ