অনাকাংক্ষিত অধ্যায়-১৯

Rinku Rajowar
0
উপস্থিত সকলো দৰ্শকৰ হৰ্ষোল্লাসৰ মাজেৰে উঠি গৈ অনন্ত নাথে মুখ্যমন্ত্ৰীৰ পৰা "বেষ্ট নিউজ চেনেল"ৰ বঁটা গ্ৰহণ কৰিলে।দৈনিক  বাতৰিসমূহ সত্য,সুন্দৰ আৰু সঠিকভাৱে উপস্থাপন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে  "পূবেৰুণ"ৰ "খোজ" অনুষ্ঠানৰ সম্প্ৰসাৰণৰ যোগেদি সমাজৰ আগত জীৱনাদিত্যই অন্য এক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে।কেৱল সেয়াই নহয়,"ৰূপহী অসম"প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জীৱনাদিত্য উজলিবলৈ সক্ষম হৈছে।যি সময়ত অনন্ত নাথে অহৰহ জীৱনাদিত্যৰ হৈ যুঁজিবলৈ সংকল্পবদ্ধ হৈ পৰিছিল;আজি জীৱনাদিত্যৰ সেই পুৰণি স্মৃতিয়ে তেওঁৰ মন সেমেকাই তুলিলে।সেই অনাকাংক্ষিত অধ্যায়ৰ আজীৱন প্ৰতিবাদৰ স্তম্ভ এই "জীৱনাদিত্য"।মনত সকলোৰে এতিয়া এটায়ে আশা--তেওঁলোকে শান্তি আনিব,মৰম আনিব,জনম জনমলৈ সেয়া সাঁচি ৰাখিব।

অনন্ত নাথৰ পুত্ৰ আদিত্য নাথ আৰু তাৰ লগৰ জীৱন গোঁহাই;দুয়ো সৰুৰে পৰাই বহুত ভাল বন্ধু আছিল।খেলা-ধূলা বা যিকোনো কামতেই হওঁক দুয়ো বন্ধুৰেই কোনো কামত এৰা-এৰি হোৱা নাছিল।দুয়োজনৰে ফুৰাত বৰ চখ আছিল।আৰু সেই চখো দুয়োজনে মিলি পূৰা কৰিছিল।"জীৱন-আদিত্য" এই নামেৰেই দুয়ো সকলোৰে মাজত বেছ জনপ্ৰিয় আছিল।আদিত্যৰ আৰু এটি চখ আছিল।সেয়া হ'ল সংগীতৰ প্ৰতি চখ।সি প্ৰায়ে তাৰ প্ৰিয় গীটাৰখন লৈ সংগীতত মচগুল হৈ থাকিছিল।এদিন আদিত্যই আহি দেউতাকক  নতুন ঠাই এখনলৈ ফুৰিবলৈ যাবলৈ ওলোৱাৰ কথা জনাইছিল। সেউজ সুন্দৰ পাহাৰৰ মনোভিৰাম দৃশ্য উপভোগ কৰাৰ তাৰ যি ইচ্ছা আছিল সেই ইচ্ছাৰ বিষয়ে আদিত্যই  দেউতাক অনন্ত নাথক আগতেই কাণ চোৱাই থৈছিল।গতিকে বহু দিনৰ মূৰত নিজ কামৰ পৰা ছুটি পোৱা আদিত্য আৰু তাৰ বন্ধু জীৱনক অনন্ত নাথে যাবলৈ বাধা দিয়া নাছিল।তাৰপিছত দুই বন্ধুৱে লাগতীয়াল সকলো খোৱা বস্তু ,আদিত্যৰ প্ৰিয় গীটাৰখন আৰু এটা ভাল মিউজিক চিষ্টেম ঠিক কৰি লৈ সিহঁতৰ প্ৰিয় ঠাইখনলৈ ৰাওনা হৈছিল।কিন্তু বিধিৰ কি দুৰ্বিপাক; অনন্ত নাথৰ একমাত্ৰ পুত্ৰ আদিত্য আৰু তাৰ বন্ধু জীৱন গ'ল যি গ'লেই আৰু কোনোদিনেই সিহঁতৰ বাবে অপেক্ষা কৰি থকা পিতৃ-মাতৃহালৰ ওচৰলৈ সিহঁত আৰু কেতিয়াও ঘূৰি নাহিল।সেই সময়ত অসমৰ চুকে-কোণে বহু এলেকাত সোপাধৰা ওলোৱাৰ এক উৰাবাতৰি সম্প্ৰচাৰিত হৈছিল।অচিনাকী ঠাইত ফুৰিবলৈ যোৱা দুইজন অচিনাকী যুৱক জীৱন আৰু আদিত্যক  সোপাধৰা  বুলি সেই ঠাইৰ মানুহে ভূলতে সামূহিকভাৱে আক্ৰমণ কৰিছিল।কেৱল সেয়াই নহয়,দুয়োৰে ওপৰত পাশৱিক অত্যাচাৰো কৰা হৈছিল।নিজকে শুদ্ধৰূপত অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো যেন অত্যাচাৰৰ তীব্ৰতাৰ অকণো শাম কটা নাছিল।প্ৰকৃততে এই ধৰণৰ গণপ্ৰহাৰৰ সৃষ্টি কিয় হ'ল;সেই পৰিস্থিতিৰ উদ্ভৱ কেনেকৈ হ'ল সেই কথাৰ উত্তৰ থাকিব মাথোঁ জীৱন কাঢ়ি নিয়া সেই মানুহজাকৰ ওচৰত।শিল্পীমনৰ এই দুইবন্ধুৰ মৃত্যুৰ চিৎকাৰৰ বৃত্তান্তই এদিন সকলোৰে চকু সেমেকাইছিল;ন্যায় বিচাৰিছিল সকলোৱে।ন্যায়ৰ ৰণখন বহু দীঘলীয়া হৈ পৰিছিল।কোনো সদুত্তৰ অহা নাছিল পুলিচ প্ৰশাসনৰ পৰা।ন্যায় বিচাৰি বিচাৰি ভাগৰি পৰিছিল অনন্ত নাথ।থানা-ক'ৰ্টলৈ অহা -যোৱা কৰি কৰি তেওঁ ৰুগীয়া হৈ পৰিছিল।এটা সময়ত তেওঁ এৰি দিছিল অহা-যোৱা কৰিবলৈ।এদিন বহু সাহসত তেওঁ মুকলি কৰি দিছিল সিহঁতৰ স্মৃতিত "জীৱনাদিত্য"ৰ দুৱাৰ।অসমৰ প্ৰতিটো অন্যায়ৰ কাহিনীৰ বিপক্ষে প্ৰশ্ন কৰিবলৈ, সাহস দিবলৈ,জগাই উঠাবলৈ আৰু প্ৰতি খোজে খোজে আগুৱাই নিবলৈকে যেন সকলোৰে সন্মুখত নিঃস্বাৰ্থ ভাৱে থিয় দি ৰৈ আছে জীৱনাদিত্য।মৰমবিহীন এই পৃথিৱীত যেন সদায়েই আলফুলীয়া এক স্মৃতি লৈয়েই জীয়াই থাকিবলৈ খোজে জীৱনাদিত্যই।

জীৱন আৰু আদিত্যৰ পুৰণি বন্ধুত্বৰ স্মৃতিৰ কথাই আকৌ এবাৰ সকলোকে সোঁৱৰালে "জীৱনাদিত্য" হৈ।উপস্থিত দৰ্শকসকলে আকৌ এবাৰ থিয় হৈ অনন্ত নাথক উৎসাহ দিলে।সেই সময়ত সকলোৰে দুচকু পানীৰে ভৰি উঠিল।

(আগলৈ...)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)