পৃথিৱীৰ বোজা কঢ়িয়াই ফুৰা প্ৰতিজনী নাৰীৰ কিমান কষ্ট হ'ব পাৰে। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰো নহয় হিচাপ কৰিব পৰাকৈ, প্ৰতিটো সন্তান জন্ম দিয়াৰ প্ৰতিবাৰ প্ৰসৱ বেদনাত ভুগে এগৰাকী মাতৃয়ে। তেন্তে হিচাপ কৰক এতিয়ালৈকে কিমান মাতৃয়ে কিমান সন্তান জন্ম দিলে। সন্তানটি গৰ্ভত থিতাপি লোৱাৰ পৰা জন্ম দিয়াৰ শেষ মুহূৰ্ত্তলৈকে কিমান কষ্ট ভোগে, কিমান সহ্য কৰে এইখিনি ভাবিবলৈ কেইটামান মুহুৰ্ত আপোনালোকলৈ এৰিলো। কাৰণ আপুনি এতিয়া ভাবিব পৰা হ'ল। ইয়াৰ পাছতো সন্তানটি জনা বুজা হোৱালৈকে এগৰাকী মাতৃয়ে কিমান কষ্ট কৰে.......... নাৰীৰ সেই দুখ, কষ্ট, সহ্য আদিবোৰ ব্যক্ত কৰিবলৈ জীয়া পৱিত্ৰ শব্দৰ অভাৱ।অথচ.....................................
সেয়েহে আপুনি এজন পুত্ৰ হিচাপে, স্বামী হিচাপে, ভ্ৰাতৃ হিচাপে নাৰীক বুজিবলৈ চেষ্টা কৰক। নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল হওক,সুখ দুখৰ সমভাগী হওক,সুখ আৰু আনন্দেৰে ভৰাই তোলক প্ৰতিগৰাকী নাৰীৰ জীৱন। কৃতজ্ঞতাৰ ঋণ পৰিশোধ কৰিবলৈ টকা বিচাৰি হাবাথুৰি খোৱাতকৈ নাৰী নামৰ জাতিটোক মাত্ৰ বুজিবলৈ চেষ্টা কৰক। এয়াই নাৰীৰ বাবে যথাসৰ্বস্ব।
📝 পংখী মৰাণ
তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ