পুহুছিলোঁ মনত কত নিযুত সপোন ।।
কোনেনো জানিছিল এটি অদৃশ্যই প্ৰথিৱীক কৰিব বঞ্চনা।
কাঢ়িব সহস্ৰজনৰ বুকুৰ আপোন।।
নিৰুপায় হলো, স্তৱদ্ধ হলো ,আছোঁ আৰু শেষ হবলৈ।
শৰীৰ আৰু আত্মাৰ মাজত ছিঙিলে বান্ধোন।
পাৰিম জানো ধৰাক এটি মাত্ৰা দিবলৈ।।
কিন্তু কিয় বাৰু ইমানবোৰ এনে যন্ত্ৰণা।
যত বিচাৰিও নাপাওঁ অকণো শান্তনা।।
ভাবিছিলোঁ এই শতিকাতে প্ৰাণ পাব।
মোৰ বিশ বছৰীয়া আধা জীৱনী।
যত আছে কুৰিটা বছৰৰ কুৰিটা কাহিনী।।
কিন্তু এতিয়া যেন সকলো স্তবদ্ধ হৈ ৰল।
কুৰি বছৰীয়া জীৱনটি যেন যতি পৰিব হল।।
🖋️জ্ঞানদ্বীপ বৰুৱা।।
ঠিকনা- খনিকৰ, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ