নুনিগছৰ খাদ্য আৰু ঔষধি গুণ

©Admin
0

 
অসমীয়াত নুনিগছ বুলি কােৱা হয়। নুনি গছৰ পাত, পাট পলুৱে ( Bombyx mori) খায়  আৰু সেই পলুৰ খােলাৰ পৰাই পাট সূতা উৎপাদন কৰে বুলি সকলােৱেই জানে , কিন্তু আজি অকল সূতাৰ বিষয়ে লিখিবলৈ লােৱা নাই।
   নুনি গছৰ পাত, পাতৰ ৰস, গছৰ গুটি, গা-ছালৰ  ৰস আদি বহু পুৰণি দিনৰ পৰাই মানুহে খাইছিল । এই  নুনি গছৰ ফল, পাত আদিৰ বহুত ওষধি গুণ আছে বুলি বহুজন Doctor,  Expert, Scientist  এ   অধ্যয়ন কৰিছে । এই নুনি গছৰ বহু ঔষধি  গুণ আছে 
বুলি সৰ্ব্বসাধাৰণ সকলাে মানুহ জ্ঞাত নহয়, কিন্তু আগৰে পৰাই পৃথিবীৰ বহু কেইখন দেশে আন ফল খােৱাদি খায় আৰু পাত শাক হিচাবে খায়।
➡️ সতেজ নুনি বা মালবেৰিত ৮৮ %পানী, কেলৰি, ১.৭% আহঁযুক্ত পদাৰ্থ, ১.৪% প্ৰটিন,০.৪১ % চৰ্বী  থাকে ।
➡️ নুনিত আইৰণ, ভিটামিন-C, ভিটামিন E & K আৰু পটাছিয়াম থাকে।
➡️নুনিত থকা Anthocyanin  এ কলেচতেৰল আৰু হৃদৰােগ প্ৰতিৰােধত সহায় কৰে  । Rutin নামৰ শক্তিশালী এন্টিঅক্সিদেণ্ট কেনচাৰ আৰু দাইবেটিচৰ ৰােগ নিৰাময়ৰ বাবে ভাল কাৰক বুলি অধ্যয়ন কৰিছে । মাইৰিচেটিন নামৰ  এবিধ যৌগ কিছুমান কেনচাৰৰ কাৰণে ভাল বুলি দাবী কৰিছে। তাৰােপৰি ফেটি লিভাৰ ৰােগ প্ৰতিৰােধ আৰু তেজত থকা শৰ্কৰা কমাই ৰাখিব পাৰে । নুনি গুটি পুৰণি দিনৰ পৰাই চীনত Herbal Medicine হিচাবে  দেহ  দুৰ্বল হােৱা  ৰােগত  ব্যৱহাৰ কৰি আহিছে । ছবিত দিয়া নুনি গছৰ ফলৰ সোৱাদযুক্ত ,  বৰ মিঠা। Dr. OZ নিউত্ৰিচনিষ্ট  বিশেষজ্ঞ ই কৈছে যে , গুটিয়ে দাইবেতিচ ৰোগ কমোৱাত সহায় কৰে আৰু তেজত থকা শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্রণ কৰি থাকে । ##Morus alba , বগা গুটিৰ নুনিৰ ফল সোৱাদভৰা হয় । নুনি  পকিলে  কিছুমান ৰঙা আৰু অতি ৰঙাৰ   ৰঙৰ হয়  ।
নুনি গছত থকা DNJ কাৰণে শৰ্কৰাৰ পৰিমাণ কমায়  ৰাখিব পাৰি ।

খাদ্য হিচাবে : নুনি পাতৰ পৰা চাহৰ নিচিনাকৈ প্ৰস্তুত কৰি খাব পাৰি  আৰু বহু কেইখন এচিয়াৰ দেশসমূহত খায় । কেচাঁ নুনিগুটি  খােৱাতাে  শৰীৰৰ কাৰণে বেয়া । ভাৰতত নুনি গুটিৰ লগত মিহলাই ৰচম, সাম্ভাৰ, চালাদ আদি বনাই খায় । পাতৰ ৰস খালে শৰীৰৰ কাৰণে ভাল  বুলি কয় । কুমলীয়া নুনি পাতেৰে পকৰা  আদি বনায় খাবলৈ ভাল ।
নুনিৰ পকা গুটি খাবলৈ বৰ সােৱাদ আৰু প্ৰায়বােৰ দেশে ব্ৰেড, মাফিনচ, পাইচ, জাম , মদ আৰু Ice cream আদিও বনায়।মিক্স চালাদত দিয়ে আৰু মানুহৰ বৰ প্ৰিয় খাদ্য হিচাবে ব্যৱহৃত হৈছে। কাৰ্বি আংলঙৰ ফালে  মাংসৰ লগত কুমলীয়া নুনি পাত দি ভাজি খায় ( Indian silk)

Mulberry  benefits for skin : Mulberry as an antioxidant. Mulberries contain anthocyanins,  plant antioxidants that protect the body from free radicals.It is been treated  as a fruits for anti-aging ,which is , why some use it in a attempt to achieve youthful wrinkle free skin.
  Mulberry tree  are on nearly every continent and have a long history of Food use, as well as preventing diseases. Traditional medicinal used for mulberries including treating diseases of mouth, throat  and lungs, strengthening bone tissue,protecting vision, improving metabolosm, increasing blood circulation and acting as a treatment for decentry and a digestive aid.
DR.MERCOLA (Take control of youth articles): Mulberries may  have the potential to increase beneficial brown fat via natural plant compound called rutin, which has  shown potential for lowering obesity in lab animal.
Reduce cancer risk
:
Increase stress in your body has been shown to introduce oxidative damage in cells and tissues,which is associated with increased cancer risk.
 For hundreds of years, mulberries have been part of traditional chinese medicine as a remeady against cancer.
 নুনি পাতৰ ৰস খালে ডিঙিৰ সুৰসুৰণি ভাল হয় । শিপাৰ ৰস খালে পেলু ,কৃমি আদি মৰে।
 কিছুমান দেশত অকল  খাবৰ বাবেই  নুনি গছ  টাবত খেতি কৰে ।  এই লিখনিতি চমুকৈ লিখাৰ উদ্দ্যেশ্য হ'ল সহজতে পােৱা গছজােপা স্বাস্থ্যৰ বাবে উপকাৰী আৰু আমি Herbal  Mdeicine হিচাবে গ্ৰহণ কৰিব পাৰো।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)