নুমলীগড় পিঠালি পুখুৰীৰ ৰহস্য উদঘাটন (খণ্ড-০১)

©Admin
0
নুমলীগড় এখন ইতিহাস প্ৰসিদ্ধ ঠাই ৷ গতিকে নুমলীগড়ত এনে বহুতো গুৰুত্বপূৰ্ণ ঠাই আছে যিবোৰ ঠাইৰ বহুতো ইতিহাস নাইবা ৰহস্যময় কাহিনী আছে যি এতিয়াও ভেদ হোৱা নাই হোৱা নাই ৷ আজি মই তেনে এখন ঠাইৰ কথা শুনাম , যিখন ঠাই ৰহস্যময় কাহিনীৰে ভৰা ৷ এই ৰহস্যময় ঠাইখনৰ নাম হ'ল নুমলীগড় পিঠালি পুখুৰী , এইখন ঠাই নুমলীগড় চাহবাগিছাৰ দক্ষিণ দিশৰ সেউজীয়া চাহনিৰ  মধ্যাংশত অৱস্থিত ৷
ঠাইখনত এটা বৃহৎ পুখুৰী এটা আছে যি বৰ্তমান বেছিভাগ অংশ বিলঙনি আৰু বননিৰে ঢাক খাই আছে ৷ স্থানীয় বয়োজ্যেষ্ঠ সকলৰ মতে পিঠালি পুখুৰী এটা সময়ত ধনশ্ৰী নৈৰ সৈতে সংলগ্ন আছ’ কিন্তু সময় চক্ৰৰ লগতে এই পুখুৰী ধনশ্ৰী নদীৰ পৰা বিছিন্ন হ'ল , আৰু সেই দিন দুৰ নাই যেতিয়া পিঠালি পুখুৰী আকৌ ধনশ্ৰী নদীৰ সৈতে পুনঃ সংলগ্ন হব ৷ তাৰ প্ৰমাণ দিয়ে বাগিচাৰ মধ্য ভাগত সৃষ্টি হোৱা এটা দ আৰু বহল জুৰি , এই নতুনকৈ সৃষ্টি হোৱা জুৰিটি প্ৰতিবছৰে গৰা খহাই আহিছে যাৰ ফলত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ক খহাই নিলে এই জুৰিটিয়ে , ঠিক তেনেকৈ এদিন নুমলীগড় চাহবাগিছাৰ ৰাইজৰ যথেষ্ট লোকচান সাধি ঘৰ দুৱাৰ আদি ভা্ঙি ধনশ্ৰী নৈ আৰু পিঠালি পুখুৰীৰ মিলন হব ৷ আৰু এইক্ষেত্ৰত সহায় কৰিব নতুনকৈ সৃষ্টি হোৱা জুৰিটিয়ে ৷ 
যিয়ে নহওক কিয় এয়া আছিল ভৱিষ্যতৰ কথা ৷ যদি সময় থাকোতে পদক্ষেপ গ্ৰহণ কৰা যায় তেন্তে নিশ্চয় এই ধংসৰ পৰা পৰিত্ৰাণ পোৱা যাব ৷
পিঠালি পুখুৰীৰ পাৰতে এজোপা প্ৰকাণ্ড আঁহত গছ আছে , গছটোৰ অনুমানিক বয়স তিনিশৰ পৰা চাৰিশ বছৰ ৷
এই পিঠালি পুখুৰীত সৰ্বসাধাৰণ ৰাইজে পূৰ্বৰে পৰাই পৱিত্ৰ স্থান হিচাপে মান্যতা দি , নিজৰ দুখ পীড়া আদিৰপৰা ৰক্ষা পাবলৈ আদিৰে পৰাই পূজা অৰ্চনা কৰি আহিছে ৷
স্থানীয় লোকৰ মতে এই পিঠালি পুখুৰীত শ্ৰদ্ধা মনে বন্তি এগছি আৰু তামোল পাণ এযোৰ  আগ ধৰিলে সকলো মনোকামনা পূৰ্ণ হয় বুলি জন বিশ্বাস আছে ৷
পিঠালি পুখুৰীৰ বিষয়ে এটা জনপ্ৰবাদ বা কাহিনী আছে , সেই বিষয়ে অন্য এটা খণ্ডত উল্লেখ কৰিম ৷
                     আগলৈ

📝দুলাল ৰবিদাস
                    


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)