দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি-০৪

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা ...
নানান লয়লাস ভঙ্গীৰে চোক্ ৰাবোৰে নৃত্য-গীত পৰিবেশন কৰিছিল | নাটকৰ মাজত দিয়া চোক্ ৰা নাচে দৰ্শকক বাৰুকৈয়ে মোহিত কৰিছিল | কিছু সময়ৰ বাবে হলেও নাটকীয় ৰস পাহৰি দৰ্শকে এটি নতুন অনুভূতি লাভ কৰিছিল | যদি মুছলমান নাটক হয় তেতিয়া চোক্ ৰাৰ ব্যৱস্থা নাছিল | তাৰ ঠাইত বাইজী অথবা বাইজীবোৰে নৃত্য-গীত পৰিবেশন কৰিছিল | সেই সময়ত কোনো কোনো  যাত্রাদলে বাহিৰা নৃত্য পৰিবেশন কৰিছিল | এই বাহিৰা নৃত্যবোৰ কোনো এটা সমসাময়িক ঘটনা অথবা উত্তৰ-পূৰ্বাঞ্চলৰ ঐক্য-সংহতিৰ প্রতীক বহনকাৰী নৃত্যৰে দৰ্শকক মোহিত কৰিছিল | এনেদৰেই ৰাতিপুৱা অৰ্থাত ঢল প্রহৰ হোৱালৈ নাটক চলিছিল | দৰ্শকে টোপনীৰ কথা ভাবিবই পৰা নাছিল | ভাবিবই পৰা নাছিল নাটক শেষ হল নে নাই | কেৱল অসম সংগীত বাজি উঠিলেহে হৃদয়ঙ্গম হৈছিল যে সেই নিশাৰ নাটকৰ যৱনিকা পৰিছে ট এয়াই আছিল অতীতৰ যাত্রাদল | 
   সেই সময়ছোৱাত নাট্যদল এটি বৰ্তাই ৰখাটো যে কিমান কষ্টসাধ্য আছিল সেই সময়ৰ নাট প্রযোজক সকলে হৃদয়ঙ্গম কৰিছিল | সেই সময়ৰ প্রযোজক সকল সঙ্গীত সাধনাত যথেষ্ট পটু আছিল | অভিনেতা অভিনেত্রীসকলেও সেই সময়ছোৱাত গক্ষ অভিনয় কৰি মানুহৰ অন্তৰত সাঁচ বহুৱাইছিল | কালাপাহাৰ , ভক্ত-ধ্রুব , দক্ষযজ্ঞ , কাল- যৱন , বাঘা ডকাইট , অজ্ঞাদেৱী , ৰাজ-নন্দিনী , আদি নীটকৰ অভিনয় কৰা অভিনেতা অভিনেত্রীক মানুহে পাহৰিব পৰা নাই | মচি পেলাব পৰা নাই তেওঁলোকৰ হৃদয় বিদীৰ্ণ কৰা সংলাপ | কৌতুক চৰিত্রৰ ৰূপদান আছিল চমকপ্রদ | দূৰৰপৰাই গলগলীয়া কণ্ঠস্বৰ শুনি মানুহে অভিনেতাজনক ক'ব পাৰিছিল অমুক কোন ? 
      সেই সময়ত যাত্রাদলৰ পৰিবহন আছিল গৰুগাড়ী | দিন দুপৰতে গৰুগাড়ীত যাত্রাৰ সামগ্রী লৈ গন্তব্যস্থলীলৈ ৰাওনা হৈছিল | গৰুগাড়ীৰ সামগ্রী চাবলৈও মানুহে ৰভাস্থলীত জুম বান্ধিছিল | অভিন্তা সকল খোজকাঢ়ি অথবা চাইকেলেৰে বহু কষ্টকৰি ৰভাস্থলীত উপস্থিত হৈছিল | এয়াই আথিল অতীতৰ নাটক |   আগলৈ
 
    📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)