অসমৰ কৃষি ইয়াৰ কৰণীয় আৰু ব্ৰেণ্ড এম্বেচাদৰৰ প্ৰাসংগিকতা

©Admin
0
অসমৰ কৃষিখন্ডত ক'ভিড-১৯ বিষানুৰ প্ৰলয়ৰ সময়ত কৰণীয় কামৰ গুৰুত্ব বাঢ়ি আহিছে । সকলো ফালে বেপাৰ- বাণিজ্য, চাকৰি আদি জীৱিকা স্তব্ধ হৈ যোৱাৰ সময়ত কৃষি কৰ্মত জড়িত ব্যক্তি যথেষ্ট সাৱলিল ভাৱে জীৱন যাপন কৰা পৰিলক্ষিত হৈছে । ভাৰত তথা অসম কৃষি প্ৰধান দেশৰ গুৰুত্ব যেন, আজি সাধাৰণ ৰাইজে বুজি উঠিছে । এইটো বৰ সুন্দৰ আৰু যোগাত্মক দিশ এইযে, সততে চাকৰি মুখী যুৱ প্ৰজন্মৰ আজি কৃষিকৰ্মৰ ওপৰত ধাউতি বাঢ়িছে । কৃষি নামৰ এই বিশাল বিষয়টোত মূলতঃ খাদ্য শস্যৰ লগত সম্পৰ্কিত যদিও অন্য বহুতো ক্ষেত্ৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিৰ ভিতৰত জড়িত হৈ আছে । মৎস্যপালন, কুকুৰা, গাহৰি,গৰু, ছাগলী আদি পশুধন পালনৰ পৰা আৰম্ভ কৰি ৰেচম শিল্প লৈকে এটি বিশাল ক্ষেত্ৰ‌ কৃষিৰ অন্তৰ্গত । অসমৰ পৰম্পৰাগত শস্য মাহ, হালধি, আদাকে আদি কৰি ফলমূল যেনে‌ আমি, কঠাল, লেটেকু, নৰা বগৰী, ক'লা জামু, পনিয়ল আদিৰ খেতি কৰিও যে লাভান্বিত হ'ব পাৰি সেই কথা অসমৰ কৃষকে বুজি উঠিছে । এই ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগৰ দ্বায়িত্ব বাঢ়ি আহিছে । কৃষকক যিকোনো ক্ষেত্ৰৰ উন্নত সঁচৰ যোগান, উন্নত কৃষি ব্যৱস্থা,  মাৰিমৰক নিৰাময়ৰ ব্যৱস্থা, উন্নত আধুনিক পেকিং ব্যৱস্থাৰ উপলব্ধ কৰণ, বজাৰৰ বাবে ব্যৱস্থা, বজাৰৰ লগত কৃষকৰ সুষম সংযোগ ব্যৱস্থা, শস্য উৎপাদনৰ পৰা বজাৰলৈ যোগান আদি সকলো কাৰ্য্যৰ শিকলি সংযোগ ব্যৱস্থা, ৰপ্তানি আদিৰ সুষম সহজ ব্যৱস্থাৰ উপলব্ধি কৰণ  আদি বহুতো কৰণীয় কাৰ্য্য আছে । নতুন কৌশলী অপৰম্পৰাগত কাৰ্য্য পন্থাৰ দ্বাৰাও কিছুমান ক্ষেত্ৰৰ উন্নতি সাধন কৰিব পাৰি অথবা জনপ্ৰিয়তা বৃদ্ধি কৰিব পাৰি । যেনে ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰি কিছুমান বিশেষ ব্ৰেণ্ডৰ জনপ্ৰিয়তা বঢ়াৰ ব্যৱস্থা কৰা হয় । খেলা ধুলা, উদ্যোগ আদিৰ ক্ষেত্ৰত ইয়াক বিশেষকৈ প্ৰয়োগ কৰা দেখা যায় । এনে ক্ষেত্ৰবিলাক সাধাৰণতে বৃহৎ অৰ্থবলৰ হয় । সেইকাৰণে কোনো জনপ্ৰিয় ব্যক্তিক বৃহৎ অৰ্থৰ বিনিময়ত ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰি উক্ত ক্ষেত্ৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰা হয় । ভাৰত তথা অসমৰ কৃষিক্ষেত্ৰ আমেৰিকা আদি দেশৰ দৰে আজিকোপতি অৰ্থবলৰে বলিয়ান হোৱা নাই ।অসমৰ কৃষি মাত্ৰ এটা ব্ৰেণ্ডৰ বস্তু নহয় । এটা বিশাল বিচিত্ৰ ক্ষেত্ৰৰ সমষ্টি । সেইকাৰণে অসমৰ কৃষিক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰা সময় সমাগত হোৱা নাই । ওপৰত উল্লেখিত প্ৰাথমিক কাম বিলাকেহে কৃষি ক্ষেত্ৰৰ উন্নতি সাধন কৰিব । বৃহৎ পৰ্যায়ৰ কৃষি যেনে চাহ খেতিৰ ব্ৰেণ্ড এম্বেচাদৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । তাৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত চাহৰ ব্ৰেণ্ড নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন ।

🖋️ডঃ মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)