কোনোবা দূৰৈত শুনা পাওঁ অতীতৰ মধুৰ দিনবোৰ

©Admin
0


অতীতৰ সেই মধুৰ দিনবোৰে,
মোক আজিও আমনি কৰে ৷
ক’ৰবাত যেন হেৰাই গ’ল ,
সেই সপোন সপোন লগা ,
সোণোৱালী মধুৰ দিনবোৰ ৷
মিনিট বাগৰি ঘণ্টা হ’ল ,
ঘণ্টা বাগৰি দিন হ’ল ,
দিনৰ পিছত মাহ ,
মাহ পিছত বছৰ ৷
গণনা কৰি শেষ হ’লেও ,
সেই সপোন সপোন লগা ,
সোণোৱালী স্মৃতিবোৰৰ পমখেদি ,
মই যেন আজিও হেৰাই যাব খোজো ,
সেই পখিলা খেদা দিনবোৰৰ স্মৃতিৰ মাজত  ,
লগৰীয়াৰ সৈতে লুকা- ভাকু খেলা দিনবোৰ,
চাৰ - বাইদেউ সকলৰ হাঁহি সনা মুখখন ,
আকৌ যদি ঘুৰাই পোৱা হ’লে ৷
স্কুলত অকনমান বস্তু এটাকে ,
কিমানেযে মিলিজুলি খাওঁ ,
সেইবোৰ ভাবিলেই দেখোন ,
আনন্দেৰে ভৰি যায়  মনবোৰ ,
সেই সপোন সপোন লগা  সময়  কথা ৷
কোনো কৃত্ৰিমতা নথকা বন্ধুত্বৰ ,
মৰমৰ এনাজৰীডালে আজিও দেখোন ,
সেই স্মৃতিবোৰ কথাই ৰিঙিয়াই মাতে ৷

দেৱশ্ৰী ওজা বৰা
কলাবাৰী বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)