হীৰাময় হাঁহি এটি পিন্ধি
সিহঁতবোৰে গাই যায় প্ৰতিশ্ৰুতিৰ গান
ভাটৌৰ দৰে আওৰাই যোৱা
ভোক আৰু ৰুটিৰ দৰে
অন্ত নোহোৱা প্ৰতিশ্ৰুতিবোৰ......
এলান্ধুকলীয়া আশাবোৰে আশ্বাসৰ আচ্ছাদন ফালে
চৌপাশে বিজয় ধ্বজাত মুখৰিত হয় পৰিৱৰ্তনৰ গান
সময়বোৰ স্থবিৰ হৈ পৰে
ভোক আৰু পিয়াহত জনতাই ক্ৰন্দনৰ ৰোল তোলে
সিহঁতবোৰ উচ্চস্বৰে হাঁহে
সিহঁতবোৰৰ স্মৃতিৰ সীমা অতিক্ৰম কৰি
পাহৰণিত গৰ্ভপাত হৈ যায়
প্ৰতিশ্ৰুতিৰ দীঘল দীঘল শব্দবোৰ
সিহঁতৰ স্বপ্নই আকাশত সৰগ সাজে
ভোক আৰু পিয়াহত নৃত্যৰত জনতাৰ জখলাৰে
শিলৰ দৰে একেই থাকে দুখৰ গানবোৰ
পৰিবৰ্তনৰ সপোনবোৰ অপৰিৱৰ্তিত হৈয়ে ৰয়
সিহঁতবোৰ আকৌ আহে
ভোক আৰু ৰুটিত আঞ্জাৰ ৰহণ সানি
একেবোৰ প্ৰতিশ্ৰুতি লৈ....
মুখৰ হাঁহিটোত আৰু অলপ কৃত্ৰিমতা সানে।
🖌দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ