অনাহুত (অণুগল্প)

©Admin
0

যোৱা এবছৰে কচু, পচলা, পাচলিৰ বাকলি, পেলনীয়া খাদ্য, দানা আদি কষ্ট কৰি খুৱাই মেলি প্ৰতিপালন কৰা গাহৰিটো বিক্ৰী কৰি পোৱা টকাৰ এটা অংশৰে আশাই বহু দিনৰ হেঁপাহৰ সোণৰ ফুলি এযোৰ বনাই আনি প্ৰথমবাৰৰ বাবে তাইৰ বান্ধৱী  জয়াৰ বায়েকৰ বিয়ালৈ পিন্ধি যাওঁতে শেৱালী পেহীয়ে তাইৰ কাণৰ লটিটোত হাত ফুৰাই “তোৰ ফুলিযোৰ সোণৰ দৰে জিলিকিছে!!!” বুলি কোৱাত ৰাংঢালি ছোৱালীজনীৰ মনটো সেমেকি উঠিল!! (সমাপ্ত)

শিৱানী বৰুৱা
মকৰং ফুলনি গাঁও গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)