দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি-০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা ...

দক্ষিণ কামৰূপত প্রথমে কত যাত্রাদল প্রতিষ্ঠা হৈছিল তাক আমিবোৰে একে আষাৰতে ক'ব নোৱাৰো | আমি অনুসন্ধান কৰি গম পোৱা তথ্টমতে ১৯০৩ চনত পলাশবাপী যাত্রাপাৰ্টী আৰু ১৯০৭ চনত সদিলাপুৰ যাত্রাপাৰ্টী গঠন হয় | কোনো কোনোৰ মতে ১৯১৩ চনত আমৰাঙ্গা খৰাপাৰা গাঁৱৰ প্রয়াত মঞ্জয় চৌধুৰী , প্রায়ত নবীন ঠাকুৰীয়া মহাদন লগ লাগি চতুৰ্ভূজ খৰাপাৰা অপেৰা যাত্রাপাৰ্টী গঠন কৰে | যি নহওক সেই সময়ত প্রতি গাঁৱতে নাটক একোখন বছেৰেকীয়া গাঁৱলীয়া সভাবোৰত কৰা নিয়ম আছিল | তেনে নাটক এখন কৰাটো প্রতি গাঁৱৰে কৰ্তব্যৰ দৰে আছিল | সেই সময়চোৱাত স্ত্রী চৰিত্রবোৰ বহু দিনলৈ পুৰুষেই ৰূপায়ন কৰি আছিল | মঞ্চত হ'ব লগীয়া যুদ্ধবোৰৰ স'তে বাদ্যযন্ত্রৰে দিছিল | মঞ্চত বাজি উঠিছিল কৰ্ণেটৰ ভয়ংকৰ গৰ্জন | খোলা মঞ্চত পৰি যোৱা অস্ত্র- শস্ত্র , কাপোৰ কানি এজন সাধাৰণ লোকে বুটলি লৈ গৈছিল | তেওঁ মঞ্চলৈ অহাৰ লগে লহে এটি ধেমেলীয়া পৰিবেশৰ  সৃষ্টি হৈছিল | মঞ্চৰ আগত বহা সৰু লৰা ছোৱালীবোৰে কিৰিলিপাৰি তেওঁক জোকাইছিল | সেই সময়ত দৰ্শকে যাত্রা শেষ নোহোৱালৈকে ঘৰলৈ যোৱা নাছিল | অভিনেতা অভিনেত্রীক উচাহ দ্বলৈ দৰ্শকে নিদে মঞ্চলৈ গৈ অভিনেতা অভিনেত্রীক পুৰস্কাৰ দিছিল | কেতিয়াহা মেডেল, কেতিয়াবা ২টকা, ৫টকা অথবা ১০ টকা | পুৰস্কাৰ দিয়াটোও সেই সময়ত গৌৰৱৰ বিষয় আছিল | বহু অভিনেতাই অভাৱ অনাটনত জৰ্জৰিত হৈও ইখনৰ পিছত সিখন নাটক কৰিছিল | এইবোৰ কথা ভাবিলে আজি আচৰিত লাগে | শ্রদ্ধাত তেওঁলোকলৈ শিৰ নত হৈ যায় | বালিচৰত তেওঁলোকে যেন সময়ৰ খোজ থৈ গ'ল | এই খোজ কালে মচিব নোৱাৰে | 
      বৰ্তমানৰ যাত্রাদল তাহানিৰ যাত্রাদলৰ দৰে নহয় | অত্যাধুনিক আলোক সজ্জা অভিনৱ সাজসজ্জা , আধুনিক কলাভঙ্গী ,পাশ্চাত্য আৰ্হিৰ নতুন কলা কৌশল , ইলেকট্রনিক চাউণ্ড চিষ্টেম, এল,চি,ডি আদি সমাহাৰেৰে আৰম্ভ হৈছে আজিৰ যাত্রাদল | তাহানিৰ নাটৰৰ বিবেক গানৰ পৰিবৰ্তে হিন্দী চিনেমাৰ আদপ কায়দাত নাট্যকাৰে ৰচিছে নাটকৰ সংলাপৰ লগত গীত | কাৰণ ৰোমাঢ্চৰে ভৰা গীত নাথাকিলে আজিৰ দৰ্শকে নাটক নাচায় | অত্যাধুনিক সাজ-সজ্জাৰে আজিৰ মঞ্চ সজা হয় | মঞ্চত দৃশ্যসমূহক আগোৱাই নিবৰ বাবে বহুকেইখন আঁৰকাপোৰ ব্যৱহাৰ কৰা হয় | এই আঁৰ কাপোৰবোৰ মঞ্চত কৌশলেৰে সংযোগ কৰা হয় | তাৰমানে উইংচ | স্কাই লগতে এপ্রন ব্যৱহাৰ নকৰিলে বৰ্তমানৰ নাটক সমূহৰ আনন্দই নাথাকিব | আধুনিক নাটকৰ মঞ্চত এইবোৰেই হ'ল মুখ্যত অলংকাৰ | মঞ্চৰ তিনিওটা চাইদ এনেদৰে কাপোৰেৰে আবৃত কৰা হয় যাতে দৰ্শকে সন্মুখৰ ফালচোহে মঞ্চৰ দৃশ্যসজ্জা বা কাৰিকৰী কৌশল দেখা পায় |

   আগলৈ••

   🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)