বুজাত একো অসুবিধা নাই | পুনৰ সুন্দৰ নীতি বচনেৰে আবৃত শব্দৰ নান্দনিক আকৰ্ষণে বাৰে বাৰে হাত বাউল দি মাতে , সকলোকে সতৰ্ক কৰি দিয়ে , এক সাৱধানতাৰ বাৰ্তা দিয়ে | যি আজিও আমাৰ বাবে লাহতিয়াল , সত্য আৰু আমাক সজাগ হ'বলৈ বাধ্য কৰাই , যি বিশেষকৈ আজিৰ দিনটোত বেছি প্রাসংগিক হৈ পৰিছে...
ভাইটি পাবা পুৰষ্কাৰ
যদি হোৱা পৰিষ্কাৰ
উল্কা চাবা দোভাগ ৰাতি
অংক কৰিবা ফলিত পাতি |
আমাৰ সকলোৰে শ্রদ্ধাৰ মৰমৰ আদৰৰ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য বা হীৰুদাৰ সাৱলীল শব্দৰে সজোৱা আধুনিক কবিতা কোনেনো নুবুজে , কোনেনো ভাল নাপায় | কোনে পাহৰিব , কেনেকৈ লয় হ'ব সেই কালজয়ী কবিতা , কেনেকৈ পাহৰিব যি সকলোৰে শিৰাই শিৰাই গঠা আছে তাৰ তাৎপৰ্য .....
তুমিটো জানাই
এই কবিৰ একে নাই
এটাই মাথো কামিজ
তাৰো চিগো চিগো চিলাই
প্রেম হ'বলা এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়
সময় বাগৰি গ'ল | সকলোতে পৰিবৰ্তন আহিল | কবিতাৰ বিশাল জগতখনটো আহিল , কবিতা , অকবিতা , অশ্লীল কবিতাৰ সৃষ্টি হ'ল | অকবিতা সৃষ্টি কৰাজন অকবি হ'ল | যিসকলে এনে অভিধা সৃষ্টি কৰিলে তেওঁলোকে নিজকে জনা দেখুওৱা হ'ল | বিজ্ঞজনে কয় প্রতিগৰাকী মানুহেই কবি | সেই চহা কবিসকল যিয়ে সুৰ লগাই ঠাইতে কবিতা সৃষ্টি কৰিব পাৰিছিল , যাৰ কোনো লিখিত ৰূপ নাছিল , তেওলোকক কি বুলিব ? তেনেতে এনে কিয় হ'ল ?
আগলৈ....
🖋️হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ