আজি স্বাধীনতা দিৱস, লগতে মানবৰ জন্মদিন, ব্যস্ততা পূৰ্ণ জীৱন যাত্ৰাত সি পাহৰি গৈছে আজি যে তাৰ জন্মদিন। পত্নী মানবীৰ কিন্তু ঠিকেই মনত আছে, সেয়ে গোসাঁই ঘৰত ধূপ-চাকি দি আবেলিকৈ এটা চাৰপ্ৰাইজ পাৰ্টি আয়োজনৰ বাবে মানবৰ মনিবেগৰ পৰা টকা কেইটামান লৈ বজাৰলৈ বুলি ওলাই গ'ল, উভতি আহি দেখিলে মানব বিৰাট খঙত আছে, কপালখন কোঁচাই চকুকেইটা টেলেকাকৈ মেলি মানবীক প্ৰশ্ন কৰিলে, মোৰ পাৰ্চৰ পৰা পইচা তুমি চুৰ কৰিছিলানেকি? তোমালোক মাইকী মানুহবোৰৰ এইটো স্বভাবেই মই বেয়া পাও, ফ্ৰিতে খাবলৈ দিছো, মোৰ ঘৰত থাকিবলৈ দিছো, তাৰ পিচতো বেপাৰী এটা দেখিলেই ৰ'ব নোৱাৰা, মোৰ পইচা কেইটা কেনেকৈ শেষ কৰো, তাৰ ধান্দা, ভিক্ষাৰীৰ জীয়েক পইচা দেখিলে ৰ'বই নোৱাৰে! মানবীৰ অনুভব হ'ল তাই যেন স্বাধীন দেশৰ পৰাধীন নাৰী!
✍বিজয় লক্ষ্মী বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ