স্বামী বিবেকানন্দই কৈছিল, "যি শিক্ষাই ছাত্রক শাৰীৰিক , মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰিব পাৰে, তাকেহে প্ৰকৃত শিক্ষা বুলিব পাৰি |" অৰ্থাৎ, শাৰীৰিক আৰু মানসিক এই দুই দিশৰ বিকাশৰ বাবেই আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন |
মুল বিষয়টি উপস্থাপনৰ আগতে মই 'আধ্যাত্মিকতা' ৰ বিষয়ে ছাত্র-ছাত্রীক তথা পাঠক সমাজৰ আগত কিছু কথা ব্যক্ত কৰিব বিচাৰিছো | অসমীয়া অভিধানৰ মতে, " 'আধ্যাত্মিক' শব্দৰ অৰ্থ হ'ল 'আত্মা সম্বন্ধীয় বা ব্ৰক্ষ্ম বিষয়ক' | ' আধ্যাত্মিক ' - যাক আত্ম জ্ঞান ব্ৰক্ষ্ম জ্ঞান বোলা হয় | এজন ব্যক্তিয়ে নিজ আত্মাক বুজিব পাৰিলে তাক আত্ম জ্ঞান বোলা হয় | ইয়েই আধ্যাত্মিক জগতৰ দুৱাৰডলি | জীৱশ্ৰেষ্ঠ মানুহে বাহ্যিক জগতত ভক্তিৰে কৰ্ম কৰিলে অতীন্দ্ৰিয় জ্ঞান লাভ হয় | আনহাতে, ভাৰতীয় দৰ্শনত ত্যাগ আৰু সমন্বয়ৰ ওপৰত বিশেষভাবে গুৰুত্ব প্ৰদান কৰা হয় | ত্যাগ জগতৰ ডাঙৰ কৰ্ম | যোগ আৰু উপাসনাকে মাধ্যম হিচাপে লৈ ভগৱানক একান্ত মনে পূজাসেৱা কৰি আত্মশৰীৰ, পৰম আত্মাক উচৰ্গা কৰিব লাগে আৰু এইটোৱেই নৱপ্ৰজন্মৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু | নৱপ্ৰজন্মৰ ছাত্র-ছাত্রীসকলৰ নৈতিক চৰিত্র গঠনত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন | মনত ধৰ্ম ভাৱ ৰাখি কৰ্ম কৰিলে ভগৱানে কৰ্ম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু পৰম আনন্দ বা সুখানুভূতি দান কৰে | অৰ্থাৎ, ব্যক্তি স্বৰ্গসুখ প্ৰাপ্তি হয় | শ্ৰী কৃষ্ণই ভাগৱত গীতাত উল্লেখ কৰিছে কৰিছে যে এই পাৰ্থিৱ জগতখন দুখৰ ঘৰ আৰু খন্তেকীয়া | ইয়াৰ মাজতে মিলি থাকিব পৰাতোহে আচল কথা |
শাৰীৰিক ৰোগমুক্ত কৰিবলৈ যিদৰে চিকিৎসা বিজ্ঞানত চিকিৎসকৰ প্ৰয়োজন আছে ঠিক সেইদৰে আমাৰ সমাজত সঘনে সংঘটিত হৈ থকা কুসংস্কাৰ, ব্যভিচাৰ আৰু দুষ্কৃতি নাশ কৰিবলৈ সমাজ বিজ্ঞানীৰ প্ৰয়োজন আহি পৰিছে | ধৰ্মৰ বৈজ্ঞানিক দিশ বুজি সমাজৰ বাবে কাম লোকক সমাজ বিজ্ঞানী বোলা হয় | এই সমাজ বিজ্ঞানীজনো নৱপ্ৰজন্মৰে এজন | সেয়েহে নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন আছে | আমি আৱেগৰ দ্বাৰা পৰিচালিত হোৱাতকৈ বিবেকৰ দ্বাৰাহে পৰিচালিত হোৱা উচিত | বিবেকে আত্মাক নিমন্ত্ৰণ কৰে | আইনষ্টাইনে কৈছিল যে, "বিজ্ঞানবিহীন ধৰ্ম খোৰা আৰু ধৰ্মবিহীন বিজ্ঞান কণা |" গতিকে, বিজ্ঞানতো ধৰ্মৰ প্ৰয়োজন |
নৱপ্ৰজন্মৰ যুৱ-উচ্ছৃংখলতাৰ বাবে দায়ী কোন? নৱপ্ৰজন্মৰ নৈতিক স্খলনৰ বাবে দায়ী কোন? এই সকলোবোৰৰ বাবে দায়ী যুৱকসকল আৰু অভিভাৱকসকলৰ লগতে সমানে দায়ী বাহ্যিকতা | এই বাহ্যিকতা আধ্যাত্মিকতাৰ দ্বাৰাই খণ্ডন কৰিব পৰা যায় | গতিকে কোৱা হয় যে,
"আপুনি আপোনাৰ মিত্র,
আপুনি আপোনাৰ শত্রু,
আপুনি আপোনাক ৰাখে নে মাৰে একান্ত নিজৰ কথা |"
অৰ্থাৎ, যেতিয়া মনত সৎ সংকল্প উদয় হয়, তেতিয়া আত্মা নিজৰ মিত্র হয় | যেতিয়া অসৎ সংকল্পৰ উদয় হয় তেতিয়া আত্মা নিজৰ শত্রু হয় | গতিকে, মন সদায়েই মূৰ্খ, পাপী আৰু অধম নহয় |
🖋️অবিনাশ বড়া
আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্র আমগুৰি শাখা সাহিত্য সভাৰ সহ: সাধাৰণ সম্পাদক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ