দিপ্তীৰ ইতিমধ্য চাৰিটা কেম থেৰাপী হৈ গৈছে । শেহতীয়াকৈ কৰা চি টি ইস্কেন পৰীক্ষাৰ ফলাফল চাই ডাক্তৰ সীমাই ফাইলত লিখিছে 'গুদ ৰেচপেনটেচ ' । চি এ 125 ৰ ৰিজাল্ট 60 । টাটা লৈ যোৱাৰ আগতে গুৱাহাটীত চি এ 125 ৰ ৰিজাল্ট আছিল 1465 । পাছঁ দিনৰ পাছত টাটাত টেষ্ট কৰোতে ওলাইছিল
1570 । বাঢ়ি গৈছিল ভীষণ ভাবে ।
আৰম্ভণিতে ৰামানুজৰ এইবোৰ শব্দৰ লগত একো চিনাকি নাছিল । তাৰ চিনাকী আছিল শিক্ষাৰ লগত জড়িত শব্দৰ লগত । জ্ঞান, বোধ প্ৰয়োগ কৌশল এইবোৰ আছিল তাৰ চিনাকী শব্দ । সি বুজালে ছাত্ৰ ছাত্ৰীয়ে সহজে ভয়চ , নেৰেচন বুজি পাইছিল । সি টেনচ্ শিকাইছিল খুব ভালকৈ ।
-চি এ 125 মানে কিনো ?
-একো বিশেষ ভাবিব লগা কথা নহয় । তেজত চি এ 125 থাকেই । ই যেনেকৈ বাঢ়ে তেনেকৈ কমে , ভাল ট্ৰিটমেন্ট পালেই হ'ল ।
ডাঙৰ লৰা অৰিন্দমে কৈছিল তাক ।
-কিমান থাকিব লাগে সুস্থ মানুহৰ শৰীৰত ? ৰামানুজে আকৌ সুধিছিল পুতেকক ।
-মহিলাৰ শৰীৰত 45 ৰ পৰা 70 ভিতৰতে থাকিব লাগে ।
সেইদিনা সি ৰিপোৰ্টটো হাতত লৈ যেতিয়া দেখিলে চি এ 125 ৰ পৰিমাণ 60 লৈ নামিছে সি দৌৰ মাৰি আহি দিপ্তীক কৈছিল ,
- ইউ আৰ লাকী ওৱান । একো চিন্তা নাই । ভাল হৈ গলাই ।
দিপ্তীযে তাৰ মুখলৈ চাই ম্লান হাঁহি এটা মাৰিছিল । জীৱনৰ প্ৰতিটো ঘটনাকে এতিয়া সহজ ভাবে লব পৰা হৈছে তাই । যিটো শব্দ সিহঁতে শুনিবলৈ ইচছা কৰা নাছিল বা শুনিলেও ভয় খাইছিল সেই শব্দটোৱেই এতিয়া এখন কোবাল নৈ হৈ তাইক উটুৱাই নি আছে । কোনটো পাৰ তাইৰ লক্ষ্য সেই সিদ্ধান্ত লব পৰা অবস্থাত তাই নাই । সোতে যেনি নি আছে সেই ফালেই তাই গৈ আছে ।
হাঁহি টোৰে যেন তাইৰ কৈছে , এই ধুনীয়া পৃথিৱী খন এৰি , তোমাক অকলে এৰি মোৰ অকণো মৰিবৰ মন যোৱা নাই । কিন্তু ...........
এই পাছঁ মাহত কেঞ্চাৰ ৰোগটোৰ বিষয়ে যথেষ্ট কথা শিকিলে ৰামানুজে । সেই অভিজ্ঞতাৰে সি তাইক বুজাইছিল । ষ্টেজ ফৰৰ কেঞ্চাৰ ৰোগী হিচাপে তাইৰ যিখিনি ডেভলপ হৈছে সেয়া নিতান্তই ভাল লক্ষণ ।
চি এ 125 ৰ ৰিপৰ্ট ৰ ওপৰত চকু দিয়েই ডাক্তৰ সুজিত গুপ্তাই তাক কৈছিল 'তুম খুচ নচিব হো ' ।
কেঞ্চাৰ ৰোগীৰ অভিভাৱকক ডাক্তৰে কেতিয়াও তেনেকৈ নকয । সেয়ে ৰামানুজে দৃঢ়তাৰে দিপ্তীক সান্ত্বনা দিব পাৰিছিল ।
আজৰি সময়ত সিহঁত ইয়াতেই বহি থাকে । যন্ত্ৰণাত কেকাঁই থকা মানুহ বোৰলৈ দেখুৱাই দিপ্তীযে কয় ,
- চোৱা চোন এই মানুহ বোৰৰ অবস্হা মোতকৈও বেয়া ।
কেতিয়াবা নিজে ঠাই উলিয়াই আনক বহিবলৈ দিবলৈ চেষ্টা কৰে ।
মানুহজনীয়ে লাহে লাহে বহুত কথা বুজি পোৱা হৈছিল । বহু কথা কৈছিল ।
- এই যে মানুহ বোৰ ঘূৰি ফুৰিছে , বজাৰ কৰিছে কাৰ ভিতৰত এই মাৰাত্মক ব্যাধিয়ে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে কোনেওতো নাজানে ।
দাৰ্শনিকৰ দৰে কৈছিল দিপ্তীযে ।
-তুমি জানো ভাবি ছিলা ই তোমাৰ গৰ্ভত বাহঁ লৈছে বুলি ? ৰামানুজে কৈছিল ।
দীপশিখা ৰ কোঠাত কেতিয়াবা দিপ্তীযে হঠাতে কৈছিল প্ৰনব বৰ্মনৰ ''মাখন ভিনদেউ কেঞ্চাৰ হৈছে আপোনাৰ '' কবিতাটো গাবলৈ ।কবিতা টো গাবলৈ ৰামানুজৰ ভাল লগা নাছিল ।এসময়ত এই কবিতাটো সি খুব গাইছিল । শেষৰ ফালে তাৰ কণ্ঠ ৰুদ্ধ হৈ গৈছিল । তথাপিও সি কবিতাটো ভাল পাইছিল । দিপ্তীযে তাক কবিতাটো গাবলৈ হাক দিছিল । আৰু এতিয়া তাই কবিতাটো শুনিবলৈ ইচ্ছা কৰে কিন্তু ৰামানুজৰ ভাল নালাগে ।
ৰামানুজে ফাইল জমা কৰি আহিছে ।দুই বজাৰ পাছত ডাক্তৰক লগ কৰিব পাৰিব । কেন্টিনত চাহ আৰু কেক খাই আহি ইয়াতে বহি আছে ।
---------আগলৈ -------
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ