যোৱা কালিৰে পাহিটোত বাকী থকা চাহ গছজোপা কলম দি থাকোতে বিৰছাই ঢাকৰ শব্দ শুনা পালে । ঢাকৰ শব্দত তাৰ মনত পৰিল । সৌ লাইনটোত থকা মুংৰী কাকীৰ ছোৱালীৰ বিয়া বুলি। তাৰ ঢাকৰ শব্দটো বৰ ভাল লাগে । ভবাৰ লগে লগে তাৰ মনত আনন্দই হুলস্থূল লগালে । সি গীত এটি গুণগুণাই উঠিল---" মাড়ুৱা কে তলে-তলে । কা বাজন বাজে হায়ৰে । চাদী বাজন বাজে ৰে কনিয়া মায়া কান্দে হায়ৰে । কনিয়া মায়া কান্দে ।"
ঠিক সেই সময়তে তাক কোনোবাই মতা যেন লাগিল । সি মূৰ দাঙি এক নল দূৰত কাম কৰি থকা চুকৰুক সুধিলে---
: ঐ চুকৰু । তুই হামকে হাঁকালে নেকি ?
চুকৰুৱে দাঁত কৰচি কৰচি চাহ গছ কাটি- কাটি ক'লে---
: কাঁহা বাত কৰতেলে সময় আছে বিৰছা ? কাইলেৰ বাকী পাহিটাই চিৰাতে নাই পাৰছি । এই বুঢ়া গাছগিলা কাটতে কাটতে হামাৰ প্ৰাণ নিকলি যাৱেক ৰকম লাগছে ।
: হা...। হামকে কে ৰাও কৰলেক তবে ?
বিৰছাই আকৌ কামত মন দিলে । আকৌ তাক কোনোবাই মতা যেন শুনিলে । গছ কলম দি থকা কটাৰীখন কান্ধত লৈ সি চাৰিওফালে চাবলৈ ধৰিলে । নাই । একো নাই দেখোন ! সি কামত হাত দিবলৈ পোৱাই নাই । আকৌ এবাৰলৈ মাতটো শুনা পালে । মাতটো তাৰ হাতৰ মুঠিৰ পৰা ভাঁহি আহিছে । সি চক খাই উঠিল । কটাৰীখন দলি মাৰি নিজেও অলপ দূৰ ছিটিকি পৰিল । ভয়তে আগলি কলপাতৰ দৰে কঁপিবলৈ ধৰিলে । তাকে দেখি কটাৰীখনে হাঁহি হাঁহি ক'লে --
: হ'ব । মোক তই ভয় কৰিব নালাগে । মই তোৰেই কটাৰী ।
: কটাৰী হ'লেও তই যে আজি কথা কৈছ । ভয় নকৰিম নেকি ?
: নহয় অ । তহঁতৰ অৱস্থা দেখিহে বাধ্য হৈ মই মাতিব লগীয়া হ'ল । চাচোন বাৰু এনেদৰে তিনি চাৰি দিনতো পাহিটো পূৰাব পৰা নাই । তহঁত কেনেকৈ জীয়াই আছ মই দেখি আছো নহয় । আৰু কিমান দিন এনেকৈ থাকিবি ? তিনি পুৰুষ মানতো গ'লেই এনেদৰে । মোৰ দৰে হ তহঁতেও ।
: কি কৈছ । তোৰ দৰে কটাৰী হ'ব পাৰি নেকি ?
: অকৰাটো । কটাৰী হ'বলৈ কোৱা নাই । তীক্ষ্ণ হ । দেখা নাই মই কিমান তীক্ষ্ণ । তহঁতৰ এই বুঢ়া গছবিলাকেও তত পোৱা নাই দেখোন মোৰ কাটনত । শিৰীষ গছ এজোপালৈ আঙুলিয়াই সোধে----বাৰু ক চোন এইপাহ কি ফুল আৰু ক'ত হৈছে ?
: কপৌ ফুল । শিৰীষ গছত হৈছে । দেখিবলৈ বৰ ধুনীয়া ন' ? নাচনীৰ খোপাত বৰ ভাল লাগে ।
: তাকেতো ! ময়ো বৰ ভাল পাওঁ । পিছে তই দেখিছনে ই কিন্তু আন গছৰ ওপৰতে হৈছে । আকৌ ইয়াৰ আদৰেই বেছি । শিৰীষ গছজোপা ভাঙিলে, পচিলে কোনে সুধিব ? চোঁচৰাই নি কোনোৱাই জ্বলাব । নহ'লে পেলাব ।
: অ তো । তাতে কি হ'ল ?
: তোমালোকেও ঠিক শিৰীষৰ দৰেই । অৱহেলিত । তোমালোকৰ ওপৰৱালাকেইটা কপৌ ফুলপাহৰ দৰে সমাজত আদৰণীয় ।
: এহ... হয়তো । পিছে আমি তোৰ দৰে তীক্ষ্ণ হ'বলৈ কি কৰিব লাগিব ?
: চা বন্ধু । প্ৰথমতে ময়োতো এটুকুৰা লোৱেই আছিলোঁ । তইহে কমাৰশালত নি কটাৰী গঢ়ালি । আৰু শিলত ঘহি ঘহি তীক্ষ্ণ কৰিলি । তহঁতৰ পিছে এইটো স্বভাৱেই । আনক জীয়াবি । নিজেই মৰিবি । বৰ উদাৰ অ' তহঁত । ইমান উদাৰো ভাল নহয় দিয়া...
ঢাক বজাই বজাই তহঁত বহুত নাচিলি । এতিয়া সেই ঢাকটোকে অস্ত্ৰ হিচাপে ল । ঢাক বজাই বজাই সিহঁতক নচুৱা । তাৰ বাবে তহঁত ভাল চিন্তা কৰিব লাগিব । ভাল জনা মানুহৰ সংগ ল'ব লাগিব । টি,ভি , ৰেডিঅ' আদিত দিয়া ভাল কথাবোৰ শুনি বুজিব লাগিব । নিজৰ মগজুটো বহল কৰিব লাগিব । অকল পাল পাতি-পাতি ভেড়াৰ দৰে অহা-যোৱা কৰি থাকিলে নহ'ব বন্ধু ।ল'ৰা- ছোৱালীৰ পঢ়া-লিখাত মন দিব লাগিব ।
: আচ্ছা বন্ধু । তেনে কৰিব পাৰিম নেকি ?
: নিশ্চয় পাৰিবা । সাহস, একাগ্ৰতা আৰু আত্মবিশ্বাসী থাকিলে সকলো কৰিব পাৰিবা ।
: তই হে আচল কথাটো ক'লি বন্ধু । তই কোৱাৰ দৰেই মই চেষ্টা কৰিমেই । ঢাক বজাই বহুত নাচিলোঁ । এইবাৰ সিহঁতৰ পাল...
🖋️ৰীতা গোৱালা
প্ৰধান শিক্ষয়িত্ৰী, ডুলিয়াবাম চাহ বাগিচা প্ৰাথমিক বিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ