ভাদ মাহ

Rinku Rajowar
0
বছৰটোলৈ বুলি চাউলমুঠিৰ বাবে পথাৰডৰা শুৱনি কৰি অসমৰ গঞাঁ ৰাইজে নাঙল-যুৱঁলি পখালি আজৰি হয় মানেই ভাদৰ উকমুকনি।
ক'বলৈ গ'লে  অসমৰ আধ্যাত্মিক সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময়খিনিয়েই হৈছে ভাদ মাহ।
ইংৰাজী আগষ্ট - ছেপ্টেম্বৰ মাহৰ মাজৰ এই সময়ছোৱাত পথাৰমুখী কামৰ পৰা কিছু আজৰি হৈ অসমীয়া সমাজখন ব্যস্ত হৈ পৰে আধ্যাত্মিক ক্ষেত্ৰ খনিৰ সৰ্বোচ্চ পীঠস্থান স্বৰূপ *নামঘৰৰ* সৈতে।।
শ্ৰীমন্ত শঙ্কৰদেৱ-শ্ৰী শ্ৰী মাধৱদেৱৰ মহতোত্তম ধৰ্মাদৰ্শৰ আধাৰত পৰিচালিত নামঘৰ কেন্দ্ৰীক সমাজখন এই ভাদ মাহতে কৃষ্ণ উপাসনাৰ সৈতে অধিক  সক্ৰিয় ভাৱে জড়িত হৈ পৰে।।
হাজাৰ হাজাৰ নামঘৰত খোল-তাল-ডবা-নেগেৰাৰে  নাম অমৃতৰ শ্ৰৱণ কীৰ্ত্তনৰ হেতু লক্ষ লক্ষ পুৰুষ মহিলা, শিশু-যুৱ একত্ৰিত হোৱাৰ সৰ্বোত্তম সময় ভাদ মাহ।।
চাৰি প্ৰহৰৰ প্ৰসঙ্গ, খোল প্ৰসঙ্গ, পাঠ প্ৰসঙ্গ, দিহানাম আদিৰে গুঞ্জৰিত হৈ পৰে গাঁও-চহৰৰ প্ৰতিটো নামঘৰ। তাতে পৰম উপাস্য দেৱ পুৰুষোত্তম বাসুদেৱৰ আৱিৰ্ভাৱ হৈছিল এই মাহতে। মুঠতে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ ক্ষেত্ৰখনিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য মাহ হৈছে এই ভাদ মাহ।
          জাতি-বৰ্ণ, ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে লৈ এক উদাৰ সাম্যবাদী সমাজ গঢ়াৰ বাবে গুৰুজনাই কৰা প্ৰচেষ্টা এই সময়ছোৱাত স্পষ্টকৈ প্ৰতিফলন ঘটে প্ৰতিটো নামঘৰৰ মজিয়াত।।
ৰাম - কৃষ্ণ নামৰ কৰ্ষনৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি,, জেষ্ঠ - কনিষ্ঠৰ মিলনৰ দ্বাৰা সামাজিক প্ৰগতি সাধন তথা সমন্বয়ৰ সেঁতু শক্তিশালী হোৱাৰ সোণালী ক্ষণ এই মাহটি।
            মাহজোৰা সাধনাৰ ফলত সৃষ্টি হয় নতুন নতুন সম্পদৰ,,,, ন ন সম্ভাৱনাৰ। তাৰ সৈতে আমাৰ প্ৰজন্মক জড়িত কৰোৱাৰ হেতু আমি সকলোৱে আগবাঢ়ি অহাটো অতীৱ প্ৰয়োজন । যাউতিযুগীয়া নামঘৰ কেন্দ্ৰীক সংস্কৃতিৰ সমল গীত, বাদ্য, ভাওনা সবাহ, নাম প্ৰসঙ্গ আদিবোৰৰ চৰ্চা, সংৰক্ষণ তথা প্ৰসাৰৰ সৈতে  আমাৰ প্ৰজন্মক জড়িত কৰাৰ হেতু সুযোগ গ্ৰহণৰ উত্তম সময় এই মাহটোৱে।
ব্যক্তিৰ নৈতিক, আধ্যাত্মিক বিকাশ আৰু প্ৰগতিৰ আখৰাস্থলীও এই সময়খিনি,, এই মাহটো। 
             অপসংস্কৃতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা সামাজিক সম্পদৰ সামূহিক উন্নয়নৰ বাবে এক সুলভ পদ্ধতি হৈছে আমাৰ নামঘৰ মুখী যাত্ৰা। তাৰ ভাগীদাৰ হোৱাৰো সুন্দৰ সময় এইয়াই,,,, ।
পেৰাত সোমাই থকা আমাৰ জাতীয় জীৱনৰ স্বাভিমান স্বৰূপ পোছাকযোৰ পুনৰ গাত লৈ আমি একত্ৰিত হোৱাৰ সুযোগ পাম এই সময়ছোৱাত। তাক সদ্ব্যৱহাৰৰ বাবে সকলোৱে আগবাঢ়ো আহক,,,,,, 
নিজৰ প্ৰাসাদোপম ঘৰ সমূহৰ দৰেই অসমৰ বৰঘৰ স্বৰূপ নামঘৰ সমূহ জাকত জিলিকা কৰি তুলিবৰ বাবেও সকলোৱে সহযোগিতা আগবঢ়াও আহক,,
তেনে আহ্বানৰে ভাদৰ প্ৰাকক্ষণত নামঘৰ কেন্দ্ৰীক সমাজখনৰ প্ৰতিগৰাকী অংশীদাৰীৰ প্ৰতি আগবঢ়াইছো আন্তৰিক সেৱা আৰু প্ৰণিপাত।
আমাৰ নিৱেদন
                   
নামঘৰলৈ যাও আহক
   
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম

✍🏻 কৃষ্ণ কিংকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)