ব'লা আমি আগুৱাই যাওঁ

Rinku Rajowar
0

ব'লা ,,,
দুহাতত খামুচি,
সপোনৰ দিশে আগুৱাই যাওঁ,
শাওনৰ সেউজীয়াৰ মাজত  সোণোৱালী আঘোনৰ সপোন আকি যাওঁ,
শৰৎৰ শেৱালী গোন্ধত পাহৰি যাওঁ 
অতীতৰ মৰহা ফুলৰ দুগৰ্ন্ধ।
বলা আমি আগুৱাই যাওঁ,
অতীতক পাহৰি ভৱিষ্যতৰ দিশে আগুৱাই যাওঁ,
আউসীৰ অন্ধকাৰৰ মাজতো জোনাক সন্ধানী যাত্ৰা আৰম্ভ কৰোঁ,
হৃদয়ৰ অস্থিৰতা দূৰ কৰি ,
শান্তি বিচাৰি বলা যাওঁ দূৰ আকাশলৈ উৰি উৰি।
বলা আমি আগুৱাই যাওঁ,
সপোনৰ পম খেদি,
জীৱনৰ মধুৰ ক্ষণ বিচাৰি।
বলা দুয়ো একেলগে যাওঁ,
পুৱা উৰি যোৱা চৰাইজাকৰ দৰে,
নিদিষ্ট লক্ষ্যৰে, উদ্দেশ্যৰে
সন্ধিয়া ঘৰমুৱা আমাৰ সপোনৰ বাঁহলৈ,
বলা এখোজ আগুৱাই যাওঁ,,,,,,
জীৱনৰ প্ৰতিটো বাধা আওকাণ কৰি ,
তোমাৰ কান্ধত মূৰ গুজি,
চকুযোৰ সজোৰে মুদি দিওঁ,
এটি নতুন সপোন দেখাৰ আশাৰে,
উজাগৰি ৰাতি বোৰতো কামনা কৰোঁ,
এটি সপোনপ্ৰেমী টোপনিৰ।
বলা আমি আকৌ আগুৱাই যাওঁ,
ভাগৰ লাগিছে বুলি নকবা,
অতিক্ৰম কৰিবই লাগিব,
আগভেটা দিয়া প্ৰতি বাধাক।
বলা ব্ৰক্ষ্মপুৱাৰ পৰাই আৰম্ভ কৰোঁ,
সপোনৰ দীঘলীয়া জখলা,,,
বলা আমি আগুৱাই যাওঁ,
লক্ষ্যভেদিবলৈ বহু পৰ বাকী,
বলা,,,,,

🖋️নুমলী শৰ্মা
শিৱসাগৰ,নেমুগুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)