নীলাভ,
শব্দৰ আবিৰেৰে
সজাওঁ মোৰ অনুভৱবোৰ
হৃদয়ৰ দেৱালত,
অভিমানী অনুভৱৰ
এমুঠিমান আৱেগভৰা আবদাৰ
শব্দৰ মালিতাৰে বুলাওঁ
বৈ যাওক কথাৰ নদী.....।
শুকুলা ডাৱৰৰ আঁচলত লুকাই সোণোৱালী ৰেশ আঁকি লাজুক-লাজুককৈ চন্দ্রমাই যেন সিঁচি দিছে তোমাৰ এমুঠিমান ভালপোৱাৰ অনুভৱ। ৰাতিৰ ভৰত লাহে-লাহে এপাহ-দুপাহকৈ উশাহ সৰিবলৈ ধৰিছে। যন্ত্ৰণাৰ আছুতীয়া কোঠাত ৰৈ জিলিজনীয়ে চিঞঁৰিছে, কুকুৰে ভুকভুকাইছে আৰু ফেঁচাজনীয়ে ঘৰৰ মূধচত বহি জীৱনৰ নিচাত নানাৰঙী শব্দৰে মাতাল হৈছে। জিৰ-জিৰকৈ বৈ যোৱা বতাহজাকে তোমাৰেই সুবাস কঢ়িয়াই আনিছে। মোৰ নিলগত থাকিলেও অতিকৈ ওচৰত, অতিকৈ আপোন তুমি।
সময়ৰ সোঁতত সকলো পৰিৱৰ্তনশীল। যুগৰ তাড়ণাত সকলো সলনি হৈ পৰিছে। তুমি কেনে আছা বাৰু???আজি তোমালৈ ঘনে-ঘনে মনত পৰিছে। সেয়ে হৃদয়ৰ তাড়ণাত যন্ত্ৰিকতাকো নেওচি লিখি গৈছো আনন্দ নাইবা বিষাদৰ প্ৰতিচ্ছবি। নিশাৰ নিস্তব্ধতাতকৈও গভীৰ মোৰ হৃদয়ৰ মৌনতাৰ চাবি-কাঠি খুলি মেলি লৈছো মোৰ হৃদয়ৰ কোঠালী। হৃদয়ত তুমি এৰি যোৱা সাঁচবোৰ এটা-এটাকৈ মেলি চোৱাৰ হেঁপাহ জাগিছে আৰু পুৰণি হৈ যোৱা সময়ৰ কেলেণ্ডাৰখন সজীৱ হৈ উঠিছে।
সময়ৰ সুগন্ধি যেতিয়া হৃদয়ত লাগি ৰয়, তেতিয়া জেঠ মাহতো ফাগুণৰ ফুল ফুলে। তোমাৰ সুবাসে মোৰ মনত সদায় ফাগুণৰ ফুল ফুলায়। প্ৰাণচঞ্চলা বাৰিষাৰ বৰষুণজাকে তোমাৰ স্মৃতি সজাল কৰি তোলে। স্নিগ্ধ কিৰণে তোমাৰ কোমলতাক প্ৰকাশ কৰে। শেৱালিৰ সুবাসে তোমাৰ প্ৰতি মোৰ অনুভৱক নতুনকৈ সজায়। নৈ-বিল-জান-জুৰি, চৰাই-চিৰিকতি ,জোন-বেলি- তৰা- আকাশ সকলোৱে মোক তোমাৰ কথাকে কয়। অনুভৱৰ খোঁচনিত এই সকলোবোৰ সযতনে সাঁচি ৰাখিছোঁ। কেতিয়াবা হয়তো পিন্ধি লৈছো দুখৰ কৱচ..... তোমাৰ অনুপস্থিতিত.....।
পাখি কলমটোৰে এটোপাল-দুটোপালকৈ নিগৰি আহিছে আধৰুৱা সপোনবোৰ। অপেক্ষাৰত হৃদয়ে তোমাৰ সান্নিধ্যতাৰ বাবে উচুপি উঠে.....। বৰকৈ মনত পৰিছে জানা তোমালৈ.....!!! জীৱনৰ মায়া সাৱটি সময়ৰ অকণমান সুৰুঙা উলিয়াই আহিবাচোন এটি আবেলিত..... দুয়ো লগ হ'ম চিনাকী নদীৰ ঘাটটোত.....।
ঘৰৰ চালত ফেঁচাজনীয়ে পুৱতি নিশাৰ বাতৰি দিছে।
জীৱনৰ প্ৰতিশ্ৰুতিত বাট চাই ৰৈ আছো এতিয়াও
তুমি আহিবা বুলিয়েই জপনাখন খুলি ৰাখিছো
তুমি আহিবা বুলিয়েই বন্ধ হৃদয়ৰ
মামৰে ধৰা তলাটোও খুলি ৰাখিছো।
তুমি গৰকি যাবলৈকে এতিয়াও পাৰি ৰাখিছো তলসৰা শেৱালি দলিচা কৰি
মনৰ চোতালত.....।
তোমালৈ অপেক্ষা কৰি ৰ'ম। আজিলৈ সামৰিছো। তোমাৰ উত্তৰলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ম
মৰমেৰে,
তোমাৰ সাগৰিকা
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ