দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি-০৫

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা..
     অতীতৰ বেছিভাগ নাটকেই আছিল সম্পাদিত | তাৰ ভিতৰত কাল্পনিক নাটকৰ সনংখ্যাই আছিল বেছি | সেই সময়ত দক্ষিণ কামৰূপত কোনো নাট্যকাৰৰে পৰিচয় পোৱা নাযায় | যাত্রা দলবোৰৰ যিসমূহ নাটক প্রযোজক সকলে সংগ্রহ কৰিছিল সেইবিলাকৰ বেছি ভাগেই বঙালী নাটকৰ পৰা অনুবাদ তৰা আছিল | বুৰঞ্জীমুলক নাটকৰ লগতে মুছলমান নাটকৰ কাহিনী সম্বলিত নাটক যাত্রাদলবোৰে মঞ্চস্থ কৰিছিল | সম্পাদিত নাট সমূহত নাট্যকাৰ সকলৰ নাম পোৱা নগৈছিল | বৰ্তমান আধুনিক নাটকত পূৰ্বৰ নাটকৰ সকলো পৰম্পৰা ভঙ্গ হৈছে | আধুনিক নাটকৰ কিছুমান বৈশিষ্ট হ'ল....এই নাটকসমূহত নাট্যকাৰৰ নাম পোৱা যায় | আমি জানিব পৰা মতে নাট্যকাৰ দিলিপ দাস, ভবেশ গাস , পৱন মহন্ত, গোপেশ চৌধুৰী, মাধৱ দাস, হীৰেণ কলিতা, ৰোহিনী মহন্ত , সপোন কুমাৰ, জয়ন্ত ঠাকুৰীয়া আদি | নাট্যকাৰৰ নাটকে আধুনিক আধুনিক নাটকৰ এটা নতুন ধাৰা দৰ্শকৰ মাজলৈ কঢ়িয়াই নিছে | একবিংশ শতিকাৰ এইসকল নাট্যকাৰৰ অসমীয়া নাট্য পৰম্পৰাই পাশ্চাত্য ৰূপ-ৰসেৰে সমৃদ্ধ হৈ নতুন ৰূপত জিলিকি উঠিছে | অসমৰ যাত্রা নাট্য জগতত এক নতুন যুগৰ সূচনা কৰিছে | অসমৰ নাট্যপৰম্পৰা অধিক শক্তিশালী কৰাৰ বাবে এই সকল সদায় শ্রদ্ধেয় | অৰ্থাত যেতিয়াই এখন নাটক দৰ্শকে হৃদয়েৰে আকোৱালী লয় তেতিয়াই নাটক এখন ভাল নাটক হয় | এই নাটক দৰ্শকৰ বাবে স্থায়ী হৈ ৰয় |
      আজি কালিৰ যাত্রাদলৰ উদ্দেশ্যই হল ব্যৱসায় | দৰ্শকৰ মনোৰঞ্জনৰ বাবে নাটত ব্যৱহৃত হৈছে শব্দযন্ত্রী বিভাগ | য'ত উচ্চমানৰ মিক্সাৰ বৰ্ড আৰু মনিটৰৰ সহায়ত শব্দ অৰ্থাত সংলাপ উচ্চমানৰ বিশিষ্ট তকি তোলা হৈছে | মঞ্চত উচ্চমানৰ ডিমাৰ , বোডি , প্রজেক্টৰৰ সহায়ত দৃশ্যবিলাক দেখুওৱা হৈছে ফ্লাড লাইটত | আগলৈ..

     📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)