লখিমী

©Admin
4
     সুন্দৰপুৰ নামৰ এখন গাঁৱত এহাল বুঢ়া বুঢ়ীয়ে বসবাস কৰিছিল ।তেওঁলোকৰ কোনো সতি- সন্ততি নাছিল । মাত্ৰ এবিঘা মাটিৰ খেতি কৰিয়েই তেওঁলোকে পেট পৰ্বতাইছিল । কেতিয়াবা সৰু সৰু কথাৰ কটা - কটি আৰু ৰং ধেমালিৰে তেওঁলোকে এটি সাধাৰণ জীৱন যাপন কৰিছিল। 

 এদিনৰ কথা , তেতিয়া খেতিৰ সময় । দুয়ো বুঢ়া বুঢ়ীয়ে আগৰাতি থৈ দিয়া পইটা ভাত কেইটা খাই পথাৰলে বুলি ওলাল।দুয়ো তামোলেৰে ওঁঠ ৰঙা কৰি পথাৰৰ মুখে গৈ থাকোতেই হঠাৎ বুঢ়ী থমকি ৰল।বুঢ়ীক নেদেখি বুঢ়াই পিছলৈ বুলি ঘূৰি চালে আৰু দেখিলে যে বুঢ়ীয়ে কুঁজা হব ধৰা কঁকালটোত বাওঁ হাতেৰে ভেজা দি আনখন হাতেৰে কিবা এটা বুটলি লৈছে।বুঢ়াই দেখিলে যে বুঢ়ীৰ হাতত এখন দহ টকীয়া নোট।বুঢ়ীয়ে লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও বুঢ়াৰ চকুত ধৰা পৰিল। পইচাটো আঁচলতে মেৰিয়াই থৈ দুয়ো পুনৰ পথাৰৰ ফালে খোজ ললে। কঠিয়া মুঠি হাতত লৈ বুঢ়ায় বুঢ়ীক সুধিলে ," ঐ পইচা ভাগ মই পাম নাই??"। বুঢ়ী জাঙুৰ খাই উঠিলে আৰু কলে " কেনেকৈ পাবাহে, পইচা পাইছোঁ মই তাত আকৌ তোমাৰ ভাগ কেনেকৈ হব।" এইবোৰ কথাতেই দুয়োৰে মাজত পথাৰতে টনা- আজোৰা লাগিল।বুঢ়া বুঢ়ী আঁকুৰগোজ । দুয়োকে পইচা লাগে ।বুঢ়ীয়ে কলে, "হব বাৰু ৰাতি কিবা এটা ভাবিম।" এই বুলি কৈ দুয়ো পুনৰ কামত লাগিল। সেই দিনা এডৰা মাটি ৰুইয়েই দুয়ো ঘৰলৈ উভতিল । কথা মতেই কাম । ৰাতি ভাত কেইটা খাই বুঢ়ীয়ে কাঁহী বাতি কেইটা পখালি তামোলৰ খুন্দুনাটোত তামোল খন ভৰাবলৈ লৈছিল হে মাত্ৰ, তেনেতে বুঁঢ়াই পইচাৰ কথা উলিয়ালে।বুঢ়ীয়ে পইচাটো আচলৰ গাঁঠিৰ পৰা খুলি হাতত লৈ কলে-"ধনিৰামৰ দোকানৰ পৰা লোণ- তেল খিনি কিনাৰ পাছত যিটো বাকী বাকী থাকিব তাৰ পৰা ২৫% তুমি লবা" কিন্তু বুঢ়াই নামানে। সমভাগ লাগে। যুক্তি যে তেওঁ বুঢ়ীতকৈ ডাঙৰ।বুঢ়া কথা শুনি বুঢ়ী খং উঠিল আৰু পইচাটো ঢৰাখনত থেকেচি থৈ ঘৰৰ পৰা দপ দপাই ওলাই গল।বুঁঢ়া চিন্তাত পৰিল,বুঢ়ী বা কলৈ গল। সকলোতে চাই বুঢ়ীক কতো নাপাই ভঁৰালটো ওচৰলৈ গৈ" এইটোৱেই চাবলৈ বাকী আছেগৈ"বুলি ভঁৰালৰ ভিতৰত সোমাল। দেখিলে যে বুঢ়ী ভঁৰালৰ এচুকত বহি আছে।বুঢ়াই বুঢ়ীক দেখি খেক খেকাই হাঁহি কলে"পইচাৰ  কাৰণে কাজিয়া লাগিলি আৰু সোমাই আছহি ভঁৰালত। আজিৰ পৰা তোৰ নাম লখিমী। "    
( কাহিনীৰ কিছু অংশ সঁচাৰ ওপৰত            আধাৰিত )                                                                        
 📝দিচা গগৈ
    আমগুৰি


Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ❤😍। আৰু লিখিবা আগলৈ

    ReplyDelete
    Replies
    1. ধন্যবাদ । এনেকৈ উৎসাহ জনোৱাৰ বাবে ।

      Delete
Post a Comment