"কি কৈছে আপুনি এইবোৰ!!"
"সঁচাকৈ কৈছো।তোমাৰ বাক ভালপাই পেলাইছো মই।তাইও যে মোক ভালপায় সেই কথা বুজো মই।কিন্তু কিবা এটা ভয়ে তাইক মোৰ প্ৰতি আগবাঢ়ি অহাত ৰখাই থৈছে।কি সেই ভয় মই এতিয়াও ধৰিব পৰা নাই।"
"আপুনি যে বাক ভালপাই বায়ে গম পাই নে?"
"ডকুমেণ্টৰী কাম শেষ কৰি তাইক ভালদৰে প্ৰপ'জ দিম বুলি ভাবি থৈছিলো । কিন্তু কালিৰ সেই ঘটনাটোৰ পিছত তাই সম্পূৰ্ণ সুস্থ নোহোৱালৈকে তাইক একো জানিবলৈ নিদিওঁ।"
গৌৰীয়ে আচৰিত হৈ প্ৰানজিতৰ ফালে চাই থাকিল।চকুৰ আগতেই দেখি থাকিও সিহঁতৰ মনোভাৱ একেবাৰেই ধৰিব নোৱাৰিলে তাই। কিন্তু মানসিকভাৱে অসুস্থ বুলি জানিও প্ৰানজিতে পৰ্ণাক ভালপাই থাকিব পাৰিবনে!যদি এই ভালপোৱাই বিবাহৰ ৰূপ লয় তেন্তে সেয়া কেনেদৰে গ্ৰহণ কৰিব প্ৰানজিতৰ পৰিয়ালে!!নাই তাই পৰ্ণাৰ জীৱনত আৰু দুখ নিবিচাৰে আৰু পখী বাক তাই কি উত্তৰ দিব!পখীক কেনেকৈ ক'ব যে তাইৰ বায়েকক প্ৰানজিতে ভালপায়।Ohh god!!এইবিলাক কি হ'বলৈ গৈ আছে।কেনেকৈ মুখামুখি হ'ব তাই এই মুহূৰ্তবোৰৰ।যি কি নহওক,এটি নতুন অনাকাংক্ষিত কাহিনীৰ মুখামুখি হ'বলৈ গৌৰীয়ে নিজকে সাজু কৰি ল'লে।
পৰ্ণাই বহুসময় ধৰি বিছনাতে পৰি আছে ।ক'তো যাবলৈও মন নাই;কাৰো লগত কথা পাতিব লৈয়ো মন নোযোৱা হৈছে তাইৰ।মাকে বাৰেপতি তাইৰ ৰুমলৈ আহি বিছনাৰ পৰা উঠি আহিবলৈ কৈ যায়হি।গৌৰীয়েও কালিৰে পৰা তাইক এৰি একমুহুৰ্তও থকা নাই।পিছত পৰ্ণাই তাইক জোৰ কৰি পঠাওতেহে তাই অফিচলৈ ওলাই গ'ল।ম'বাইলটো চাওঁতে স্ক্ৰীণত প্ৰানজিতৰ কেবাটাও মিছডকল দেখা পালে।ম'বাইলটো থৈ তাই চকুকেইটা মুদি দিলে।অকলশৰীয়া তাইৰ এই জীৱনত আৰু কাকো সাঙুৰী ল'ব খোজা নাই তাই।কম বুলি ভাবি থকা বহু কথাই তাই মনৰ মাজতে সামৰি ৰাখিলে।তেনেতে মাক আহি তাইৰ ওচৰত বহি ল'লেহি।
"কিমান আৰু ৰুমতে সোমাই থাকিবি।ব'ল মাজনী অলপ বাহিৰলৈ।"
"নাই মা,এনেকৈয়ে থাকি ভাল লাগিছে চোন।"
"বেছিকৈ গা বেয়া লাগিছে নেকি?"
"নাই লগা মা।"বুলি কৈ তাই মাকক সাৱটি মাকৰ বুকুত সোমাই পৰিল।মনটো কিবা ভাল নহয় তাইৰ।
"পৰ্ণা,প্ৰানজিত আহিছে তোক লগ পাবলৈ।যা অলপ কথা পাতি আহ তাৰ লগত।মনটোও ভাল লাগিব।"
"কিয় আহিছে তেওঁ?যোৱা তেওঁক পঠিয়াই দিয়াগৈ।তেওঁক লগ পাবলৈ মোৰ অলপো মন নাই।"
"কিয় এনেকুৱা কৰিছ' পৰ্ণা?সি তোৰ সকলো কথা জানিও তোৰ ওচৰলৈ আহিছে।সকলো কৈছে সি মোক।সি তোক বহুত ভালপায়।"
"কিন্তু মা!!সকলো জানিও সি মোক সঁচা অন্তৰেৰে আকোঁৱালি ল'ব পাৰিবনে?তাৰ পৰিয়ালৰ বাকী সকলোৱে পাৰিবনে?"
"শুন মাজনী।যদি তাৰ ভালপোৱা তোৰ প্ৰতি সত্য তেন্তে তাক তোৰ পৰা কোনো আঁতৰাব নোৱাৰে।সি তাৰ পৰিয়ালক বুজাব।সি হেনো মাক-দেউতাকক ইতিমধ্যে তোৰ সকলো কথা কৈছেই।তাৰ মাক-দেউতাকে তেওঁলোকৰ ঘৰৰ বোৱাৰী কেনেকুৱা পৰিয়ালৰ সেইটো নাচায়,মাত্ৰ ল'ৰাৰ সুখৰ লগতে ছোৱালীজনী ভাল হোৱাটো বিচাৰে।"
"মা,অতীতৰ সেই ঘটনাবোৰে মোক এতিয়াও আমনি কৰে।আমাৰ দুখ-কষ্ট বোৰ মনত পৰিলে নতুনকৈ একো ভাবিবলৈ মনে নকয়।"
"মাজনী,অতীতত যি হৈ গ'ল সেয়া ভাগ্যৰ দুৰ্বিপাক।আমাৰ কপালত তেনেকুৱা হ'ব লগা আছিল কাৰণে তেনে হ'ল।তাত তোৰ একো ভূল নাই।কিন্তু তই এতিয়া সেইবোৰ পাহৰি নতুনক আদৰি ল'বলৈ শিক।সুখবোৰ যদি তোৰ দুৱাৰডলিত আছে তেন্তে সোমাই অহাত বাধা কিয় দিছ'?ভগৱানে সুযোগ বাৰে বাৰে নিদিয়ে।নতুনক আদৰি লোৱাত তোৰ কিবা আপত্তি আছে?"
মাকৰ কথাত পৰ্ণা মনে মনে ৰ'ল।এনে নহয় যে তাই প্ৰানজিতক ভাল নাপায়।তাইও ভালপায়।আকাৰে ইঙ্গিতে প্ৰানজিতে কেইবাবাৰো সুধাৰ পিছতো তাই মৌন হৈ ৰৈছিল।প্ৰানজিতৰ লগত কটোৱা সময়বোৰে তাইৰ অন্তৰত নতুন অনুভূতিৰ সৃষ্টি কৰিছিল।সেই অনুভূতিয়েই যে ভালপোৱা বুলি জানিও তাই তাৰ পৰা পলাবলৈ বিচাৰিছিল।তাইৰ ভয় হৈছিল ; যেতিয়া প্ৰানজিতৰ লগত তাইৰ বিয়া হৈ যাব তেতিয়া তাইৰ নতুন পৰিয়ালে তাইক বা কেনেদৰে আদৰি ল'ব!নতুন পৰিয়ালটোৱে তাইৰ পৰিয়ালৰ সত্যক কিদৰে বা স্বীকাৰ কৰিব!
মাধৱী বৰুৱাই তাইক নি প্ৰানজিতৰ সন্মুখত বহুৱাই দিলেগৈ।এই মুহুৰ্তত দুয়ো একেলগে কথা পতাটো খুবেই জৰুৰী।পৰ্ণাই তলমূৰ কৰি তাৰ মুখৰ আগত বহি থাকিল।মাকে দুয়োকে কথা পাতিবলৈ দি ওলাই যোৱা পিছত প্ৰানজিতে ক'লে,"কি হ'ল!একো নোকোৱা নেকি?"
"কি ক'ম!আপুনিতো সকলোকে সকলো কথা কৈ শেষেই কৰিলে।"
"ক'লে কি হ'ব।আচল মানুহৰ পৰা উত্তৰেই পোৱা নাইচোন।"
"উত্তৰ দিবলৈ চিধা চিধিকৈ প্ৰশ্নও সুধিব লাগিব নহয়।"
"আচ্ছা কথা সেইটোহে মানে।ঠিক আছে,আজি প্ৰশ্নটো সুধিয়েই দিওঁ তেনেহ'লে।পৰ্ণা বৰুৱা,মই তোমাক বহুত ভালপাওঁ।তোমাৰ জীৱনৰ সুখ-দুখৰ প্ৰতিটো ক্ষণৰ লগৰী হৈ, সাহস হৈ,নিৰাপত্তা হৈ থাকিব বিচাৰো।তুমিও মোক তোমাৰ জীৱনত বিচাৰানে?"প্ৰানজিতে পৰ্ণাৰ হাত দুখন ধৰি সুধিলে।
পৰ্ণাই চলচলীয়া চকুৰে লাজত ৰঙা-চিঙা হৈ উত্তৰ দিলে,"অ'কে প্ৰানজিত চৌধুৰী,মইও আপোনাক বহুত ভালপাওঁ।থাকিব বিচাৰো গোটেই জীৱন আপোনাৰ কাষত।"
সিহঁতৰ জীৱনৰ সেই মধুৰ ক্ষণৰ সাক্ষী হৈ ৰৈছিল মাধৱী বৰুৱা।পৰ্দাৰ আঁৰেৰে চাই ৰৈছিল তেওঁ সুখত জিলিকি উঠা পৰ্ণাৰ মুখখনিলৈ চাই।প্ৰানজিতৰ চকুত পৰ্ণাৰ প্ৰতি মৰম,বিশ্বাস দেখা পাইছিল তেওঁ;যিটো দেখা পাইছিল বহু বছৰৰ আগতেই ৰবীন বৰুৱাৰ চকুত।আনন্দতে তেওঁৰ চকুলো বাগৰি আহিছিল।এই সকলোবোৰ কথা গৌৰীক ফোন কৰি জনাম ভাবোতেই গৌৰী ঘৰ আহি সোমাল।গৌৰীক দেখি প্ৰানজিতে মিচিকিয়া হাঁহিৰে মাত লগালে,"খুলশালী,আহিলা।"
"খুলশালী!!!বায়ে আপোনাক এতিয়াও একো কোৱা নাই,গতিকে মোক খুলশালী বনোৱাৰ কথা নভবাই ভাল হ'ব নেকি।"
"হা হা...এতিয়া তুমি বাক ঘৰৰ পৰা বিয়া দিয়াৰহে যো-জা কৰাগৈ বুজিছা।মা আৰু বাৰ সন্মতি পালোৱেই যেতিয়া তোমাৰ সন্মতিও নাপাম নে?"
"সন্মতি দিয়া মানে!!!!"
গৌৰী আৰু প্ৰানজিতৰ কথা শুনি মাধৱী বৰুৱাও ওলাই আহিল।মাকহঁতক দেখি গৌৰীয়ে ক'লে," মা,বা,এইবোৰ কি?কি কৈছে প্ৰানজিত দাই?"
"যি শুনিছ' শুদ্ধই শুনিছ'।আচলতে কি জান' গৌৰী প্ৰানজিতৰ অন্তৰত যিমান সাহস আৰু বিশ্বাস আছে সেয়া হয়তো মোৰ মাজতো নাই।জীৱনত যুঁজিবলৈ আৰু জীয়াই থাকিবলৈ সাহসৰ প্ৰয়োজন।সেই সাহস কেৱল শৰীৰৰ নহয় মনৰো লাগিব।অকলশৰীয়াকৈ থাকিলেই যে সকলো সমস্যাৰ সমাধান হ'ব তেনে নহয়।নতুন চিন্তা আৰু নতুন উদ্যমেৰে জীৱনত আগবাঢ়িবলৈ মই সাজু হৈছো।এই সকলো আজি প্ৰানজিত দাৰ বাবেই সম্ভৱ হৈছে।গৌৰী তইও মোক এইদৰে সদায় আগবাঢ়ি যোৱাত সহায় কৰি যাবি নে আগৰ দৰেই??"পৰ্ণাই ক'লে।
"বা...এনেকৈ কিয় কৈছ'?মই সদায় তোৰ লগত আছো আৰু আজি তোৰ এই সিদ্ধান্ত শুনি মই সঁচাই সুখী।আফটাৰঅল মই ভিনদেউ পাইছো আৰু ভিনিয়ে তেওঁৰএকমাত্ৰ খুলশালী পাইছে।"
দূৰণিৰ ক'ৰবাত নামঘৰত ডবা কোবোৱাৰ শব্দ শুনিবলৈ পোৱা গ'ল।আগন্তুক দিনবোৰ ভাল হোৱাৰ আশা কৰি চাৰিও মনতে একেলগে ভগৱানৰ আশীষ বিচাৰিলে। তাৰপিছত চাহ আৰু মিঠাই লৈ চাৰিও একেলগে বহুদিনৰ মূৰত বহিল।তাৰ লগে লগে গৌৰীৰো চিন্তা বাঢ়িল। কেনেকৈ এইবোৰ খবৰ পখীক জনাব!!
(আগলৈ...)
🖋️গৌৰাংগিনী নেওগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ