বাঘেৰে হাল বোৱা খেতিয়কৰ কাহিনী

©Admin
0
বহু হাজাৰ বছৰৰ আগৰ কথা ।অসম নেপাল সীমাত এখন গাওঁ আছিল ৷ সেই গাৱঁতে এজন অতি পৰিশ্ৰমী খেতিয়ক আছিল ৷ খেতিয়কজন বৰ দুখীয়া আছিল কিন্তু তাৰ বহু বিঘা খেতি উপযোগী  মাটি আছিল কিন্তু কি হ'ব খেতিয়ক বেচেৰা ইমানেই দুখীয়া আছিল হাল বাবলৈ গৰু এহালকে যোগাৰ কৰিব পৰা নাছিল ৷
খেতিয়কে মানুহৰ ঘৰত হাজিৰা কাম বিচাৰি যায় কিন্তু মানুহে তাক এই বুলি খেদি পঠিয়াই যে সৰু জাতিৰ মানুহ তঁহক দেখাটোৱেই পাপ কাম দিয়াটো দুৰৰ কথা ৷
এদিনাখনৰ কথা ঘৈণীয়েকে ক'লে 
দেৱ সন্তান দুটি আজি ভোকতে শুই আছে শীঘ্ৰে কিবা ব্যৱস্থা কৰক এনেকৈ মোৰ সন্তান ভোকে লঘোনে থাকিলে মোৰ হিয়াখন বৰকৈ বিষাই " 
খেতিয়কে পানী এগিলাচ পি লৈ ক'লে 
" মোক বৰ দুখ লাগে , কিন্তু কি কৰিম কোনেও মোক কাম নিদিয়ে সৰু জাতিৰ বুলি অপমান কৰি খেদি দিয়ে আনহাতে খেতিৰ মাটি থাকোতেও গৰু হালৰ অভাৱত খেতি কৰিব নোৱাৰিছো , এতিয়া তুমিয়েই কোৱা কি কৰিম ? "
ঘৈণীয়েকে ক'লে
যেতিয়া কোনো পথ দৃষ্টিপাত নহয় তেতিয়া ইশ্বৰে একমাত্ৰ আশাৰ বন্তি গতিকে আপুনি মা কালিক সাধনা কৰক , মোৰ দৃঢ় বিশ্বাস আছে মা কালিয়ে নিশ্চয় আমাৰ দৰিদ্ৰতা দূৰ কৰিব "
খেতিয়কে ক'লে
তুমি ঠিকেই কৈছা , ঠিক আছে মই আজিৰ পৰাই মাক সন্তুষ্ট কৰিবলৈ অৰ্ধৰাত্ৰি শ্মশানত গৈ কালি দেৱীৰ সাধনা কৰিম "
কথামতেই কাম আৰম্ভ হ'ল ৷
এনেদৰে তিনি পক্ষৰ পাছত অমাবস্যাৰ ৰাতি কালি দেৱীয়ে খেতিয়কৰ সাধনাত সন্তুষ্ট হৈ বৰদান হিচাপে দুটা বাঘ দি ক'লে 
" এই দুটা বাঘেৰে হাল বাই খেতি কৰিলে খেতি লহপহীয়া হ'ব ' 
খেতিয়ক বৰ উৎসাহী মনেৰে বাঘেৰে হাল বাই খেতি কৰিবলৈ আৰম্ভ কৰিলে ৷ 
লাহে লাহে খেতিয়কৰ জীৱনত সুখৰ আবিৰ্ভাৱ হ'ল ৷ যিখন ঘৰৰ লোকে দুমুঠি দুবেলাৰ কাৰণে হাহাকাৰ কৰিছিল সেই খন ঘৰত নিতৌ এতিয়া ভোজৰ আয়োজন হৈছে ৷ বাঘেৰে হাল বাই খেতিয়ক ঘৰ ধানে ধনেৰে নদনবদন হৈ উঠিল ৷ এই কথা এতিয়া গাঁৱৰ চোকে-কোণে ভাইৰাছৰ দৰে বিয়পি পৰিল ৷ এদিনাখনৰ কথা অন্য দিনৰ দৰে সিদিনাও খেতিয়কে ভোজমেল পাতিছে ৷ ভোজ খাবলৈ দুজন কপটি ব্ৰাহ্মণ আহিছিল ৷ ভোজ খাই থকা সময়ত দুয়ো কথা পাতিছে ক নামৰ ব্ৰাহ্মণে ক'লে 
" মিত্ৰ দেখিছ' এই সৰু জাতিৰ মানুহ আজি গাওঁখনৰ জমিনদাৰ ৷ যিয়ে এটা সময়ত আমাৰ আগত ভিক্ষা কৰিছিল সেই মানুহ আজি ভোজমেল পাতিছে ইয়াত নিশ্চয় কিবা ৰহস্য লুকাই আছে "
খ নামৰ ব্ৰাহ্মণে ক’লে
"তুমি ঠিকেই ধৰিছা মিত্ৰ , শুনিছো এই খেতিয়কজনে বাঘেৰে হাল বাই বৰ আচৰিত যেন নালাগে "
ক নামৰ ব্ৰাহ্মণে ক’লে 
" হয় মিত্ৰ এই খেতিয়কে নিশ্চয় কিবা মায়া বিদ্যা জানে , সেই কাৰণে বাঘ যি মানুহক দেখিলেই খেদি আহে তেনেধৰণৰ হিংস্ৰ জন্তুৰ দ্বাৰা হালবাই খেতি কৰি মহাজন হোৱা এয়া সৰু কথা নহয় "
খ নামৰ ব্ৰাহ্মণে হয়ভৰ দি ক’লে
" মিত্ৰ ঠিকেই কৈছা এই কথা ৰজাক জনোৱা টো উচিত "
ক নামৰ ব্ৰাহ্মণটোৱে বহাৰপৰা উঠি ক’লে
"তেন্তে বলা এতিয়া পলম কৰাটো অনুচিত হ'ব " 
খ নামৰ ব্ৰাহ্মণটোৱেও উঠি যাবলৈ ওলাল দুয়োগৈ খেতিয়কে বাঘেৰে হালবাই খেতি কৰা কাহিনী ৰজাৰ আজত শুনালে ৷
ৰজাই ক’লে 
" ঠিক আছে মই নিজেই খেতিয়কৰ ঘৰলৈ যাম আৰু নিজ চকুৰে চাইহে পদক্ষেপ লম এতিয়া আপোনালোকে গমন কৰক "
দ্বিতীয় দিনা পালি পহৰীয়া লৈ ৰজা খেতিয়কৰ ঘৰ ওলাল গৈ ৷ খেতিয়কে ৰজাক আতিথ্য কৰি ক’লে 
" মহাৰাজ কওক আপোনাৰ আগমনৰ কাৰণটো ? "
ৰজাই তাক বাঘেৰে হালবোৱা কথাটো ক’লে 
"এইয়া কি সঁচা ? "
খেতিয়কে হয় বুলি মূৰ লৰালে ৷
ৰজাই সুধিলে 
বাৰু তোমাক অকণমানো ভয় সংশয় নালাগে নে বাঘক লৈ হাল বাই থাকোতে "
খেতিয়কে ক’লে
" মহাৰাজ মা কালীৰ আশীৰ্বাদৰ ফলাফল এইয়া নহলে মই এজন তুচ্ছ মনুষ্য , মোৰনো নিজস্ব কি শক্তি আছে আপুনি স্বয়ং দেখিছেই "
ৰজাই ক’লে 
" খেতি কৰাটো ভাল কথা কিন্তু গৰুৰ ঠাইত বাঘক লৈ হালবোৱাটো অতি ভয়ংকৰ আৰু দুৰ্দান্ত কাৰ্য , গতিকে মই তোমাক গৰু দুহাল দিম তুমি বাঘেৰে হালবোৱা 
বন্ধ কৰা "
খেতিয়ক ৰজাৰ কথা মানি নোলোৱাত ৷ ৰজাই খেতিয়কক ৰাজদ্ৰোহী ঘোষণা কৰি মৃত্যু দণ্ড দিবলৈ আদেশ দিলে আৰু  সুধিলে 
" তোমাৰ অন্তিম ইচ্ছা কি ? "
খেতিয়কে কালী দেৱীক স্মৰণ কৰি ক’লে 
" মহাৰাজ মোৰ অন্তিম এইয়াই যে মই মোৰ সন্তানৰ সন্তানক চাইহে মৰিব বিচাৰো "
ৰজাই নভবা নিচিন্তাকৈ ক’লে
" ঠিক আছে এইয়াই হ'ব "
কিন্তু পাছত খেতিয়কৰ বুদ্ধি আৰু চতুৰালিৰ কথা বুজি পাই অতি সন্তুষ্ট হৈ ক’লে 
" তোমাৰ বুদ্ধি আৰু চতুৰালিত মই মুগ্ধ হ"লো গতিকে তোমাক মই মৃত্যু দণ্ড নিদিওঁ কিন্তু এতিয়াৰ পৰাই তুমি মোৰ খেতিবাতি চোৱাচিতা কৰিব লাগিব তাৰ মই উচিত মূল্য দিম , এতিয়া কোৱা তুমি  মঞ্জুৰ আছানে ? " 
খেতিয়কে শেষত মান্তি হ'ল আৰু ৰজা ঘৰতো বাঘেৰে হালবাই খেতি কৰিবলৈ আৰম্ভ কৰিলে ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)